“ৰঙা বিষ এটা”
মীনাক্ষী বৰুৱা, লখিমপুৰ,ঘিলামৰা
বিষ এটা শব্দ হৈ সোমাই আহে নিৰলে
আপুনি ভবাৰ দৰে মই নহয়
মোৰ পাণ্ডুলিপিবোৰ আপোনাৰ আগত খুলি দিওঁ
হুমুনিয়াহবোৰ কিন্তু দিব নোৱাৰো
পান কৰিব পাৰোঁ ৰঙা মদাৰফুলৰ মৰ্মান্তিক বেদনা
মগ্ন মোৰ স্বপ্নবোৰ মাতাল হৈ
ভগৱানক কৈছিলো নুবুজিলে
এডাল হুল গুজি দিলে
ৰঙা বিষ এটা শব্দ হৈ সোমাই আহে নিৰলে।
