কইনাধৰাত অমিত শ্বাহক সাক্ষাৎ ভূপেন বৰাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহক শুক্ৰবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভূপেন বৰাই সাক্ষাৎ কৰে। গৃহমন্ত্রীগৰাকীক কৰি সাক্ষাৎ এক দীঘলীয়া বাৰ্তালাপত মিলিত হয় ভূপেন বৰা। ভূপেন বৰাৰ আগন্তুক ৰাজনৈতিক কাৰ্যপন্থা কিদৰে আগবাঢ়িব সেই সন্দর্ভত মুখ্যমন্ত্ৰীৰ উপস্থিতিত চলা এই আলোচনাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাও উপস্থিত থাকে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি যথেষ্ট সুখী হোৱা ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত কয়- ৩২ বছৰে যি সন্মান কংগ্ৰেছত পোৱা নাছিলোঁ, বিজেপিত ৩২ ঘণ্টাতে পালোঁ।

মই মুখ্যমন্ত্রী ড° শর্মাক ধন্যবাদ দিছোঁ- তেওঁ মোৰ ৰাজনৈতিক জীৱন সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রীক আগতীয়াকৈ সমস্ত বিৱৰণ কৰিছে। মই নিজৰ পৰিচয় দিয়াৰ আগতেই গৃহমন্ত্রী অমিত শ্বাহে মই যে অতি সাধাৰণ ঘৰৰ পৰা এই পর্যায় পাইছোঁ, তাক আগতীয়াকৈ অৱগত কৰিলে। গৃহমন্ত্ৰীগৰাকীয়ে অসমীয়া জাতিটোৰ সুৰক্ষাৰ বাবে কৰা চিন্তা-চর্চাই এটা দিশ স্পষ্ট কৰিছে যে অসমৰ ভৱিষ্যৎ আগন্তুক দিনত সুৰক্ষিত। যোৱা ৩২ ঘণ্টাত বিজেপিৰ পৰা লাভ কৰা সন্মানৰ কথা উল্লেখ কৰি ভূপেন বৰাই কয়- মুখ্যমন্ত্ৰীয়ে মোৰ ঘৰলৈ গৈ বিজেপিত যোগদানৰ বাবে আমন্ত্রণ দিছে, মই সাক্ষাৎ নিবিচৰাৰ পিছতো গৃহমন্ত্ৰীৰ সৈতে মোৰ বৈঠক অনুষ্ঠিত কৰোৱাইছে, মোৰ মনৰ ভাব ব্যক্ত কৰাত সুযোগ দিছে। গতিকে মই অনুভৱ কৰিছোঁ মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত লৈছোঁ। আনহাতে অহা ৮ মাৰ্চৰ পিছত প্ৰদেশ কংগ্ৰেছত খহনীয়া হ’ব বুলি মন্তব্য কৰি ভূপেন বৰাই কয়- গৌৰৱ গগৈ এতিয়া পার্কিউপাইন দি আছে। তেওঁৰ ঘৰলৈ যিয়ে যায়, তেওঁকো আলিংগন কৰে। গৰাখহনীয়াৰ আগে আগে নদীত যি পার্কিউপাইন দিয়া হয়, সেইধৰণে গৌৰৱ গগৈয়ে এতিয়া পার্কিউ পাইন দি আছে। ৮ মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্রেছী নেতা প্রদেশ কংগ্ৰেছৰ আঁৰত নাথাকে। এইসকলে ৮ মাৰ্চৰ আশে-পাশে কংগ্ৰেছ ত্যাগ কৰিব।
