কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহানৰ পৰা ১,৮১৯ কোটি টকা পুঁজিৰ অনুমোদন-পত্র গ্রহণ মুখ্যমন্ত্রীৰ

কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহানৰ পৰা ১,৮১৯ কোটি টকা পুঁজিৰ অনুমোদন-পত্র গ্রহণ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ কৃষি আৰু গ্রামোন্নয়ন খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্রীয় কৃষি আক গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কেইটাবাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰে। খানাপাৰাব জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ নবপূর্ণ অনুষ্ঠানত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড° শৰ্মাৰ হাতত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত অসমলৈ মঞ্জুৰ কৰা ১,৮১৯ কোটি টকা পুঁজিৰ অনুমোদন-পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম বীজ নিগম লিমিটেডৰ নৱনির্মিত ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে কৃষি বিভাগৰ বাবে কৃষি সাৰথি নামৰ নতুন ম’বাইল এপ্লিকেচন আৰুপঞ্চায়ত বিভাগৰ বাবে ৰুৰেল ৱান নামৰ এটা এপ মুকলি কৰে। তেওঁ লগতে আৱাস প্লাছ এপৰ সামাজিক পৰীক্ষণ মডিউলৰো শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণৰ অধীনত এক লাখ হিতাধিকাৰীৰ আনুষ্ঠানিকভাৱে গৃহ প্ৰৱেশ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত ৰাজ্যৰ আলু খেতিয়কৰ লাভ নিশ্চিত কৰিবলৈ চৰকাৰে পেপছিকো আৰু এছবিআইৰ সৈতে এক ত্রিপাক্ষিক বুজাবুজিৰ চুক্তিতো স্বাক্ষৰ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী উৎকর্ষ যোজনাৰ অধীনত ১০টা এফপিঅ’ বা এফপিচিকপুঁজিৰ চেক বিতৰণ কৰা হয়।

ইয়াৰ উপৰি এই সভাত সমাবেশী আজীৱিকা যোজনাৰ বাবে ১.৪৬ কোটি টকাৰ অনুদান, ১৫.৩৮ কোটি টকাৰ ৰিভলভিং ফাণ্ড আৰু ১০৩.৩৫ কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজিকে ধৰি মুঠ ১২০ কোটি টকাৰ পুঁজি মুকলি কৰা হয়। অনুষ্ঠানত সেতু সাৰথি আৰু জেণ্ডাৰ চেম্পিয়নসকলক সম্বর্ধনাও জনোৱা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজিৰ দিনটো অসমৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ১,৫২২ কিলোমিটাৰ ৰাস্তা আৰু ৬২খন দলং নিৰ্মাণৰ বাবে অসমলৈ ১,৮১৯ কোটি টকাৰ এক বিশাল পুঁজিৰ অনুমোদন জনাইছে। তেওঁ কয় যে ইয়াৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলত প্রায় ২,০০০টা নতুন পথ পকীকৰণ কৰা হ’ব, যাৰ নিবিদা প্ৰক্ৰিয়া কাইলৈৰ পৰাই আৰম্ভ হ’ব। অসমৰ শেহতীয়া অর্থনৈতিক স্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ভাৰতীয় ৰিজার্ভ বেংকৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি অসম আজি ভাৰতৰ আটাইতকৈ ক্ষিপ্ৰতৰ গতিত বিকাশ হোৱা ৰাজ্য। তেওঁ তথ্যসহকাৰে উল্লেখ কৰে যে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ভাৰতৰ গড় বিকাশৰ দৰ ২৯ শতাংশ হোৱাৰ বিপৰীতে অসমৰ বিকাশৰ দৰ হৈছে ৪৫ শতাংশ। মুখ্যমন্ত্রীয়ে কয় যে এই অভাবনীয় সফলতাৰ মূলতে হৈছে কৃষি আৰু উদ্যোগ খণ্ডৰ ওপৰত চৰকাৰে দিয়া বিশেষ গুৰুত্ব। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে অসমৰ চাহ শিল্পই পুনৰ বিশ্ব দৰবাৰত নিজৰ স্থিতি সবল কৰিছে। এইবাৰ অসমৰ পৰা ৪০ মিলিয়ন কেজি চাহ অধিক ৰপ্তানি কৰা হৈছে বুলি তেওঁ সদৰী কৰে। তেওঁ কয় যে বিশ্বৰ বজাৰ দখল কৰি ৰাখিবলৈ চৰকাৰে চাহ বাগিচাসমূহক লাহে লাহে চিটিচিৰপৰা অৰ্থডক্স চাহ উৎপাদনৰ দিশলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কূটনৈতিক সফলতাৰ বাবে ব্রিটেইন, ইউৰোপীয় ইউনিয়ন আৰু ডুবাইৰ সৈতে হোৱা মুক্ত বাণিজ্যিক চুক্তিৰ ফলত অসমৰ জহা চাউল, আদা, লেতেকু, নেমু আদি সামগ্ৰীয়ে কোনো অতিৰিক্ত কৰ নোহোৱাকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত স্থান পাব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে চৰকাৰে কৃষক উৎপাদক সংস্থা বা ফাৰ্মাৰ প্রডিউচাৰ কোম্পানী (এফপিচি) সমূহক শক্তিশালী কৰাৰ বাবে দুখন বিশেষ আঁচনি গ্রহণ কৰিছে। তেওঁ কয় যে চৰকাৰে ইতিমধ্যে ২৫৪টা এফপিচিক আর্থিকভাৱে সহায় কৰিছে, যাৰ ভিতৰত ৫২টা অকল মহিলাৰ দ্বাৰা পৰিচালিত। এফপিচিসমূহক উৎসাহিত কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বৰ্তমানৰ ১৫ লাখ টকাৰ ৰাজসাহায্যৰ উপৰি যদি তেওঁলোকে ভাল কাম কৰে, তেন্তে অহা বছৰ চৰকাৰে প্ৰতিটো এফপিচিক দুটা কিস্তিত ১ কোটি টকাকৈ বীজ মূলধন প্রদান কৰিব। ৫০০ কোটি টকাৰ এক বৃহৎ লক্ষ্যৰে চৰকাৰে এই এফপিচি আন্দোলনটোক আগুৱাই নিব বিচাৰে। চৰকাৰে যোৱা বছৰ ৯ লাখ মেট্রিকটন ধান ক্ৰয় কৰিছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা ন্যূনতম সমর্থন মূল্যৰ উপৰি ৰাজ্য চৰকাৰেও ২৫০ টকা অতিৰিক্তভাৱে প্ৰদান কৰিছে। চাউলৰ দৰেই সৰিয়হৰ ক্ষেত্ৰতো চৰকাৰে উপযুক্ত মূল্য দি কৃষকৰ বাবে এক নিশ্চিত বজাৰ সৃষ্টি কৰিছে। অসমে অনাগত দিনত নিজাকৈ মিঠাতেল উৎপাদন কৰি বজাৰ দখল কৰিব লাগিব, যাতে আমি বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। আলু খেতিয়কৰ সমস্যা সমাধানৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা অসমৰ কৃষকৰ উৎপাদিত আলু নষ্ট নহয়। নলবাৰীত পেপছি কোম্পানীৰ নতুন গোট স্থাপনৰ জৰিয়তে এক সুন্দৰ ব্যৱস্থা কৰা হৈছে। পেপছিয়ে কৃষকক উন্নত মানৰ বীজ দিব আৰু উৎপাদিত আলু সম্পূর্ণরূপে কোম্পানীটোৱে ক্ৰয় কৰিব। বেংকে এইক্ষেত্রত কৃষকক কেচিচি ঋণ দিব আৰু পেপছিয়ে আলু ক্ৰয় কৰি সেই মূল্য কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা দিব। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয়- বিগত ২০০ বছৰ ধৰি চাহ বাগিচাৰ শ্ৰমিকসকলে যি মাটিত বসবাস কৰি আছিল, সেই মাটিৰ ওপৰত তেওঁলোকৰ কোনো স্বত্ব নাছিল। কিন্তু বৰ্তমানৰ চৰকাৰে আইন সংশোধন কৰি এই শ্ৰমিকসকলক মাটিৰ মালিকীস্বত্ব দিয়াৰ সিদ্ধান্ত লৈছে।

