সজাগ কলমৰ হুংকাৰ
এহিয়া আহমেদ
বৰথল কছাৰীগাঁও, মৰিগাঁও
সাৰে আছে কবি, সজাগ কবিৰ কলম
শব্দবোৰে চাগে ক্ষন্তেক জিৰণি লৈছিল,
অথবা স্তব্ধ হৈছিল বিভীষিকাৰ কৰাল গ্ৰাসত!
কিন্তু আৰু নহয়;
এয়া মৌনতাৰ বেহু ফালি গৰজি উঠাৰ ক্ষণ।
যিদিনা মানৱতাৰ তপ্ত তেজেৰে ফাকু খেলে দানৱে,
যিদিনা ‘হিটলাৰী’ দম্ভই গছকি যায় আৰ্তজনৰ বুকু;
সিদিনাই জন্ম হয় একোটা বিদ্ৰোহী কবিতাৰ।
আত্যাচাৰীৰ সেই কদৰ্য হাতবোৰক কলমে ক’ব খোজে:
“তোমালোকৰ অট্টহাস্যতকৈ
আমাৰ সত্যৰ হুংকাৰ বহু বেছি তীব্ৰ।”
