মুখ্যমন্ত্ৰীয়ে বেদখলমুক্ত কৰিলে ১.২৬ লাখ একৰ ভূমিঃ গৃহমন্ত্রী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণী অনুষ্ঠানত ভাগ লৈ কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ শাসনকালৰ ক’লা দিনৰ অধ্যায় মুকলি কৰিলে। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্পষ্ট মন্তব্য-কংগ্ৰেছৰ দিনত অসমৰ ভাষা, সাহিত্য, সংস্কৃতি বিপদাপন্ন হৈছিল। অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি দি অসমৰ খিলঞ্জীয়া লোকলৈ অস্তিত্বৰ সংকট কঢ়িয়াই অনা হৈছিল। অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ উত্থাপন কৰি গৃহমন্ত্রীয়ে কয়-অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত মিচিংসকলৰ দায়িত্ব কেৱল ধেমাজিতে সীমাবদ্ধ নহয়। অনুপ্ৰৱেশকাৰীমুক্ত অসম গঢ়ি তোলাৰ দায়িত্ব মিচিং সমাজে ল’ব লাগিব। ৰাজ্যৰ সাতখন জিলা-ধুবুৰী, বৰপেটা, মৰিগাঁও, বঙাইগাঁও, নগাঁও আৰু গোৱালপাৰা এতিয়া সম্পূর্ণরূপে অনুপ্রৱেশকাৰীৰ দখলত। কংগ্ৰেছৰ ২০ বছৰীয়া শাসনকালত অনুপ্ৰৱেশকাৰীৰ আগ্রাসনত এই সাতখন জিলাত সন্দেহযুক্ত লোকৰ সংখ্যা ৬০ লাখ হৈছেগৈ। অমিত শ্বাহৰ প্ৰশ্ন- অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে আমি কি কৰিব লাগিব? মই ক’ব খোজা নাই যে অনুপ্ৰৱেশকাৰীক মিচিং যুৱকসকলে হাতত অস্ত্র লৈ সীমান্তত থিয় দিব। এই কাম মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ। ইয়াৰ বাবে চিন্তিত হ’ব নালাগে। যদি অসমত অনুপ্রৱেশকাৰী ৰোধ কৰিব লাগে, তেন্তে অহা নিৰ্বাচনত পুনৰবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰক। মিচিং যুৱ মহোৎসৱত অমিত শ্বাহৰ প্রতিশ্রুতি- তৃতীয়বাৰলৈ অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন কৰক, অনুপ্ৰৱেশকাৰীক আমি অসমত প্ৰৱেশত ৰোধ কৰাই নহয়, এজন এজন অনুপ্ৰৱেশকাৰীক বাছি বাছি ৰাজ্যৰ বাহিৰ কৰি দিয়াৰ দায়িত্ব ল’ম। বিৰোধী কংগ্রেছক তীব্র সমালোচনা কৰি গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য-কংগ্ৰেছৰ শাসনকালত অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছিল নীৰৱ স্থিতি। ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হ’ল। এই জনগাঁথনি পৰিৱৰ্তন ৰোধ তথা খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰিছে। ২০২৫ চনৰ ১৫ আগষ্টত মোদীয়ে হাই পাৱাৰ ডেম’ গ্রাফিক মিছন ঘোষণা কৰিছিল। যিয়ে সমগ্র দেশতে ঘটি থকা অস্বাভাৱিক জনগাঁথনি পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰি ইয়াৰ প্ৰতিকাৰৰ পৰামৰ্শ আগবঢ়াব। অনুপ্ৰৱেশকাৰীৰ এনে আগ্ৰাসনৰ বিপৰীতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে অনুপ্ৰৱেশকাৰীৰ পৰা ১ লাখ ২৬ হাজাৰ একৰ মাটি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে