যোগ্য -ভোগ্য বসুন্ধৰা
যমুনা দুলু বৈশ্য,শুৱালকুছি
সেউজী ধৰণী অতিকৈ মোহনীয়া
আকাশ নীলা হয় ,
প্ৰকৃতি বুকুতে পাহাৰ,ভৈয়াম
নদীৰ মাজত নাওঁ বয় ।।
প্ৰকৃতিয়ে দিয়ে সকলোকে বতাহ
বিনন্দীয়া এই ধৰা ,
শইচ-শ্যামলা খেতি পথাৰ ভৰা
যোগ্য -ভোগ্য বসুন্ধৰা ।।
এই পৃথিৱীত উৰে মুক্ত ভাৱে
কি যে সুমধুৰ মাত,
গাত লাগিলে নিৰ্মল বতাহ
দেহ মন পৰে শাঁত ।।
বায়ু-মাটি-পানী নহলে নহয়
সকলো প্ৰকৃতি দান,
গছ-গছনি কাটি দুষ্ট লোকে
হিংসাৰে প্ৰতিদান । ।
গছ-বন কাটি তহিলং কৰি
নিজৰে বিপদ মাতি,
প্ৰকৃতি ধ্বংস হ’লে হ’ব জানা
জীৱকুলৰ বিপত্তি।
উশাহে-নিশাহে প্ৰকৃতিৰ সম্পৰ্ক
আমিও প্ৰকৃতিৰ দাস,
নিজৰ দেশক ভালপাব লাগিব
কৰিছো একেলগে বাস ।।