অহা মার্চ মাহত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজে এই ভূমিপট্টা বিতৰণ কৰিব। ইয়াৰ ফলত প্রায় ২ লাখপৰিয়ালে সামাজিক ন্যায় লাভ কৰিব। পট্টা লাভ কৰাৰ পিছত এই শ্রমিকসকলক যাতে প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ প্ৰদানৰ বাবে পুনৰ জিঅ’ টেগিং কৰাৰ অনুমতি দিয়া হয়, তাৰ বাবে আজিৰ সভাত উপস্থিত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীক তেওঁ অনুৰোধ জনায় আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও এই দিশত সম্পূর্ণ ইতিবাচক সঁহাৰি জনায়। ৰাজ্যৰ কৃষকসকলক আধুনিক কৃষি পদ্ধতি গ্রহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ যুগত কেৱল পৰম্পৰাগত খেতিৰে আয় দুগুণ কৰা সম্ভৱ নহয়। তেওঁ কৃষকসকলক উদ্যান শস্য আৰু বাণিজ্যিক খেতিৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনায়। চৰকাৰে ড্রোন ব্যৱহাৰ কৰি সাৰ ছটিওৱা আৰু কৃষি তদাৰক কৰাৰ বাবে এফপিচিসমূহক বিশেষ ৰাজসাহায্য প্রদান কৰিব। কৃষি সম্প্ৰসাৰণ সহায়কসকল অধিক সক্রিয় হ’ব লাগিব, যাতে নতুন প্রযুক্তি কৃষকৰ পথাৰলৈ নিব পৰা যায়। চৰকাৰ, বেংক আৰু এফপিচিসমূহক একেলগে কাম কৰি অসমক এখন স্বাৱলম্বী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। এই অনুষ্ঠানত মন্ত্রী অতুল বৰা, ৰণজিৎ কুমাৰ দাস, কৃষ্ণেন্দু পাল, উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম বীজ নিগমৰ অধ্যক্ষ প্রবীণ হাজৰিকাকে ধৰি বহুকেই গৰাকী বিশিষ্ট ব্যক্তি, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী প্রমুখ্যে শীর্ষ প্রশাসনিক বিষয়ববীয়াসকল আৰু আঁচনিসমূহৰ হিতাধিকাৰীসকল উপস্থিত থাকে।