ক্ৰমাৎ… – অৰ্ণৱ কটকী

Pc Abc News Nigeria

ক্ৰমাৎ…

অৰ্ণৱ কটকী
জাঁজী, যোৰহাট

ক্ৰমাৎ শীতল হৈ পৰিছে
কলিজাৰ ৰঙা তেজবোৰে প্ৰতিবাদ কৰিছে
জঠৰ হৈ পৰা আঙুলি কেইটাই নিজৰ দেহকে বিদ্ৰুপ কৰিছে।
চাব জানো পাৰিবা আহি!
ক’লা ফাকু ৰঙৰ দৰে হৈ পৰা শৰীৰ।
নোৱাৰিলোঁ চেষ্টা কৰিও জীৱন সজোৱাৰ
অপ্ৰাপ্তি,অনাদৰ বুটলি বহু দূৰ আগুৱালো যদিও
দুচকুৰ বৰষুণত গা ধুলোঁ বহুত বাৰ
মচিবলৈ নাপাওঁ জানিও কপাহী আঁচল
শুই ৰলোঁ ভাগৰুৱা হৈ একাকীত্ব জীৱন লৈ।
মাহ হালধী মইও সানিলো যাবৰ সময়ত
সূৰ্যোদয় নৌহওঁতেই যদিও সূৰ্যাস্ত সপোনৰ ।
সময়ৰ সোঁতত বিলীন হৈ দি যাব খুজিলোঁ
এমুঠি আৱেগ অনুভূতি ভৰা সহায় হাতৰ ।
উজাগৰে কটালোঁ জীৱন
শান্তি সুখৰ এসাগৰ ভালপোৱা যাঁচিও
অময়া সুখ পালোঁ আজি , সুকোমল বিচনা এৰি
ক্ৰমশঃ শেষ হৈ আহিছে সকলো
লগ এৰিছে সকলোৱেই
নিজৰ দেহকে যেন লগ দিয়া নাই নিজৰ মনে
এতিয়া মাথোঁ শান্তি চিৰ দিনৰ।।