সজাগ কলমৰ হুংকাৰ – এহিয়া আহমেদ

Pc Sam Grover

সজাগ কলমৰ হুংকাৰ

এহিয়া আহমেদ
বৰথল কছাৰীগাঁও, মৰিগাঁও

সাৰে আছে কবি, সজাগ কবিৰ কলম
শব্দবোৰে চাগে ক্ষন্তেক জিৰণি লৈছিল,
অথবা স্তব্ধ হৈছিল বিভীষিকাৰ কৰাল গ্ৰাসত!
কিন্তু আৰু নহয়;
এয়া মৌনতাৰ বেহু ফালি গৰজি উঠাৰ ক্ষণ।

যিদিনা মানৱতাৰ তপ্ত তেজেৰে ফাকু খেলে দানৱে,
যিদিনা ‘হিটলাৰী’ দম্ভই গছকি যায় আৰ্তজনৰ বুকু;
সিদিনাই জন্ম হয় একোটা বিদ্ৰোহী কবিতাৰ।
আত্যাচাৰীৰ সেই কদৰ্য হাতবোৰক কলমে ক’ব খোজে:
“তোমালোকৰ অট্টহাস্যতকৈ
আমাৰ সত্যৰ হুংকাৰ বহু বেছি তীব্ৰ।”