হিংসা বনাম পুতৌ – ইভা গন্ধীয়া ফুকন

হিংসা বনাম পুতৌ

ইভা গন্ধীয়া ফুকন

মানুহ সমাজপাতি বাস কৰে। সমাজত আমি কিছু ৰীতি- নীতি পালন কৰি দায়বদ্ধতাৰে বাস কৰো। অকলশৰীয়াকৈ জীৱন কটোৱা সম্ভৱ নহয়। এই সমাজত আমি বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ। সকলো মানুহৰ আচৰণ একে হয় জানো ? নিশ্চয় নহয়। কোনোবা শুভাকাংক্ষী, কোনোবা হিংসাশ্ৰয়ী, হিংসা -হিংসি , কুট – কপট, লগোৱা – লগি এইবোৰ সমাজত থাকেই । অতীততো আছিল বৰ্তমানতো আছে ভবিষ্যতেও থাকিব নিশ্চয়।

            হিংসাই মানুহৰ কেতিয়াও উন্নতি সাধন কৰিব নোৱাৰে। মানুহে মানুহক হিংসা কেতিয়া কৰে, যেতিয়া আপুনি আপোনাৰ উন্নতিৰ জখলাত বগাবলৈ শিকিব সেয়া আৰ্থিক, সাংস্কৃতিক, সাহিত্য, খেলা আদি যিয়েই নহওক কিয়, আপোনাৰ প্ৰতিবেশী বা আপোনাৰ ঘনিষ্ঠ বন্ধু- বান্ধৱীও হিংসাৰ পাত্ৰ হৈ পৰিব পাৰে। সেয়া আপোনাৰ আগত প্ৰকাশ নকৰিলেও বিভিন্ন কাৰ্যত সেই হিংসা প্ৰকট হোৱা দেখা যায়।

                ভাল কৰ্মৰ প্ৰশংসা কৰা মানুহ কমেইহে পোৱা যায়। আপোনাৰ ভাল কামৰ প্ৰশংসা কৰি আপোনাক উৎসাহ যোগোৱা জনক সদায় সন্মান কৰা উচিত। কিছুমান আছে আপোনাৰ ভাল কামৰ কেনেকৈ বেয়াকৈ বা ওলোটাকৈ  প্ৰচাৰ চলাব পাৰে তাৰ বাবে উঠি পৰি লাগে। এনে ক্ষেত্ৰত আপোনাৰ ওচৰ – চুবুৰীয়াৰ অৰিহণা অধিক। কি কৰিব আৰু “ধনটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো।” আপুনিও কিন্তু তাৰে এজন। কাৰোবাৰ বেয়া চিন্তা বা বেয়া প্ৰচাৰ কৰাৰ আগতে নিজৰ ফালে এবাৰ চোৱা উচিত। মনত ৰখা দৰকাৰ —- এটা আঙুলি আনলৈ  টোঁৱালে তিনিটা আঙুলি আপোনাৰ গাৰ ফাললৈকে থাকে।

            ধৰক আপুনি লেখা -মেলা কৰি সাহিত্য চৰ্চা কৰি ভাল পোৱা মানুহ। কেতিয়াবা বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে আয়োজন কৰা প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি বঁটা পাবলৈ সক্ষম হৈছে। সভা সমিতিয়ে আপোনাক স্মাৰক, জাপি , ফুলাম গামোচা আদিৰে সম্বৰ্ধনা জনাইছে, তাতো কিন্তু আপুনি সমালোচনাৰ পৰা সাৰি যাব নোৱাৰে। কোৱাই ক’ব —– এহ ! এইবোৰনো কি, এইবোৰ আজিকালি টকাৰে কিনিব পাৰি। আপোনাৰ যদি টকা- পইচা দিয়াৰ সামৰ্থ নাই তেন্তে ক’ব —- “কিবা ভিতৰুৱা সম্বন্ধ আছে বুজিছে সেয়ে পুৰস্কাৰটো পালে।” তেনেকৈ কোৱাজনে কিন্তু লেখা – মেলাৰ নামত কাহানিও আঁক এটা মাৰি পোৱা নাই। আপোনাৰ লেখাও পঢ়া নাই। আপুনি সেই পণ্ডিতক কেনেকৈ বুজাব যে আপুনি সৎ পথেৰে বা আপোনাৰ লেখা উন্নতমানৰ হোৱা বাবেই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে।  তেখেতক বুজাবলৈ গৈ “নিজে শূল পুতি শিঙি মৰা” ৰ দৰে কথা গতিকে তেনে বিষয় আওকাণ কৰি নিজ কৰ্মত বৰ্তী থকাই ভাল। ফোঁহিয়াই চালে দেখা যায় তেনেকৈ কোৱাৰো নিশ্চয় কিবা এটা কেৰোণ আছে। কোনোৱে হয়তো তেনে কৰ্ম কৰিছে। এনেইয়ে নকয় সাহিত্য জগত ৰাজনীতি জগততকৈয়ো লেতেৰা। নিজৰ কষ্ট, অধ্যবসায়ৰ গুণেৰে সৎ পথেৰে বঁটা প্ৰাপক জন “উলুৰ লগত বগৰী পোৰা” ৰ দৰে গতি হয়।

