বিজেপিৰ ৮০খন আসনৰ বাবে প্ৰাৰ্থীতালিকা চূড়ান্তঃমুখ্যমন্ত্ৰী

বিজেপিৰ ৮০খন আসনৰ বাবে প্ৰাৰ্থীতালিকা চূড়ান্তঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ ৮০খন আসনৰ প্ৰাৰ্থীৰ তালিকা বিজেপিৰ চূড়ান্ত হৈ আছে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৮০খন আসনৰ প্ৰাৰ্থী তালিকা বাছনি হৈয়েই আছে। এবাৰ দিল্লীলৈ গ’লেই সেই সমষ্টিকেইটাৰ প্ৰাৰ্থী চূড়ান্ত হৈ যাব। সেইদৰে বাকী থকা সমষ্টিকেইটাৰ ক্ষেত্ৰত এনডিএৰ সহযোগী দলৰ লগত আলোচনা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই আৰু কয় যে কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস বিজেপিলৈ আহিব। আনহাতে, আনসকল কংগ্রেছী বিধায়কক বিজেপিলৈ আনি টিকট দিবলৈ স্থান নাই বুলি মুখ্যমন্ত্রী ড° শর্মাই স্পষ্ট কৰি দিয়ে। কাৰণ বিজেপিত তেওঁলোকক টিকট দিবলৈ আসন খালীয়েই নাই। তেওঁ আৰু কয় যে সোণাইৰ এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা অগপলৈ আহিব। সেইদৰে কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে বিজেপিৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কংগ্ৰেছৰ ভিতৰৰ পৰাই এই খবৰটো উলিয়াই দিছে। ছমৰীয়াত অগপ-বিজেপি কৰি কোনেও জয়লাভ কৰিব নোৱাৰে। কংগ্ৰেছৰ ভিতৰৰ পৰা টিকট দিব নিবিচৰা কোনোবাই এই খবৰটো উলিয়াই দিছে। ইপিনে, আসন্ন বিধানসভা নির্বাচনত বিহপুৰীয়া বিধানসভা সমষ্টিত ভাল প্রার্থীক দলীয় টিকট দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ভূপেন বৰাৰ নামো বিবেচনাত আছে। তেওঁ বিহপুৰীয়াৰো বিধায়ক আছিল। দুটাকৈ কাৰ্যকালৰ তেওঁ বিধায়ক আছিল। বিহপুৰীয়াৰ উপৰি তেওঁৰ নামটো ৰঙানদী সমষ্টিতো চর্চালৈ আহিব। ভূপেন বৰাৰ দিন ভাললৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কংগ্ৰেছে বিচাৰিছিল ভূপেন বৰাই যাতে বিজেপিত সন্মান নাপায়। কিন্তু আমি সন্মান দিমেই। ভূপেন বৰাক ক’ত টিকট দিব লাগে সেয়া দলে সিদ্ধান্ত লৈ থৈছে।