মিচিং সম্প্ৰদায়ৰ ভাষা-সংস্কৃতি আৰু নৃত্য-সাহিত্যক ভূয়সী প্রশংসা কৰি অমিত শ্বাহে কয়-নিজৰ অধিকাৰ, সংস্কৃতি ৰক্ষা কৰিবলৈ হাতত অস্ত্র তুলি ল’লেই নহ’ব। এনে মহোৎসৱৰ দ্বাৰাহে সংস্কৃতি-ঐতিহ্য ৰক্ষা হয়। ভাৰতৰ সংস্কৃতিও মিচিং সংস্কৃতিৰ দৰে বহু পুৰণি সংস্কৃতিৰ সংমিশ্রণেৰে গঠিত। এনে সংমিশ্ৰণৰ দৃষ্টিভংগীয়ে অসমক আগুৱাই লৈ গৈছে। দ’ঞি-প’ল’রে কেৱল অসম তথা অৰুণাচলক বিখ্যাত কৰি তোলাই নহয়, সমগ্ৰ বিশ্বতে ভাৰতক বিখ্যাত কৰি তুলিছে। পূর্বে বিভিন্ন জনগোষ্ঠীয়ে নিজৰ সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লাগিছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- কংগ্ৰেছ চৰকাৰে এই সকলোবোৰ সংস্কৃতিক চেপি ধৰি অসমৰ ভিতৰতে দমন কৰি ৰাখিব বিচাৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসমৰ তথা উত্তৰ-পূবৰ জনগোষ্ঠীৰ মাজত এই বিশ্বাস আনিবলৈ সক্ষম হৈছে যে প্রতিটো সংস্কৃতি, ভাষা, পৰম্পৰাৰ অস্তিত্বৰ সমান অধিকাৰ আছে আৰু এই সকলোবোৰ প্ৰসাৰৰ জৰিয়তেহে আমি আগবাঢ়ি যাব পাৰোঁ। গৃহমন্ত্ৰীগৰাকীয়ে কয়- মিচিং সমাজ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ হৃদস্পন্দন, মিচিং সংস্কৃতি অসম তথা ভাৰতৰ সংস্কৃতিৰ আত্মা আৰু সজীৱৰ পৰিচয়। লগতে ই ভৱিষ্যতৰ ভাৰতৰো প্ৰতীক। ভাৰতৰ স্বাধীনতা সংগ্ৰামত মিচিং সমাজৰ অৱদান আমি পাহৰিব নোৱাৰোঁ। প্রতিটো সংগ্রামতে মিচিং সমাজে দেশ ৰক্ষাৰ বাবে সর্বোচ্চ বলিদান দিছিল। মিচিং সমাজে নদীক প্ৰৱাহিত হোৱাৰ পথ এৰি দি বানপানী ৰোধ কৰাৰ চেষ্টা কৰিছে। আলি-আয়ে-নৃগাং প্রকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰ এক উৎকৃষ্ট উদাহৰণ। গৃহমন্ত্ৰীগৰাকীয়ে অনাগত দিনত মিচিং যুৱক-যুৱতীসকলক কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীত বিশেষ নিযুক্তি প্ৰদানৰ দিহা কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ ফলত স্থানীয় যুৱক-যুৱতীসকলে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাত অৰিহণা যোগাব পাৰিব। তেওঁ কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অসমত শান্তি প্রতিষ্ঠাৰ বাবে কেইবাখনো শান্তি চুক্তিত স্বাক্ষৰ কৰিছে। যাৰ ফলত ১০ হাজাৰ যুৱক-যুৱতীয়ে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে। অসম চৰকাৰে ২০০খন নিম্ন প্রাথমিক বিদ্যালয়ত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰিছে। বিজেপি চৰকাৰে কোনো বিশেষ ব্যক্তিৰ অনুৰোধ অবিহনে এক লাখ ৫৬ হাজাৰতকৈও অধিক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিছে। ৰাজ্যখনত স্থাপন কৰা ছেমিকণ্ডাক্টৰ প্ৰকল্পই ২৭হাজাৰৰো অধিক যুৱক-যুৱতীক চাকৰিৰ সুবিধা প্রদান কৰিব আৰু ২০২৬ চনৰ শেষৰ ফালে মেড ইন আছাম চিপে সমগ্র বিশ্বতে প্ৰৱেশ কৰিব।
