এশ বছৰ পুৰণি শিলিখা গছৰ বিননি
পৰীণিতা দেৱী
লক্ষীমপুৰ , বিহপুৰীয়া
ময়েই সেই এশ বছৰ পুৰণি
শিলিখা গছ জোপা,
এই গাঁৱৰ বুকুতেই মোৰ ঘাই শিপা ।
আজু ককাৰ দিনৰ পৰাই নীৰৱে থিয় হৈ থকা এক সাক্ষী মই।
মোৰ জীৱনকালত পাৰ হৈ গ’ল
বহু দিন-ৰাতিৰ সৈতে
কেইবাটাও প্ৰজন্মৰ হাঁহি,
কান্দোন আৰু বিদায়ৰ ইতিহাস লৈ।
বহু শিশুৱে মোৰ ছাঁত খেলিছিল,
বহু যুৱকে মোৰ তলত বহি সপোন ৰচিছিল,
বহু বৃদ্ধই মোৰ গাত ভৰ দি
জীৱনৰ ক্লান্তি পাহৰি জিৰণি লৈছিল।
মই কেতিয়াও প্ৰশ্ন কৰা নাছিলোঁ
কাৰোবাৰ নাম, ধৰ্ম বা প্ৰয়োজনক লৈ
মোৰ ছাঁ সকলোৰে বাবে সমান আছিল।
বৃষ্টি আহিলে পক্ষীৰ আশ্ৰয় হৈছিলোঁ,
ৰ’দ দিলে জন্তুৰ মই আশ্ৰয় হৈছিলোঁ,
তথাপিও আজি মই যেন
এক অচিনাকী বোজা হৈ পৰিলোঁ।
এটি যন্ত্ৰৰ শব্দ ,
আৰু মোৰ এশ বছৰৰ বিশ্বাস
যেন হঠাৎ চূৰ্ণ- বিচূৰ্ণ
কোনেও মোক জানিব নিবিচাৰিলে।
মই কিমান যে স্মৃতি বহন কৰিছিলোঁ,
মোৰ এই মূলবোৰে কিমান যে দুখ শোষণ কৰিছিল।
হে ধৰিত্ৰী মা,
ইমান দিন মোক বুকুত ধৰি
মৌন ভাষাৰে সাহস দিয়া বাবে
তোমাক বহুত ধন্যবাদ।
তোমাৰ বুকুতেই মোৰ জন্ম,
তোমাৰ বুকুতেই আজি মোৰ শেষ নিশ্বাস।
যাওঁ গৈ দিয়া মই,
কিন্তু তুমি এই গাওঁ খনক ক’বা
মই কেতিয়াও বোজা নাছিলোঁ,
মই আছিলোঁ মাথোঁ
মানুহক ভালপোৱা
এজোপা নীৰৱ প্ৰাণ।
বিদায়…..
