ভূপেন বৰাৰ গুৱাহাটীৰ বাসগৃহলৈ যাব মুখ্যমন্ত্রী ড° শৰ্মা

ভূপেন বৰাৰ গুৱাহাটীৰ বাসগৃহলৈ যাব মুখ্যমন্ত্রী ড° শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ ঘৰলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাজনীতিয়ে লৈছে গুৰুত্বপূৰ্ণ মোৰ । কংগ্ৰেছ দলত মোক্ষম আঘাত হানি জ্যেষ্ঠ নেতা ভূপেন বৰাই সোমবাৰে পুৱা পদত্যাগ কৰা ঘটনাই ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ।ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক বিজেপিত যোগদানৰ বাবে আহ্বান জনালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই সম্পর্কত মুখ্যমন্ত্রী ড° শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে। বিজেপিত যোগদান কৰিলে নিৰাপদ সমষ্টিত তেওঁক দলীয় টিকট প্রদান কৰাৰ লগতে বিজয়ী কৰি অনাৰ চেষ্টা কৰিব। ভূপেন বৰাই বিজেপি দলত যোগদান কৰিব খুজিলে আদৰণি জনাম আৰু যোগদান নকৰিলেও শুভেচ্ছা জনাম। প্রদেশ কংগ্রেছত এতিয়া সাধাৰণ ঘৰৰ ল’ৰা, হিন্দু ল’ৰা থকাৰ পৰিৱেশ একেবাৰে নাই। সাধাৰণ ঘৰৰ ল’ৰা, হিন্দু ঘৰৰ ল’ৰাই কংগ্ৰেছৰ নেতৃত্ব ল’ব নোৱাৰে। সম্প্ৰতি অসমত কংগ্ৰেছৰ প্ৰাৰ্থী বাছনিৰ বাবে তিনিজন পর্যবেক্ষক বিভিন্ন স্থানত ঘূৰি আছে। তেওঁলোকৰ লগত বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুল ৰহিম আৰু ডাঃ আছিফ নাজাৰক যোৱাৰ দায়িত্ব দিয়া হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, তেজপুৰত এই সংখ্যালঘু সম্প্ৰদায়ৰ তিনিজন বিধায়ক গৈ পর্যবেক্ষককেইজনক দলীয় প্রার্থী বাছনিৰ কামত সহায় কৰিব। ইয়াৰ বিপৰীতে হিন্দু বিধায়কক প্ৰেৰণ কৰা হোৱা নাই। ভূপেন বৰাই পদত্যাগ কৰিবলগীয়া হোৱা সম্পৰ্কত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বর্তমান প্রদেশ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতি দুয়োজনেই প্রাক্তন মুখ্যমন্ত্ৰীৰ সন্তান। কিন্তু ভূপেন বৰাৰ দেউতাক কি আছিল? মন্ত্রী-মুখ্যমন্ত্ৰীৰ সন্তান হ’লেহে বা সংখ্যালঘু ধৰ্মাৱলম্বীৰ লোক হ’লেহে এতিয়া কংগ্ৰেছৰ নেতৃত্বত থাকিব পাৰে। ভূপেন বৰাৰ সৈতে এতিয়ালৈ বিজেপিৰ কোনো যোগাযোগ হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে মঙলবাৰে গধূলি তেওঁ ভূপেন বৰাৰ গুৱাহাটীৰ বাসগৃহলৈ যাব। কাৰণ, তেওঁ আৰু ভূপেন বৰা একে সময়তে কংগ্ৰেছ দলত যোগদান কৰিছিল। কেইদিনমানৰ অগা-পিছাকৈ তেওঁলোক কংগ্রেছলৈ আহিছিল। সেয়ে দুখৰ দিনত খবৰ ল’বলৈ তেওঁ ভূপেন বৰাৰ বাসগৃহলৈ যাব। ভূপেন বৰাৰ পদত্যাগক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “সাধাৰণ ঘৰৰ আৰু হিন্দু ল’ৰাই কংগ্ৰেছত নেতৃত্ব ল’ব নোৱাৰে, কংগ্ৰেছত থাকিব নোৱাৰে ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়, “২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈয়েও বিজেপিত যোগদান কৰিব । ২০২৯ চনলৈ কংগ্ৰেছত গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু সংখ্যালঘু লোকহে থাকিব ৷  কংগ্ৰেছ দলক সংখ্যালঘুৰ দ্বাৰা পৰিচালিত দল বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়, গৌৰৱ গগৈ এতিয়া ৰকিবুল হুছেইনৰ নেতৃত্বত চলে । কংগ্ৰেছ দল এতিয়া ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ কথাত উঠা-বহা কৰে । মুখ্যমন্ত্ৰীয়ে কয়,“ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয় । মই আগতেই জানিছিলো যে এনে এটা দিন আহিব তেওঁৰ, তেওঁ পদত্যাগ কৰিবই লাগিব ৷ সাধাৰণ ঘৰৰ ল’ৰা কংগ্ৰেছ দলৰ নেতৃত্বত থাকিব নোৱাৰে । প্ৰদেশ কংগ্ৰেছত হিন্দু ল’ৰা থকাৰ পৰিৱেশ একেবাৰেই নাই । ভূপেন বৰাৰ পদত্যাগ পত্ৰ প্ৰত্য়ক্ষ কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে তেওঁ তাত দুটা মূল কথা দেখা পাইছে । প্ৰথমটো হ’ল, ৰকিবুল হুছেইনে এতিয়া কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে ৷ দ্বিতীয়টো হ’ল, গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ । ৰকিবুল হুছেইনৰ হাতত অসম কংগ্ৰেছৰ বাঘজৰী অৰ্পণৰ বাবেই ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, “মই যিখন পদত্যাগ পত্ৰ দেখিছো, তাত দুটা কাৰণেই দেখিছো-এটা হ’ল কংগ্ৰেছত ৰকিবুল হুছেইনৰ যি দপদপনি ৷ আনটো হ’ল.. গৌৰৱ গগৈৰ যি পাকিস্তান লিংকৰ বিষয়, সেইটোত তেওঁ বিশ্বাসযোগ্য উত্তৰ দিব নোৱাৰিলে। সেইটোতো মোৰো অভিযোগ । মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে আসন্ন বিধানসভা নির্বাচনক লৈ প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কোনো পৰিকল্পনা নাই। গৌৰৱ গগৈয়ে ভাবে- ২০২৯ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ হ’ব আৰু তেওঁ মন্ত্রী হ’ব। তাৰ পিছত ২০৩১ত তেওঁ অসমত নির্বাচন খেলিব।