বাংলাদেশক ৪৬ ৰানত পৰাস্ত কৰি এছিয়া কাপ ৰাইজিং ষ্টাৰ খিতাপ দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বেংককত অনুষ্ঠিত মহিলা এছিয়া কাপৰ ৰাইজিং ষ্টাৰৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ভাৰতৰ দলে। ফাইনেল মেচত ভাৰতে বাংলাদেশৰ মহিলা দলক ৪৯ ৰানত পৰাস্ত কৰে। প্রথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ তেজল হাচাবনিচৰ অপৰাজিত ৫১ ৰান আৰু অধিনায়ক ৰাধা যাদৱে ৩৪ ৰানৰ বৰঙণি আগবঢ়ায়। বাংলাদেশৰ হৈ হাচিমা খাতুনে ৪ অভাৰত ২৫ ৰানৰ বিনিময়ত ৪টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বাংলাদেশৰ বেটাৰসকলে আৰম্ভণিৰ পৰা শ’লঠেকত পৰা পৰিলক্ষিত হয়। দলটোৰ হৈ চামিমা চুলতানাই সৰ্বাধিক ২০ ৰান কৰাৰ বাহিৰে কোনো এগৰাকী খেলুৱৈ বেছি সময় ক্ৰিজত টিকিবলৈ সক্ষম নহ’ল। ১৩৫ ৰানৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশ ১৯.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ৮৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতৰ তেজল হাচাবনিচক মেন অবদ্য মেচ বঁটা প্রদান কৰা হয়।
