আজি ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি কলম্বোত অনুষ্ঠিত হ’ব বহু চৰ্চিত ভাৰত আৰু পাকিস্তানৰ হাইভল্টেজ মেচখন। বৰ্তমান বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে অধীৰ আগ্ৰহৰে ৰৈ আছে মেচখন উপভোগ কৰিবলৈ । বিশ্বকাপৰ আৰম্ভণিৰ পূৰ্বৰে পৰা এই বহু প্রতীক্ষিত মেচখন আয়োজনক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছিল। বাংলাদেশক বিশ্বকাপৰ পৰা বাদ দিয়াৰ পিছত পাকিস্তানেও আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ভাৰতৰে মেচ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল যদিও ৮ দিনৰ পিছত আইচিচিৰ ওচৰত সেও মানি ভাৰতৰে মেচ খেলিবলৈ সন্মতি জনায়। মেচখন নিৰ্ধাৰিত সূচী মতে আৰম্ভ হ’ব বুলি আইচিচিয়ে সদৰী কৰাৰ পিছতে কলম্বো অভিমুখী সকলো বিমানৰ ভাৰা ৬ গুণলৈ বৃদ্ধি হয়। বিশ্ববাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা আজিৰ এই বহু প্রতীক্ষিত মেচখনক লৈ সম্পূর্ণৰূপে সাজু হৈছে দুই চিৰন্তন প্রতিদ্বন্দ্বী দল ভাৰত আৰু পাকিস্তান। ইতিমধ্যে মেচখনৰ বাবে দুয়োটা দলে পৃথক পৃথক ৰণনীতি প্ৰস্তুত কৰিছে। আজিৰ এই গুৰুত্বপূৰ্ণ মেচখনত ওছমান তাৰিক পাকিস্তানৰ ট্রাম্পকার্ড হ’ব বুলি চৰ্চা চলি থকাৰ সময়তে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে শনিবাৰে কয় যে তাৰিকক লৈ আমি কোনো চিন্তা কৰা নাই। স্পিনাৰগৰাকীৰ বিপক্ষে কোনো বিশেষ ৰণনীতিও আমি প্ৰস্তুত কৰা নাই। সতীৰ্থসকলে নিজৰ স্বভাৱসুলভ খেল দাঙি ধৰিব। আমি প্রথমৰ পৰাই আক্রমণাত্মক খেল খেলাৰ পৰিকল্পনা কৰিছোঁ। যিটো আমাৰ পূৰ্বৰে পৰা চলি আহিছে। আজিৰ এই গুৰুত্বপূৰ্ণ মেচখনত মূল একাদশলৈ উভতি আহিব মহম্মদ ছিৰাজ। ছিৰাজৰ প্ৰত্যাৱৰ্তনত অর্শদীপ সিঙে স্থান হেৰুৱাব লাগিব বুলি উল্লেখ কৰি সূৰ্য কুমাৰে লগতে কয় যে মেচখনত আমি পাকিস্তানৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আছোঁ। ইফালে বিশ্ববাসীৰ বহু প্রতীক্ষিত মেচখনক লৈ সষ্টম হৈ পৰিছে শ্রীলংকাই। মেচখনত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্র ষ্টেডিয়ামতে সহস্র বাহিনী নিয়োগ কৰিব শ্ৰীলংকা চৰকাৰে। শ্রীলংকাৰ প্ৰেমদাসা ষ্টেডিয়ামত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে শ্রীলংকা কর্তৃপক্ষই। ভাৰত-পাকিস্তান দুয়োটা দলৰ বাদে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে শ্রীলংকা চৰকাৰে। ইতিমধ্যে ভাৰত-পাকিস্তানৰ খেলখন চাবলৈ অনুৰাগীৰ ভিৰ হোৱাৰ বিপৰীতে কেইবাজনো বিশিষ্ট ব্যক্তিকো আমন্ত্ৰণ জনোৱা হৈছে । উপস্থিত থাকিব আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু আই চি চি চি চি অ’ সংযোগ গুপ্তা । এছিয়াৰ ৫খন প্ৰধান ক্ৰিকেট ব’ৰ্ড ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তানৰ মুৰব্বীকো আমন্ত্ৰণ জনাইছে আইচিচিয়ে ।এই মেচখন আৰ. প্ৰেমাদাছা ষ্টেডিয়ামত সন্ধিয়া ৭:০০ বজাত আৰম্ভ হ’ব । ইয়াৰ পূৰ্বে আৰু দুখন মেচ অনুষ্ঠিত হ’ব । মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত নেপাল আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খেলত চেন্নাইত নামিবিয়াই আমেৰিকাৰ বিৰুদ্ধে খেলিব ।
