পৰীক্ষাৰ প্ৰস্তুতি
– ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়
পৰীক্ষাসমূহ ওচৰ চাপি আহিছে আৰু এই সময়ছোৱাত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে । এই সময়ত তেওঁলোকৰ বাবে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ কথা ক’বলৈ বিচাৰিছো। এই সময়ছোৱা শিক্ষাৰ্থী জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ পৰ্যায়। এই সময়ত শিক্ষাৰ্থীসকলে কিতাপ-পুথি, টোকা, পুনৰীক্ষণ আৰু অনুশীলনৰ সৈতে ব্যস্ত থকাৰ লগতে অলপ মানসিক চাপ অনুভৱ কৰাটো স্বাভাৱিক। যিসকলে নিজৰ ভৱিষ্যৎ সন্দৰ্ভত সচেতন, তেওঁলোকে এনে অনুভৱ কৰাটোৱে স্বাভাৱিক প্ৰক্ৰিয়া। গুৰুত্বপূৰ্ণ কথাটো হ’ল—এই মূল্যৱান সময়ছোৱা শিক্ষাৰ্থীসকলে কেনেকৈ সঠিক মনোভাৱ আৰু আত্মবিশ্বাসেৰে ব্যৱহাৰ কৰিব।
শিক্ষাৰ্থীসকলে এটা কথা সদায় মনত ৰাখিব লাগে যে পৰীক্ষা জীৱনৰ কেৱল এটা অংশহে। পৰীক্ষাই শিক্ষাৰ্থীসকলৰ জ্ঞান, অনুশাসন আৰু অধ্যৱসায়ৰ পৰীক্ষা কৰে; কিন্তু ই কেতিয়াও এজন শিক্ষাৰ্থীৰ সম্পূৰ্ণ বুদ্ধিমত্তা, চৰিত্ৰ বা মানুহ হিচাপে থকা মূল্য নিৰ্ধাৰণ নকৰে। সেয়ে আন্তৰিকতাৰে অধ্যয়ন কৰিব লাগে, কিন্তু ভয়ক মনত ঠাই দিব নালাগে। ভয়ে আত্মবিশ্বাস হ্ৰাস কৰে, আৰু আত্মবিশ্বাসেই পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীসকলৰ আটাইতকৈ ডাঙৰ শক্তি।
পৰিকল্পিত আৰু নিয়মানুবর্তী অধ্যয়ন অতি প্ৰয়োজনীয়। শেষ মুহূর্তত সকলো পঢ়িবলৈ চেষ্টা কৰা উচিত নহয়। এটা বাস্তৱসম্মত সময়সূচী প্ৰস্তুত কৰি তাক আন্তৰিকভাৱে মানি চলিব লাগে। যি বিষয় বা অধ্যায় কঠিন লাগে, সেইবোৰত অধিক সময় দিব লাগে; কিন্তু সহজ অধ্যায়বোৰো অৱহেলা কৰা উচিত নহয়। নিয়মিত পুনৰীক্ষণে জ্ঞান দৃঢ় কৰে। অপ্ৰয়োজনীয় বিক্ষিপ্ততা, বিশেষকৈ মোবাইল ফোনৰ পৰা নিজকে দূৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে। মনত ৰাখিব লাগে যে কিছুমান দিনৰ একাগ্ৰ আৰু নিষ্ঠাবান পৰিশ্ৰমেই শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ দৃঢ় ভেটি গঢ়ি তোলে।
নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱা অতি আৱশ্যক। বহুতে ভাবি লয় যে নিশা টোপনি নোযোৱাকৈ পঢ়াটো কঠোৰ পৰিশ্ৰমৰ চিন; কিন্তু বাস্তৱত ভাগৰুৱা মন এটাই কেতিয়াও ভাল প্ৰদৰ্শন কৰিব নোৱাৰে। সেয়ে পৰ্যাপ্ত টোপনি ল’ব লাগে, স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব লাগে, যথেষ্ট পৰিমাণে পানী খাব লাগে আৰু পঢ়াৰ মাজে মাজে অলপ বিশ্ৰাম ল’ব লাগে। যদি মানসিক চাপ বা উদ্বেগ অনুভৱ কৰে, তেন্তে মাক-দেউতা, শিক্ষক বা বিশ্বাসযোগ্য বন্ধুসকলৰ সৈতে মন খুলি কথা পাতিব লাগে।
আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল—নিজৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিব লাগে। এতিয়ালৈকে কৰা পৰিশ্ৰম আৰু প্ৰস্তুতিৰ ওপৰত শিক্ষাৰ্থীসকলে পূৰ্ণ আস্থা ৰাখিব লাগে। নিজকে অপ্ৰয়োজনীয়ভাৱে আনৰ সৈতে তুলনা কৰা উচিত নহয়, কিয়নো প্ৰতিজন শিক্ষাৰ্থীৰ সক্ষমতা, গতি আৰু শক্তি বেলেগ বেলেগ। তুলনাই কেৱল সন্দেহ আৰু দুশ্চিন্তাৰ জন্ম দিয়ে, আত্মবিশ্বাস হ্ৰাস কৰে।
শিক্ষাৰ্থীসকলে পুৰণি প্ৰশ্ন কাকতসমূহ পৰীক্ষাৰ পৰিৱেশ অনুকৰণ কৰি উত্তৰ লিখাৰ অভ্যাস কৰিব লাগে। পৰীক্ষা ওচৰ চপা সময়ত আগতে নপঢ়া নতুন টপিক পঢ়াত মনোযোগ দিয়া উচিত নহয়।
পৰীক্ষাৰ দিনবোৰত শান্ত আৰু স্থিৰ মনোভাৱে থকাটো অতি দৰকাৰী। প্ৰশ্নকাকত সাৱধানে পঢ়িব লাগে, সময় সঠিকভাৱে ব্যৱস্থাপনা কৰিব লাগে আৰু উত্তৰসমূহ পৰিষ্কাৰ, স্পষ্ট আৰু সুশৃঙ্খলভাৱে লিখিব লাগে। যদি কোনো এটা প্ৰশ্নৰ উত্তৰ নাজানে, তেন্তে আতংকিত হ’ব নালাগে। বেলেগ প্ৰশ্নৰ উত্তৰ লিখি পিছত পুনৰ সেই নজনা প্ৰশ্নটো উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগে। শান্ত মনেই সঠিক চিন্তা আৰু উত্তম সিদ্ধান্ত আনিবলৈ সহায় কৰে।
এটা কথা সদায় মনত ৰাখিব লাগে যে সৎ আৰু আন্তৰিক পৰিশ্ৰম কৰিলে সফলতা নিশ্চিতভাৱে আহে। সফলতা হয়তো তৎক্ষণাত নাহিব পাৰে, কিন্তু কৰা প্ৰচেষ্টাই সদায় শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ গঢ়ি তোলে। ফলাফল যিয়েই নহওক, কেতিয়াও আশা আৰু আত্মবিশ্বাস হেৰুৱাব নালাগে। জীৱনত বহুতো সুযোগ আছে, আৰু পৰীক্ষা মাথোঁ সেই দীঘল যাত্ৰাৰ এটা ধাপহে। ইতিবাচক মনোভাৱ লৈ লক্ষ্যত দৃঢ়ভাৱে মনোনিৱেশ কৰি সৰ্বোত্তম প্ৰচেষ্টা আগবঢ়ালে শিক্ষাৰ্থীসকলে নিশ্চয়েই সফলতা লাভ কৰিব।
