ইটালীক ২৪ ৰানত পৰাস্ত কৰি ছুপাৰ এইটত প্ৰৱেশ ইংলেণ্ডেৰ

Pc ESPN Cricinfo

ইটালীক ২৪ ৰানত পৰাস্ত কৰি ছুপাৰ এইটত প্ৰৱেশ ইংলেণ্ডেৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত টি-২০ বিশ্বকাপৰ গ্ৰুপ ‘চি’ৰ পৰা দ্বিতীয়টো দল হিচাপে ছুপাৰ এইটত প্ৰৱেশ কৰিছে  ইংলেণ্ডে। ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে চলি থকা আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ সোমবাৰে অনুষ্ঠিত গ্রুপ ‘চি’ৰ মেচখনত ইংৰাজ বাহিনীয়ে ইটালীক ২৪ ৰানত পৰাস্ত কৰে। মেচখনত বিজয় সাব্যস্ত কৰি  ইংলেণ্ডে ৪খন মেচত তিনিখনত জয় আৰু এখনত পৰাজিত হৈ মুঠ ৬ পইন্টেৰে গ্ৰুপ ‘চি’ৰ পইন্ট তালিকাৰ দ্বিতীয় স্থানত থাকি ছুপাৰ এইটলৈ উন্নীত হয়। শীর্ষস্থানত থাকি এই গ্ৰুপটোৰ পৰা ছুপাৰ এইটত প্ৰৱেশ কৰা আনটো দল হ’ল ৱেষ্ট ইণ্ডিজ। মেচখনত প্ৰথমে বেটিং কৰি ইংলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ২০৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি জেমি অ’ভাৰটন আৰু ছেম কৰনৰ দৰ্শনীয় বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ইটালীয়ে নিৰ্ধাৰিত ২০ অ’ভাৰত ১৭৮ ৰানহে কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ বেন মানেটিয়ে সর্বাধিক ৬০, গ্রান্ট ষ্টিৱার্টে ৪৫ আৰু অ’পেনাৰ জাস্টিন মোস্কাই ৪৩ ৰান কৰে। ইংলেণ্ডৰ হৈ এভাৰটন আৰু কৰন উভয়ে সর্বাধিক ৩টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও উইল জেকছৰ দৰ্শনীয় অপৰাজিত ৫৩, টোম বেণ্টনৰ ৩০, অ’পেনাৰ ফিল ছল্টৰ ২৮, ছেম কৰনৰ ২৫ আৰু জেকব বেথেলৰ ২৩ ৰানৰ সহায়ত ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০২ ৰান কৰে।