অনুপ্ৰৱেশকাৰীক সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’বঃকেন্দ্রীয় গৃহমন্ত্রী

অনুপ্ৰৱেশকাৰীক সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’বঃকেন্দ্রীয় গৃহমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাছাৰ জিলাৰ নাথানপুৰত ৬,৮৩৯ কোটি টকাৰ ভাইব্রেন্ট ভিলেজেছ-২ আঁচনিৰ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।এই প্ৰকল্পই সীমান্ত অঞ্চলৰ পৰা প্ৰব্ৰজন বন্ধ কৰাত সহায় কৰিব আৰু অনুপ্ৰৱেশ ৰোধ কৰাত সহায় কৰিব বুলি দৃঢ়তাৰে কয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । চুবুৰীয়া বাংলাদেশৰ পৰা হৈ অহা অনুপ্ৰৱেশৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিক পূর্ণ সমর্থন জনাই সীমান্তত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হুংকাৰ- সীমান্তৰ পৰা নহ’ব প্রব্রজন। কোনো কাৰণতেই অনুপ্ৰৱেশকাৰীক সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ বৰাক উপত্যকাৰ কৰিমগঞ্জ সীমান্ত অথবা ধুবুৰী সীমান্তৰে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বহু বাংলাদেশীক খেদি পঠিওৱাৰ পিছত এইবাৰ সীমান্তক লৈ কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্পষ্ট কৰাই নহয়, অনুপ্ৰৱেশকাৰীয়ে সীমান্ত পাৰ হৈ অসম অথবা ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব বুলিও স্পষ্ট ঘোষণা কৰিলে। এই অনুষ্ঠানতে প্ৰব্ৰজনকাৰীক এই হুংকাৰ দি গৃহমন্ত্রী অমিত শ্বাহে ইয়াকো স্পষ্ট কৰে যে গোপনে অসমত প্ৰৱেশ কৰা প্ৰতিজন অনুপ্ৰৱেশকাৰীক এটা এটাকৈ বিচাৰি উলিওৱা হ’ব আৰু বিতাড়ন কৰা হ’ব। বিজেপিয়ে অসমক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰাই নহয়, পুনৰ ক্ষমতালৈ আহিলে বিদেশীমুক্ত অসম কৰাই হ’ব বিজেপিৰ মূল লক্ষ্য। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাষণত কয়- কংগ্রেছে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাই নহয়, অনুপ্ৰৱেশকাৰীক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। অসম দীর্ঘদিন ধৰি প্ৰব্ৰজনৰ সমস্যাৰে জৰ্জৰিত হৈ আছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত বিগত সময়ছোৱাত কোনো পদক্ষেপেই নল’লে। কিন্তু বর্তমান বিজেপি চৰকাৰে সীমান্ত সুৰক্ষিত কৰাই নহয়, অনুপ্ৰৱেশকাৰী ৰোধৰো ব্যৱস্থা গ্ৰহণ কৰিছে।অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি আইন অনুসৰি ব্যৱস্থা গ্রহণ তথা বিতাড়নৰো পদক্ষেপ ল’ব এই চৰকাৰে। উল্লেখ্য যে প্রায় লক্ষাধিক জনতাৰ উপস্থিতিত অনুষ্ঠিত ভাইব্রেন্ট ভিলেজেছ কার্যসূচী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাষণত কয়- অসম দুটা সমস্যাৰে বিশেষভাৱে জৰ্জৰিত হৈ আছিল। এটা হ’ল অনুপ্ৰৱেশকাৰী আনটো বানপানী। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ চৰম অৱজ্ঞাৰ ফলত অনুপ্ৰৱেশকাৰীয়ে ক্ৰমাৎ অসমীয়াৰ পৰা অধিকাৰ কাঢ়ি লৈছিল। পূৰ্বৰ চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বাবে সীমান্ত মুক্ত কৰি ৰাখিছিল। কিন্তু বিজেপি চৰকাৰে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজক ৰাষ্ট্ৰৰ মূলসুঁতিৰ সৈতে একত্ৰিত কৰি সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগী ৰূপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। আনহাতে ৰাজ্যৰ বান সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কাম কৰিছে। অহা ৫ বছৰত অসম বানমুক্ত হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বৰাক উপত্যকা তথা সীমান্তৱৰ্তী জিলাসমূহৰ সকলো গাঁৱলৈ ভাৰতৰ অন্যান্য গাঁৱত উপলব্ধসমূহ প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে। সামগ্রিক উন্নয়নৰ লগতে কর্মসংস্থাপন, বিদ্যুৎ সংযোগ, শিক্ষাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়- পূৰ্বৰ চৰকাৰসমূহে বছৰ বছৰ ধৰি অসমত শাসন কৰিছিল যদিও ৰাজ্যখনৰ উন্নয়নৰ বাবে একোৱেই কৰা নাছিল। ১০ বছৰীয়া শাসন কালত কেন্দ্ৰীয় চৰকাৰে কৰা ৫০ বছৰতো পূৰ্বৰ চৰকাৰসমূহে কৰিব পৰা নাছিল। যোৱা ৫ বছৰত অসমত প্রতিদিনে ৪০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, যিটো দেশৰ ভিতৰতে সর্বোচ্চ। অসমত যোৱা সময়ছোৱাত ২৪ হাজাৰ কিলোমিটাৰৰ অধিক পথ উন্নীতকৰণ কৰা হৈছে, বহু দলং নিৰ্মাণ কৰা হৈছে আৰু আমাৰ ডাবল ইঞ্জিন চৰকাৰে বিগত ১০ বছৰত ৪খন বৃহৎ নতুন দলং অসমৰ ৰাইজক উপহাৰ দিছে। ২০১৬ চনত অসমত বিজেপি ক্ষমতালৈ অহাৰ সময়ত ৰাজ্যখনৰ দৰিদ্ৰতা আছিল ৩৭ শতাংশ। যিটো ২০২৩ চনত ১৪ শতাংশলৈ হ্রাস পায়। ২০১৩-১৪ চনত অসমৰ জনমূৰি আয় আছিল ৪৯,০০০ টকা, যিটো ২০২৪-২৫ চনত তিনিগুণ বৃদ্ধি পাই ১,৫৪,০০০ হৈছে। অসমৰ জনসাধাৰণৰ মাজত যি আস্থা ভাব জাগ্রত হৈছে সেয়া সুশাসন আৰু শান্তিৰ বাবে হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত ঔদ্যোগিক ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আহিছে। অসমে ২৭ হাজাৰ কোটি টকাৰ এটা বৃহৎ অৰ্ধ পৰিবাহী উদ্যোগ লাভকৰিছে। ইতিমধ্যে ৰাজ্যখনলৈ কেন্দ্ৰীয় চৰকাৰে পথ উন্নয়নৰ বাবে ৩০ হাজাৰ কোটি, ৰে’লৱেৰ বাবে ৯৫ হাজাৰ কোটি আৰু বিমানবন্দৰৰ বাবে ১০ হাজাৰ কোটি টকা আবণ্টন দিছে। সীমান্তৱৰ্তী প্রতিখন গাঁও দেশৰ আন গাঁৱৰ দৰে উন্নত কৰি তোলাটোৱেই কেন্দ্ৰীয় চৰকাৰৰ সংকল্প।