বিধানসভাৰ দ্বিতীয়টো চৌহদৰ শিলান্যাস কৰা দিনটো সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ দিনঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ বিকাশ আৰু ৰূপান্তৰৰ যাত্ৰাত নতুন মাত্রা প্রদানেৰে ডিব্ৰুগড়ৰ খনিকৰ পেৰেড গ্রাউণ্ডত আয়োজিত এখন বিশাল জনসভাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুঠ ১,৭১৫ কোটি টকা ব্যয় সাপেক্ষ ৫টা প্ৰকল্পৰ শিলান্যাস-উদ্বোধন কৰে। এই অনুষ্ঠানত ভাষণ দি আজিৰ দিনটোত ডিব্ৰুগড় জিলা তথা সমগ্ৰ উজনি অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ৰূপে অভিহিত কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। বৰ্তমানৰ চৰকাৰখন গঠনত উজনি অসমৰ ৰাইজে আটাইতকৈ বেছি সমর্থন দিয়া বুলি মন্তব্য কৰি তেওঁ কয় যে উজনি অসমক কেৱল ৰাজনৈতিক দিশৰ পৰাই নহয়; অর্থনৈতিক-সামাজিক-সাংস্কৃতিক দিশেৰেও আগবঢ়াই নিয়াৰ লক্ষ্য লোৱা হৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উজনি অসমৰ ৰাইজক ঢলা-শদিয়া আৰু বগীবিল দলং দিলে। কেইদিনমান পূর্বে প্রধানমন্ত্রী মোদীয়ে ১০,৬০০ কোটি টকাৰে নামৰূপত ১২.৭ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ শিলান্যাস কৰিছিল। গুৱাহাটীৰ বাহিৰত অসম বিধানসভাৰ দ্বিতীয় চৌহদ এটা নিৰ্মাণৰ কল্পনা কৰা নাছিল কোনেও। কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ শিলান্যাস কৰা দিনটো সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ দিন হিচাপে পৰিগণিত হ’ব। খনিকৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ কামো আজি আৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২৫ হাজাৰ মানুহ বহিব পাৰে। দ্বিতীয় পৰ্যায়ৰ কাম শেষ হ’লে খনিকৰ ষ্টেডিয়ামত একেলগে ৩৫ হাজাৰ দৰ্শকে বহি খেল চাব পাৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে ডেৰাডুনৰ ভাৰতীয় বন্যপ্রাণী প্ৰতিষ্ঠানৰ আৰ্হিত দিনজানত বন্যপ্রাণী স্বাস্থ্য-গবেষণা প্রতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা বুলি সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বন্যপ্ৰাণীৰ সুৰক্ষা-সংৰক্ষণৰ বাবে সকলো দিশৰ পৰা উন্নতমানৰ প্ৰতিষ্ঠান হিচাপে ইয়াক গঢ় দিয়া হ’ব। কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে আজি শুভাৰম্ভ কৰা অসমৰ জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ বিষয়েও তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ- কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে উত্তৰ-পূব মহাকাশ প্রয়োগ কেন্দ্ৰৰ সৈতে অসমত বানৰ প্ৰৱণতা হ্রাস কৰাৰ বিষয়ে আলোচনা কৰিছিল। ব্ৰহ্মপুত্ৰৰ কাষত থকা জলাশয়সমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ কৰি বানৰ সময়ত প্রাকৃতিক জলাশয় হিচাপে পানী সংৰক্ষণ কৰিবলৈ পৰামৰ্শ দিছিল তেওঁলোকে। আজি ডিব্ৰুগড়ৰ পৰা অসমৰ ৯খন জিলাত ১৫টা এনে জলাশয়ৰ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিতকৰণ প্ৰকল্প আৰম্ভ কৰা হ’ল। ইয়াৰ বাবে প্ৰয়োজন হোৱা সমুদায় ধন কেন্দ্রীয় গৃহ মন্ত্রালয়ে যোগান ধৰিছে। আন্দোলন, ধর্ণা-ধর্মঘট, বন্দুক-গুলী আদিয়েই এসময়ত অসমৰ পৰিচয় আছিল বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে অসমৰ আকাশত আছিল অশান্তি-অন্ধকাৰৰ কলীয়া ডাৱৰ। এতিয়া অসমলৈ পৰিৱৰ্তন আহিল। ৰাজ্যৰ প্ৰতিটো অঞ্চলৰে পথ-দলং আদি উন্নত কৰা হৈছে। জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় আদি নিৰ্মাণ কৰা হৈছে। এসময়ত উজনি অসমৰ কেৱল ডিব্ৰুগড়ত চিকিৎসা মহাবিদ্যালয় আছিল। কিন্তু এতিয়া যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া আদি সকলো জিলাতে চিকিৎসা মহাবিদ্যালয় হৈছে। উজনি অসমলৈ ব্যাপক পৰিৱৰ্তন অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্রধানমন্ত্রী মোদীৰ বাবেই ঢলা-শদিয়া দলং, বগীবিল দলং, ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী চৌহদ, চৰাইদেউত বিশ্ব ঐতিহ্যক্ষেত্ৰ, ৰংঘৰৰ সৌন্দৰ্য বর্ধন আজি সম্ভৱ হৈছে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বৰ লগতে সম্ভৱ হৈছে দৰিদ্ৰ ৰাইজৰ উন্নতিৰ জয়গান। চাহ বাগানৰ শ্রমিকে ইমান বছৰে ভূমিৰ পট্টা পোৱা নাছিল। কিন্তু অহা ১০ ফেব্ৰুৱাৰীৰ পৰা চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ পট্টা দিয়াৰ বাবে প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। যাতে চাহ বাগিচাৰ সমাজখনে ভূমিৰ অধিকাৰ পাব পাৰে।
