সলনি হ’ল কেৰালাৰ নাম
ৰঙিলী বাৰ্ত্তাসেৱা- সলনি কৰা হৈছে কেৰালাৰ নাম। এতিয়াৰে পৰা কেৰালাক জনা যাব কেৰালাম নামেৰে ৷ কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত অনুমোদন জনায় ৷ মঙলবাৰে নতুন নাম ‘কেৰলম’ত ছীল-মোহৰ মাৰিলে কেন্দ্রীয় কেবিনেটে কেৰালাৰ নাম সলনিৰ বাবে যোৱা ২০২৩ আৰু ২০২৪ চনত দুবাৰকৈ প্ৰস্তাৱ লোৱা হৈছিল কেৰালা বিধানসভাত। সেই প্ৰস্তাৱমর্মে কেৰালাৰ বাঁওপন্থী চৰকাৰখনে কেন্দ্ৰক ৰাজ্যখনৰ নাম সলনি কৰি কেৰলম ৰখাৰ প্রস্তাৱ আগবঢ়ায়। প্রধানমন্ত্রী কাৰ্যালয়ৰ ঠিকনা ছাউথ ব্লকৰ পৰা সেৱাতীৰ্থ চৌহদলৈ যোৱাৰ পিছতে মঙলবাৰে কেন্দ্ৰীয় মন্ত্রীসভাৰ বৈঠক অনুষ্ঠিত হয়। সেই বৈঠকতেই কেৰালাৰ নতুন নামকৰণৰ প্রস্তাৱত অনুমোদন দিয়ে ভাৰত চৰকাৰে। কেৰালাৰ পিনাৰায় বিজয়ন চৰকাৰৰ আবেদন আছিল যে সকলো ভাষাতে আনকি সংবিধানৰ অষ্টম অনুসূচীতো কেৰালাৰ নাম কেৰলম কৰা হওক। কেৰালা চৰকাৰৰ প্ৰস্তাৱত নাম সলনিৰ পক্ষে যুক্তি দি কোৱা হয় যে মালায়লম ভাষাত ৰাজ্যখনৰ নাম কেৰলমেই হয়। ভাষাৰ ভিত্তিত ৰাজ্য গঠন হ’লেও সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্যৰ নাম কেৰালা ৰখা হয় বুলি সেই প্রস্তাৱত কোৱা হয়।
