ৰেচন কাৰ্ড আৰু আমাৰ যন্ত্ৰণা – কাজি শ্বাহাদত ইছলাম 

ৰেচন কাৰ্ড আৰু আমাৰ যন্ত্ৰণা
কাজি শ্বাহাদত ইছলাম 
জনিয়া, বৰপেটা 
– এজন ভুক্তভোগীৰ কলমেৰে
মই এজন সাধাৰণ মানুহ। মোৰ ঘৰ বৰপেটাত, কিন্তু বৰ্তমান পৰিয়ালৰ সৈতে গুৱাহাটীত থাকোঁ। মহানগৰীৰ একোণত সৰু এখন দোকান দি কোনোমতে দিন অতিবাহিত কৰিছোঁ। মোৰ দৰে এনে হাজাৰ হাজাৰ লোক আছে যিয়ে পেটৰ তাগিদাত নিজৰ গাঁও-ভেটি এৰি গুৱাহাটী বা অন্য চহৰত আশ্ৰয় লৈছেহি। আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আগবঢ়োৱা ৰেচন কাৰ্ডৰ সুবিধাটো এক আশীৰ্বাদস্বৰূপ। চৰকাৰী চাউল, দালি, চেনি আদিৰে আমাৰ দৰে বহু দুখীয়া পৰিয়াল উপকৃত হৈছে— ইয়াৰ বাবে চৰকাৰ সঁচাকৈয়ে শলাগৰ পাত্ৰ।
কিন্তু, বৰ্তমান এই সুবিধাটো গ্ৰহণ কৰিবলৈ যাওঁতে আমি যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেয়া ভাষাৰে বৰ্ণনা কৰা কঠিন। যিটো সময়ত আমি চহৰত হাড়ভঙা পৰিশ্ৰম কৰি এমুঠি উপাৰ্জন কৰিব লাগে, সেই সময়ত প্ৰতি মাহে ৰেচনৰ বাবে গাঁৱলৈ দৌৰিবলগীয়া হোৱাটো আমাৰ বাবে এক অসহ্যকৰ বোজা হৈ পৰিছে। আগতে ঘৰৰ যিকোনো এজন সদস্যই গৈ চহী কৰি বস্তুখিনি আনিব পাৰিছিল। কিন্তু এতিয়া প্ৰক্ৰিয়াটো অতি জটিল। প্ৰথমটো সমস্যা হ’ল আঙুলিৰ ছাপ (Biometric Fingerprint)। ইয়াৰ বাবে পৰিয়ালৰ মূল সদস্যজন গাঁৱলৈ যাবই লাগে। দ্বিতীয়তে, মাহৰ প্ৰথম ১০ তাৰিখৰ ভিতৰত বস্তুখিনি সংগ্ৰহ নকৰিলে সেই মাহৰ ৰেচন হেৰুৱাব লাগে। আৰু সকলোতকৈ ডাঙৰ ভয়টো হ’ল— যদি একেৰাহে তিনিমাহ কোনোবাই আঙুলিৰ ছাপ দিব নোৱাৰে, তেন্তে তেওঁৰ ৰেচন কাৰ্ডখন অকামিলা বা বাতিল হৈ যায়।
    চৰকাৰে আমাক সহায় কৰিবলৈ ৰেচন কাৰ্ড দিছে ঠিকেই, কিন্তু সেইখিনি আনিবলৈ যাওঁতে আমাৰ যিমানখিনি আৰ্থিক আৰু সময়ৰ লোকচান হয়, তাৰ হিচাপ বহুতে নাজানে ।
–এদিন গাঁৱলৈ যোৱা মানেই সিদিনাৰ উপাৰ্জন বন্ধ। –গুৱাহাটীৰ পৰা বৰপেটালৈ সপৰিয়ালে গৈ বস্তুখিনি আনোতে যিমান যাতায়ত খৰচ হয়, সেয়া প্ৰায়ে ৰেচনত পোৱা সামগ্ৰীৰ মূল্যতকৈ বেছি হৈ পৰে।
–ৰেচনৰ বাবে ল’ৰা-ছোৱালীক লগত লৈ যাওঁতে সিহঁতৰ স্কুলৰ ক্ষতি হয়। গোটেই বছৰটো এনেদৰে মাহে মাহে স্কুল ক্ষতি কৰিলে সিহঁতৰ ভৱিষ্যতৰ কি হ’ব?
    আমি শুনিবলৈ পাইছিলোঁ যে ‘এক দেশ এক ৰেচন কাৰ্ড’ আঁচনিৰ জৰিয়তে যি য’তেই নাথাকক কিয়, তাৰ পৰাই ৰেচন সংগ্ৰহ কৰিব পাৰিব। কিন্তু আমি গুৱাহাটীৰ ওচৰৰ দোকানত খবৰ কৰি জানিব পাৰিলোঁ যে বৰ্তমানলৈকে আমাৰ বাবে তেনে কোনো সুচল ব্যৱস্থা কাৰ্যকৰী হোৱা নাই।
    সেয়েহে, মাননীয় মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী মহোদয়ক কৰযোৰে অনুৰোধ জনাওঁ— অনুগ্ৰহ কৰি আমাৰ দৰে প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে এটা সুকীয়া বা সহজ ব্যৱস্থা কৰক। আমি যাতে বৰ্তমান থকা ঠাইতে আমাৰ ৰেচনখিনি সংগ্ৰহ কৰিব পাৰোঁ, তাৰ নিশ্চয়তা প্ৰদান কৰক। চৰকাৰৰ সদিচ্ছাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, মাত্ৰ প্ৰক্ৰিয়াটো যাতে আমাৰ দৰে দুখীয়াৰ বাবে বোজা নহৈ সঁচাকৈয়ে সহায়ক হয়, তাৰে কামনা কৰিছোঁ।