গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে কাছাৰ জিলাৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী নাথানপুৰ গাঁৱত কেন্দ্ৰীয় চৰকাৰৰ ভাইব্ৰেণ্ট ভিলেজেছ কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাষণত কয়- সনাতনী ভাৰতীয় লোকসকলে অনুপ্ৰৱেশকাৰীক ভূমি বিক্ৰী কৰিব নালাগিব। ইয়াৰ পৰিৱৰ্তে সনাতনী লোকসকলে সীমান্তৱৰ্তী গাঁওসমূহত নিগাজিকৈ থিতাপি ল’ব লাগিব। ইয়াৰ ফলত সীমান্তৰ সিপাৰৰ পৰা অসমলৈ অবৈধভাৱে প্ৰৱেশৰ সুযোগ ল’ব নোৱাৰিব প্ৰব্ৰজনকাৰীয়ে। মুখ্যমন্ত্রীয়ে সীমান্তৱতী গাঁওসমূহৰ পৰা হিন্দু ভাৰতীয় লোকসকলক আঁতৰি নাহিবলৈও আহ্বান জনায়। কিছুদিন পূর্বে হাইলাকান্দি আৰু শ্রীভূমিত বেদখলকাৰীক উচ্ছেদ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- ৰাজ্যত ডেৰ লাখ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছে আৰু আগন্তুক সময়ত ৫ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হ’ব। নাথানপুৰৰ দৰে গাঁৱলৈ দেশৰ গৃহমন্ত্ৰীগৰাকী আহি ইতিহাস ৰচনা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। আনহাতে, অহা ১৪ মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী বিশেষ উপহাৰ লৈ বৰাক উপত্যকালৈ আহিব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়-গুৱাহাটী আৰু পাঁচগ্ৰামৰ মাজত ২২ হাজাৰ কোটি টকা ব্যয়ৰে অসমৰ প্ৰথমটো এক্সপ্ৰেছ হাইবে’ নিৰ্মাণৰ কাম প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব। ইয়াৰ ফলত বৰাক উপত্যকাৰ পৰা গুৱাহাটী পাবলৈ চাৰে চাৰি ঘণ্টা সময় লাগিব। ৰাইজে দাবী নকৰাকৈ এই পথটো লাভ কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়- বৰাকবাসীয়ে দাবী কৰি অহা ইষ্ট-ৱেষ্ট কৰিড’ৰৰ কামো এমাহতে সম্পূৰ্ণ হ’ব। এই অনুষ্ঠানতে ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কাছাৰ জিলাৰ ১১খন গাঁও, শ্রীভূমি জিলাৰ ২১খন গাঁও, ধুবুৰীৰ ২৮খন গাঁও আৰু দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ ৫খন গাঁৱত ভাইব্রেন্ট ভিলেজেছ প্রগ্রাম ২ ৰূপায়ণ কৰা হ’ব। একেদৰে ভাৰত-ভূটান সীমান্তৱৰ্তী কোকৰাঝাৰ জিলাৰ ৬খন গাঁও, চিৰাং জিলাৰ ৫খন গাঁও, বাক্সা জিলাৰ ১২খন গাঁও, তামুলপুৰ জিলাৰ ৭খন আৰু ওদালগুৰি জিলাৰ ৪৫খন গাঁৱত এই কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমৰ সীমান্তৱতী গাঁওসমূহত পকীপথ, চিকিৎসালয়, ভ্রাম্যমাণ এম্বুলেঞ্চ সেৱা, টেলিকম সেৱা, শিশুসকলৰ বাবে ভাল বিদ্যালয় নিৰ্মাণ কৰিব। অনুষ্ঠানত মন্ত্রী অতুল বৰা, কৌশিক ৰায়, কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্য, কৃপানাথ মাল্লা, কনাড পুৰকায়স্থ, বিধায়ক বিজয় মালাকাৰ, কমলাক্ষ দে’ পুৰকায়স্থ, মিহিৰকান্তি সোম, নিহাৰৰঞ্জন দাস, দ্বিপায়ন চক্রবর্তী, কেন্দ্ৰীয় গৃহ সচিব ৰবীন্দ্ৰ মোহন, ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালক তপন ডেকাকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।