উন্নয়নৰ এক বিস্তৃত ৰূপৰেখা লৈ কালি গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- উন্নয়নৰ এক বিস্তৃত ৰূপৰেখা লৈ কালি গোলাঘাটত উপস্থিত হয় মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীয়ে গোলাঘাট সমষ্টিৰ ৩৬,৮৭৩ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক মূলধন বিতৰণ কৰি মহিলা সৱলীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৷ প্ৰথমে সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰাৰ লগতে- বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, গোলাঘাট মুকলি প্ৰেক্ষাগৃহ, চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, গোলাঘাট-মেৰাপানী পথ, আৰু পদুমনি-ৰঙাজান পথ।সৰ্বমুঠ ৩১৩ কোটি টকা ব্যয়সাপেক্ষ এই উন্নয়নমূলক প্ৰকল্পসমূহে জিলাখনৰ যাতায়ত, শিক্ষা আৰু প্ৰশাসনিক ব্যৱস্থাক অধিক শক্তিশালী কৰি গোলাঘাটৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াত এক নতুন গতি প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানটোত স্থানীয় বিধায়িকা অসম চৰকাৰৰ বৃত্ত মন্ত্ৰী তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বোকাখাটৰ বিধায়ক তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে আন বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।তাৰ পিছতে গোলাঘাট সমন্বয় ক্ষেত্ৰত সহস্ৰাধিক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি (MMUA)”ৰ অধীনৰ হিতাধিকাৰীৰ উপস্থিতত মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্যমিতা আঁচনিৰ অধীনৰ হিতাধিকাৰী সকলক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে । লগতে আগন্তুক নিৰ্বাচন সম্পৰ্কেও বহু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
