দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান মাজুলীত উপস্থিত

দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান মাজুলীত উপস্থিত

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কমলেশ পাছোৱান আজি দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয়। মাজুলীত উপস্থিত হোৱাৰ পিছতেই তেখেতে গড়মূৰস্থিত সংহত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত গ্রামোন্নয়নৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে।

পৰৱৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে আত্মসহায়ক গোটৰ সদস্যসকল, লাখপতি বাইদেউসকল আৰু গ্ৰামোন্নয়ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অভিজ্ঞতাৰ বুজ লয়। তদুপৰি মন্ত্ৰীগৰাকীয়ে গড়মূৰ অঞ্চলত উপস্থিত হৈ পি.এম.এ.ৱাই-জি (PMAY-G) ৰ অধীনত নিৰ্মাণ কৰা গৃহসমূহ পৰিদৰ্শন কৰে আৰু ইয়াৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। ইয়াৰ উপৰিও তেখেতে ৰঙাচাহী ৰাজ্যিক ডিচপেঞ্চাৰী পৰিদৰ্শন কৰাৰ লগতে পি.এম.জি.এছ.ৱাই (PMGSY) ৰ অধীনত নিৰ্মিত মধুৰপুৰ-পুৰণিবাৰী পথটোৰো বুজ লয়। একেদৰেই গড়মূৰৰ শ্রী শ্রী পীতাম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়লৈ গৈ স্বাস্থ্য সেৱাৰ মানদণ্ড পৰীক্ষা কৰে।