পাঁচ মাহ হৈ গ’ল এনেকৈ আৰু কিমান দিন: গৰিমা গাৰ্গ
ৰঙিলী বাৰ্ত্তাসেৱা- ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত সোমবাৰে কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অষ্টমটো শুনানি গ্রহণ কৰা হয়। সোমবাৰে আদালতে মূলতঃ তিনি অভিযুক্ত ক্রমে- শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে। শুনানিৰ পিছত আদালতে আবেদনসমূহৰ ওপৰত ৰায় প্ৰদানৰ বাবে পুনৰ অহা ২ মার্চৰ দিনটো ধার্য কৰে। অসম চৰকাৰৰ হৈ প্রতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আবেদনসমূহৰ বিপক্ষে যুক্তি আগবঢ়ায়। পিছত উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আবেদনসমূহৰ সন্দৰ্ভত অহা ২ মাৰ্চত ৰায় প্ৰদানৰ বাবে দিন ধার্য কৰে। এই সন্দৰ্ভত লোক অধিবক্তা জিয়াউল কামাৰে কয় যে দিনৰ ১০.৩০ বজাৰ পৰা শুনানি প্রক্রিয়া আৰম্ভহোৱাৰ কথা আছিল। সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ অসুবিধাৰ বাবে ১২.৩০ বজাৰ পৰা আৰম্ভ হয় শুনানি প্রক্রিয়া। কেইবাখনো গুৰুত্বপূৰ্ণ আবেদনৰ আজি শুনানি হ’ল। সিদ্ধার্থৰ অধিবক্তাই ছফ্ট কপি প্রদান কৰিবলৈ আবেদন কৰিছিল। শুনানিৰ পিছত আদালতে ছফ্ট কপি দিবলৈ নির্দেশ দিয়ে। আনহাতে, ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতৰ প্ৰতিবেদন বিচাৰিছিল। সেইখন আবেদনৰ আজি শুনানি হৈছে। তাত আমি কেইবাটাও গুৰুত্বপূর্ণ যুক্তি দাঙি ধৰিছো। আনহাতে, আদালতত চৰকাৰী অধিবক্তাই সবল যুক্তি আগবঢ়াই কয় যে জুবিন গাৰ্গৰ বিৰুদ্ধে অসমতে ৰচনা কৰা হৈছিল হত্যাৰ ষড়যন্ত্র। অসমত ষড়যন্ত্ৰ কৰি ছিংগাপুৰত হত্যা কৰা হৈছিল। একেদৰে সিদ্ধার্থ শৰ্মাৰ ফ্রেট সন্দৰ্ভত আদালতত যুক্তি প্রদর্শন কৰে চৰকাৰী অধিবক্তাই। ২০ বছৰৰ ঋণ লৈ ফ্রেট ক্ৰয় কৰিছিল সিদ্ধার্থই। কিন্তু মাত্র ছয় বছৰতে ঋণ আদায় দিছিল তেওঁ। মাহিলি ৫০ হাজাৰ দৰমহা পোৱা সিদ্ধার্থই ছয় বছৰত ইমান ডাঙৰ ঋণ কেনেকৈ পৰিশোধ কৰিলে সেই লৈয়ো প্রশ্ন উত্থাপন কবে। দীর্ঘ সময়ৰ শুনানিৰ অন্তত এই সন্দর্ভতো ২ মার্চত আদালতে ৰায় প্রদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ইফালে, গৰিমা শইকীয়া গাৰ্গ এই শুনানি প্রক্রিয়াত উপস্থিত থাকি কয় যে অভিযুক্তৰ ফালৰ অধিবক্তাসকলে কি মনোবৃত্তি লৈ কি কাম কৰি আছে নাজানো। তেওঁলোকে অভিসন্ধি কৰি থকা যেন ভাব হয়। কু-অভিপ্রায় লৈ থকা যেন লাগে। সেইকাৰণে আমাৰ লোক অধিবক্তা সম্পূর্ণ সাজু হৈআছে। অসমতে ষড়যন্ত্র ৰচিছিল। অসমতে যিহেতু ষড়যন্ত্র হৈছিল, সেয়েহে বিচাৰটো সেইধৰণে হ’ব লাগে। ন্যায় প্রক্রিয়াটো দীঘলীয়া কৰাৰ আঁৰত তেওঁলোকৰ কু-অভিসন্ধি আছে। পাঁচ মাহ পাৰ হৈ গ’ল। এনেকৈ আৰু কিমান দিন। আমি বিচাৰোঁ ক্ষিপ্ৰতাৰে বিচাৰ হ’ব লাগে।
