সৰুসজাইত এইচডিএফচি বেংকৰ টেক-ডিজিটেল ফেক্টৰী উদ্বোধন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম ডিজিটেল বেংকিং ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে বিত্তীয় খণ্ডত ভৱিষ্যতৰ বাবে সাজু মানৱ সম্পদ গঢ়ি তোলাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে গুৱাহাটী মহানগৰীৰ সৰুসজাইত এইচডিএফচি বেংকৰ টেক আৰু ডিজিটেল ফেক্টৰী উদ্বোধন কৰে। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ‘এডভান্টেজ আছাম ২.০’ শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ ফলস্বৰূপে এইচডিএফচি বেংক লিমিটেডে এই অত্যাধুনিক সুবিধা স্থাপন কৰিছে। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গুৱাহাটীত স্থাপন কৰা এই টেক আৰু ডিজিটেল ফেক্টৰীটো চৰকাৰৰ প্রযুক্তিগতভাৱে দক্ষ আৰু ডিজিটেলভাৱে সক্ষম পেছাদাৰী সৃষ্টি কৰি ভৱিষ্যতৰ বেংক গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূর্ণ।

তেওঁ কয় যে এই সুবিধাই স্নাতকসকলক উচ্চমানৰ বেংকিং ইন্টার্নশ্বিপ আৰু উন্নত ডিজিটেল প্রশিক্ষণ দিব। ইয়াৰ জৰিয়তে দ্রুতগতিত ৰূপান্তৰিত হৈ থকা বেংকিং আৰু বিত্তীয় সেৱাৰ ক্ষেত্ৰত তেওঁলোকে প্রয়োজনীয় অত্যাধুনিক দক্ষতা লাভ কৰিব। এই পদক্ষেপে অসমৰ বিকশিত বিনিয়োগৰ পৰিৱেশ আৰু দক্ষ যুৱ শক্তিৰ সম্ভাৱনীয়তাৰ প্ৰতি আগশাৰীৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ ক্রমবর্ধমান আস্থাক প্রতিফলিত কৰিছে বুলি তেওঁ কয়। এই সুবিধা অসমত স্থাপন কৰাৰ বাবে এইচডিএফচি বেংকক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দেশৰ ভিতৰত বেংকটোৱে স্থাপন কৰা এইটো চতুর্থ কেন্দ্র। তেওঁ উল্লেখ কৰে যে এই পদক্ষেপে যুৱক-যুৱতীসকলৰ মাজত নিয়োগৰ সুবিধা বৃদ্ধি কৰাই নহয়, অসমক উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্ৰ দেশৰ ভিতৰত ফিনটেক আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্ৰত এটা উদীয়মান কেন্দ্র হিচাপেও প্রতিষ্ঠা কৰিব।

মুখ্যমন্ত্রী ড° শর্মাই লগতে কয় যে চৰকাৰ আৰু উদ্যোগপতিসকলৰ মাজত কৌশলগত সহযোগিতাই অসমৰ অৰ্থনৈতিক তথা প্রযুক্তিগত বিকাশ আৰু সামগ্রিক উন্নয়নৰ যাত্ৰাক ত্বৰান্বিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে ২০২১ৰ পৰা ২০২৫ চনলৈকে ৰাজ্যখনৰ ৪৫ শতাংশ অর্থনৈতিক বৃদ্ধিৰ তথ্যই এই কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। অনুষ্ঠানত মুখ্য সচিব ড° ৰবি কোটা, এইচডিএফচি বেংকৰ উপ-পৰিচালন সঞ্চালক কাইজাদ এম ভাৰুচা, বালিপাৰা ফাউণ্ডেচনৰ প্রতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