               অকল সাহিত্য ক্ষেত্ৰতে এনে হয় তেনে নহয়, আন আন — নৃত্য, গীত, নাট, খেল আদিৰ ক্ষেত্ৰতো একেই সমালোচনা কৰা দেখা যায়। বুজা সকলে বাৰু বুজে নুবুজা সকলক আপুনি বুজাব চেষ্টা কৰিও বুজাব নোৱাৰে। এইবিলাক কথা ভাবি আপুনি আপোনাৰ সৃষ্টি কৰ্ম বিসৰ্জন দিব নেকি ? নিজৰ সৃষ্টিশীল মনটোক বান্ধি ৰাখিব নেকি ? নহয় আপুনি দুগুণ উৎসাহে আপোনাৰ কৰ্মত লাগিব। যিমানে বাধা আহিলেও প্ৰতিভা থকা সকলৰ নিজৰ প্ৰতিভা বন্দী কৰি ৰাখিব নোৱাৰে। বাধাৰ প্ৰাচীৰ ভাঙি কৰ্মৰ ৰেঙণি জিলিকিবই। যিদৰে হাজাৰ বেৰ দিলেও সূৰ্যৰ পোহৰক ঢাকি ৰাখিব নোৱাৰি।

              আপুনি দামী গাড়ী এখন কিনিছে, গাড়ী কিনাৰ দিনা আপোনাৰ ঘৰত পাৰ্টী খাই আপোনাক গুণ গৰিমাৰে ওপচাই দিব ।  আপোনাৰ ঘৰৰ বাহিৰ হোৱাৰ লগে লগে আপুনি যদি চাকৰিয়াল হয় তেন্তে কব অফিচৰ টকা খাইছে ,আৰু ব্যৱসায়ী হ’লে ক’ব ব্যৱসায়ৰ টকা মাৰিছে সেয়ে ইমান দামী গাড়ী কিনিব পাৰিছে। আপুনি লাগিলে গাড়ীৰ ঋণ লৈ গাড়ী কিনিছে মাহে মাহে কিষ্টি পৰিশোধ কৰিলৈ আপুনি চিন্তা কৰিব লগাত পৰিছে। সেইদৰে কেইবা মহলীয়া ঘৰ এটা সাজিলে । ওচৰ -চুবুৰীয়া আহি ভিতৰ সোমাই  লিৰিকি- বিদাৰি চাই আপোনাৰ আগত গুণ বৰ্ষণ কৰিব। ইমান ধুনীয়া ডিজাইন কৰিছে, ইমান দামী টাইলছ লগাইছে, ঘৰটো বৰ ধুনীয়াকৈ সাজিলে চুবুৰীত আপোনাৰ ঘৰটো জিলিকি আছে বুজিছে। মুঠতে আপোনাক প্ৰশংসাৰে ওপচাই পেলাব। দুদিনৰ পাছত আপোনাৰ ঘৰৰ বৰ্ণনা দিব সম্পূৰ্ণ বিপৰীত। এইবোৰ কলা টকাৰে কিনিছে বুজিছে । দৰমহাৰ টকাৰে  কৰা সম্ভৱ নেকি ? আমাৰ চোন দৰমহাৰ টকাৰে চলিবলৈকে নাটে। তেওঁক আপুনি কেনেকৈ বুজাব যে সেই ঘৰটো সাজিবলৈ আপুনি কিমান নথি- পত্ৰ বেংকত জমা দিব লগা হৈছে, কেইখন এল আই চি পলিচি, কিমান মাটিৰ কাগজ- পত্ৰ বেংকত জমা দিব লগা হৈছে। আপুনি যে দূৰদৰ্শীতাৰে বেংকৰ পৰা ধন ঋণ  হিচাপে লৈ ঘৰটো সাজিছে ,তাৰ বাবে কষ্ট কৰিছে সেয়া বুজিব কোনে। বুজালেও বুজিব কিমানে এটা ডাঙৰ প্ৰশ্ন।

হিংসাৰ পথে আমি কোনো কামত সফলতা লভিব নোৱাৰোঁ। অহিংস পথত থাকি মহা মানৱ মহাত্মা গান্ধীয়ে ইংৰাজক খেদিবলৈ সক্ষম হৈছিল। অহিংসাৰ পথ যদিও সুগম নহয়, তথাপি এই পথত জয়লাভে মনলৈ শান্তি আনে। দেশৰ গণতান্ত্ৰিক ব্যবস্থা স্থাপনত কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছিল গান্ধীৰ অহিংসা নীতিয়ে। যাৰ ফলত আমি আজি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাসিন্দা।

              আপোনাৰ হিংসাত জ্বলিপুৰি থকাজনক আপোনাৰ ওপৰত হাজাৰ কটু বাক্যবাণে থকা -সৰকা কৰিলেও আপুনি নীৰৱ হৈ শুনি থাকক। আপোনাৰ এটি বাক্যই সেই জ্বলা জুইত ঘিউৰ কাম কৰিব। সেয়ে নিৰৱ শ্ৰোতা দৰ্শক হোৱা শ্ৰেয়। আপুনি যে নীৰৱতা অৱলম্বন কৰিছে সেয়া আপোনাৰ হাৰ নহয়। নীৰৱতাৰে আপুনি আপোনাক জয় কৰিছে। আপুনি আপোনাক উপলব্ধি কৰিছে। বিপৰীত পক্ষই ভাবিব তেওঁ জিকিছে কিন্তু প্ৰকৃততে তেওঁ হাৰিছে। সময়ত আপোনাৰ কৰ্মৰ শলাগ সেইজনেও ল’বলৈ বাধ্য হ’ব। পৰপক্ষত হিংসা কৰাজনৰ পৰা দূৰত্ব মনে মনে বজায় ৰাখক পত্যক্ষ ভাৱে ঘনিষ্ঠ হৈ থাকক। প্ৰতিহিংসা কৰা উচিত নহয়। পাৰিলে পুতৌ কৰক।