ছয়গাঁৱৰ যানজটৰ সমস্যা কেতিয়া সমাধান হব? – প্ৰাণজিৎ মজুমদাৰ

ছয়গাঁৱৰ যানজটৰ সমস্যা কেতিয়া সমাধান হব?

প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও

ছয়গাঁও অঞ্চলত বৰ্তমান যানজট এক গুৰুতৰ সামাজিক সমস্যালৈ পৰিণত হৈছে। কামৰূপ জিলাৰ এই গুৰুত্বপূৰ্ণ ব্যৱসায়িক আৰু যাতায়াত কেন্দ্ৰটোত প্ৰতিদিনে শ শ বাহনৰ চলাচল হয়। দিনক দিনে লোকসংখ্যা আৰু যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত ছয়গাঁৱৰ মুখ্য পথসমূহত প্ৰায়ে যানজটৰ সৃষ্টি হয়।বিশেষকৈ ছয়গাঁও বজাৰ এলেকা, বিদ্যালয়, আৰু মুখ্য সংযোগী পথত পুৱা আৰু সন্ধিয়া সময়ত যানজটৰ সমস্যা অধিক দেখা যায়। পথত চলি থকা নিৰ্মাণ কাৰ্য,লগতে অবৈধ পাৰ্কিং, পথৰ কাষত ব্যৱসায়িক দখল, ট্ৰাফিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ অভাৱ আদিয়েই এই সমস্যাৰ মূল কাৰণ হৈ পৰিছে যাৰ ফলত নিৰিহ মানুহ মৃত্যু মূখত পৰিছে।যানজটৰ ফলত সাধাৰণ লোকে দৈনন্দিন জীৱনত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। বহু লোকে সময়মতে কৰ্মস্থল বা বিদ্যালয়ত উপস্থিত হ’ব নোৱাৰে। ৰোগীৰ বাহন বা জৰুৰীকালীন সেৱাৰ গাড়ী পথত আবদ্ধ হৈ পৰাটো বিশেষভাৱে চিন্তনীয় বিষয়।প্ৰশাসনে এই সমস্যাৰ  সমাধানৰ বাবে এতিয়ালৈকে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই।  নিয়মীয়া পাৰ্কিং ব্যৱস্থা, অবৈধ দখল উচ্ছেদ আৰু ট্ৰাফিক আৰক্ষীৰ সক্ৰিয় উপস্থিতি অতি প্ৰয়োজনীয় হৈ পৰিছে।লগতে সাধাৰণ ৰাইজেও যান বাহন চলাচল নিয়ম মানি চলা, ইচ্ছামতে গাড়ী ৰখা পৰিহাৰ কৰা আৰু শৃংখলাবদ্ধভাৱে চলাচল কৰা উচিত। চৰকাৰ, প্ৰশাসন আৰু নাগৰিকৰ যৌথ প্ৰচেষ্টাতেহে এই সমস্যাৰ  সমাধান সম্ভৱ।ছয়গাঁৱৰ যানজট সমস্যাৰ প্ৰতি দৃষ্টি আকর্ষণ কৰি শীঘ্ৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছো। আশা কৰো যে, ভৱিষ্যতে এই সমস্যাৰ সমাধান হৈ ছয়গাঁও এখন উন্নত, সুশৃংখল আৰু যানজট-মুক্ত অঞ্চল হিচাপে গঢ় লৈ উঠিব।