ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স বিমান দুৰ্ঘটনাগ্ৰস্ত 

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স বিমান দুৰ্ঘটনাগ্ৰস্ত 

ৰঙিলী বাৰ্ত্তাসেৱা- আকৌ দুৰ্ঘটনাত পতিত হ’ল বিমান ৷ এইবাৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল এখন এয়াৰ এম্বুলেন্স ৷  ৰাঁচীৰ পৰা দিল্লীলৈ যোৱাৰ পথত সোমবাৰে সন্ধিয়া ঝাৰখণ্ডৰ চত্ৰা জিলাত দুৰ্ঘটনাত পতিত হয় এখন এয়াৰ এম্বুলেঞ্চ।দুৰ্ঘটনাৰ ফলত বিমানখনত থকা ৭গৰাকী ব্যক্তিৰে মৃত্যু হয়। ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত বিমানখন সন্ধিয়া ৭:১১ বজাত ৰাঁচী বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু সময়ৰ পিছতে চিমৰিয়াৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়।  জানিব পৰা মতে, বিমানখনত থকা আটাইকেইজন লোকৰে ইতিমধ্যে মৃত্য়ু হৈছে ৷ এই তথ্য় সদৰী কৰিছে চতৰাৰ আৰক্ষী অধীক্ষক সুমিত আগৰৱালাই ৷ ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত বিমানখনে সোমবাৰে সন্ধিয়া ৭.১১ বজাত ৰাঁচী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ৷ কিন্তু উৰণৰ কিছু সময়ৰ পিছতে বিমানখনে ৰাডাৰৰ সৈতে সম্পৰ্ক হেৰুৱাইছিল ৷ WSO কলকাতাৰ তথ্য অনুসৰি, ৰাঁচীৰ পৰা ১৩:৪১ UTC (১৯:১১ IST) বজাত বিমানখনে উৰা মাৰিছিল । আটালী অঞ্চলৰ ওচৰত ১৪:০৪ UTC (১৯:৩৪ IST) বজাত বিমানখনৰ অন্তিম যোগাযোগ ৰেকৰ্ড কৰা হৈয় । অন্তিম যোগাযোগ UKW VECC (VHF 132.25) ফ্ৰিকুৱেন্সিত ৰেকৰ্ড কৰা হৈছে । ইয়াৰ পিছতেই বাৰাণসী (VEBN) আকাশমাৰ্গত বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে । ৰাডাৰৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰা হোৱা বিমানখন ঝাৰখণ্ডৰ চতৰা জিলাৰ ছিমাৰিয়া থানা এলেকাৰ খাছিয়াতু কৰম তাণ্ড বনাঞ্চলত দুৰ্ঘটনাত পতিত হয় । চতৰাৰ উপ আয়ুক্ত কীৰ্তিশ্ৰীয়ে PTI-ক জনোৱা মতে, “এয়াৰ এম্বুলেন্সত থকা সাতজনেই দুৰ্ঘটনাত নিহত হয় । বিমানখন ৰাঁচীৰ পৰা দিল্লীলৈ গৈ আছিল ৷’’ জানিব পৰা মতে, এয়াৰ এম্বুলেন্সখনত মুঠ সাতজন লোক আছিল ৷ ইয়াৰে এজন পাইলট, এজন সহ-পাইলট, এজন নাৰ্চিং ষ্টাফ, এজন চিকিৎসক, এজন ৰোগী আৰু দুজন পৰিচাৰক আছিল ।এম্বুলেন্সখনত থকা লোককেইগৰাকী হ’ল কেপ্তেইন বিবেক বিকাশ ভগত (পাইলট),  কেপ্তেইন সৱৰাজদীপ সিং (পাইলট), সঞ্জয় কুমাৰ (ৰোগী), অৰ্চনা দেৱী (ৰোগীৰ আত্মীয়),ধীৰু কুমাৰ (ৰোগীৰ আত্মীয়),ডাঃ বিকাশ কুমাৰ গুপ্তা (চিকিৎসক),শচীন কুমাৰ মিশ্ৰ(স্বাস্থ্যকৰ্মী)। আনহাতে, ৰাঁচী বিমানবন্দৰৰ সঞ্চালকগৰাকীয়ে সংবাদ সংস্থা PTI-ক জনোৱা মতে, ‘‘এয়াৰ এম্বুলেন্সখনে ৰাডাৰৰ সৈতে যোগাযোগ বিচিন্ন হোৱাৰ পিছতেই দুৰ্ঘটনাত পতিত হয় ৷ বিমানখনত পাইলট আৰু ক্ৰুকে ধৰি সাতজন লোক আছিল । সকলোৰে মৃত্যু হৈছে । প্ৰতিকূল বতৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি অনুমান কৰা হৈছে ৷ অৱশ্যে সেয়া তদন্তৰ পিছতহে জানিব পৰা যাব ।”