গুৱাহাটীৰ ৰাজপথত  গৌৰৱ গগৈ গ’ বেক ধ্বনি ৰাইজৰ

গুৱাহাটীৰ ৰাজপথত  গৌৰৱ গগৈ গ’ বেক ধ্বনি ৰাইজৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘সময় পৰিৱৰ্তন যাত্রা’ উলিয়াই গুৱাহাটীৰ ৰাজপথত সৰ্বসাধাৰণ জনতাৰ ৰোষৰ বলি হ’বলগা হয় সাংসদ তথা প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। ৰাজপথত সমৱেত সাধাৰণ জনতাই গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি ‘বাংলাদেশী মিঞাৰ দালাল’ বুলি ব্যক্ত কৰে। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ ৰাজপথত গৌৰৱ গগৈসহ কংগ্ৰেছ নেতৃবর্গই উলিওৱা ‘সময় পৰিৱৰ্তন যাত্ৰা’ৰ সময়ত জালুকবাৰী সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজে তেওঁলোকৰ যাত্ৰাক আগচি ধৰি কংগ্ৰেছ মুর্দাবাদ, গৌৰৱ গগৈ মুর্দাবাদ ধ্বনি দিয়ে। কংগ্রেছ নেতাসকলৰ লগতে সভাপতি গৌৰৱ গগৈক উক্ত স্থানত থকা লোকসকলে পাকিস্তানৰ এজেন্ট আখ্যা দি পহুখেদা দিয়ে। আনহাতে একাংশ বিজেপি কর্মীয়েও আমিনগাঁৱৰ ৰাজপথত কংগ্রেছ নেতা-কর্মীসকলৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি সমুখ সমৰত লিপ্ত হয়। দুয়োপক্ষৰ জিন্দাবাদ-মুর্দাবাদ ধ্বনিত সমগ্র আমিন গাঁৱৰ পৰিৱেশ উত্তাল হৈ পৰে। কংগ্ৰেছৰ প্ৰতিবাদ প্রতিহত কৰি বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদক গংগাধৰ দাসে কয় যে বাংলাদেশী মিঞাৰ দালাল আৰু পাকিস্তানৰ এজেন্ট গৌৰৱ গগৈয়ে আমিনগাঁওস্থিত শিক্ষাৰ মন্দিৰ বন্দ্যা ইণ্টাৰনেচনেল বিদ্যালয়লৈ আহি পৰিৱেশ বিনষ্ট কৰিবলৈ বিচাৰিছিল। আমি ভাৰতীয় জনতা পাৰ্টীৰ কার্যকর্তাসকলে তাক প্রতিহত কৰি সকীয়াই দিছোঁ, ভৱিষ্যতে যাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ব্যক্তিগত আক্ৰমণৰ লক্ষ্য কৰি নলয়। কংগ্ৰেছৰ প্ৰতিবাদ প্রতিহত কৰি বিজেপিৰ বেজেৰা মণ্ডলৰ যুৱ মৰ্চাৰ উপ-সভাপতি সীমান্ত চমুৱাই কয় যে ‘মিঞাৰ মাদ্ৰাছা বন্ধ কৰি দিয়া বাবে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অসুবিধা হৈছে। গৌৰৱ গগৈয়ে বাংলাদেশ আৰু পাকিস্তানত যি কৰে কৰক গৈ। অসমত তেওঁৰ স্থান নাই। ইফালে, গুৱাহাটীৰ ৰাজপথত প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক বাংলাদেশী মিঞাৰ দালাল আখ্যাৰে পহুখেদা দিয়া কার্যক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে জ্যেষ্ঠ মন্ত্রী পীযূষ হাজৰিকাই। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে পূৰ্বৰে পৰা মানুহক ভুৱা অপ-প্ৰচাৰেৰে আভুৱা-ভাঁৰি অহা কংগ্ৰেছ দলে আজিও একেই কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে বুলি গম পাইছোঁ। মন্ত্রী হাজৰিকাই প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈসহ দলৰ অন্যান্য নেতাসকলক সাৱধান কৰি কয় যে বৰ্তমান সময়ত ৰাইজ সজাগ। আজিৰ ৰাইজৰ হাতৰ মুঠিতে সকলো তথ্য উপলব্ধ। অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল। গুৱাহাটীৰ ৰাজপথত ৰাইজৰ এই ক্ষোভে কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক সংকেত বহন কৰিছে বুলি একাংশই মত প্রকাশ কৰিছে।