উচ্চতম ন্যায়ালয়ৰ ৰায়ত কৈছে- বর্তমান অসম বাংলাদেশৰ আক্রমণকাৰীৰ লক্ষ্য হৈ পৰিছেঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ মিঞা প্রসংগক লৈ সৰৱ হৈ পৰিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। গোলাঘাটত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- মিঞাই অসমক গ্ৰাস কৰিছে বুলি মই কোৱা নাই। আইএমডিটিৰ ৰায়ৰ পৃষ্ঠাই পৃষ্ঠাই এই কথা কৈ থৈছে উচ্চতম ন্যায়ালয়ে। বাংলাদেশৰ পৰা যিসকল লোক আহিছে, তেওঁলোকে নিজেই নিজকে মিঞা বুলি উল্লেখ কৰে। এই নাম মই দিয়া নাই। বুধবাৰে ডিমৌত অনুষ্ঠিত এক জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এটা মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডিমৌৰ জনসভাত মুখ্যমন্ত্ৰীয়ে যিকোনো প্ৰকাৰে মিঞাসকলক কষ্ট দিব লাগে বুলি মন্তব্য কৰে। উদাহৰণস্বৰূপে, ৫ টকা ভাড়া হ’লে মিঞা ৰিক্সাৱালাক ৪ টকা দিবলৈ ৰাইজক পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ভাষণৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্ক হৈছে। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক বিভাজনৰ ৰাজনীতি আৰু সমাজত ঘৃণা বিয়পোৱাৰ এক কৌশল বুলি অভিহিত কৰিছে বিৰোধীয়ে। এই মন্তব্যক তীব্ৰ গৰিহণা দিছে একাংশই। এনে বিতৰ্কৰ মাজতে মুখ্যমন্ত্রী ড° শর্মাই কয়- উচ্চতম ন্যায়ালয়ে ৰায়ত উল্লেখ কৰিছে যে বর্তমান অসম বাংলাদেশৰ আক্রমণকাৰীৰ লক্ষ্য হৈ পৰিছে। বাংলাদেশৰ পৰা এই লোকসকলে আহি অসমখনক আক্রমণ কৰি আছে। এয়া মোৰ ভাষা নহয়, উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ কথা। সর্বোচ্চ ন্যায়ালয়ে মুছলমান শব্দটো উল্লেখ কৰিছে। কিন্তু মই মুছলিম শব্দ ব্যৱহাৰৰ পৰিৱৰ্তে মিঞা শব্দ ব্যৱহাৰ কৰিছোঁ। উচ্চতম ন্যায়ালয়ে ডাটাত দেখুৱাইছে যে অসমত মিঞা কিমান সোমাইছে। অসমৰ ওপৰত আক্ৰমণ হৈছে। এইবোৰ কথা মই কোৱা কথা নহয়। মই যিবোৰ কথা কৈছোঁ, উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতহে কৈছোঁ। এটা শব্দও মোৰ নিজৰ নহয়। বাংলাদেশৰ পৰা অসমলৈ মিঞা অহা নাই নেকি? এই কথাটো ভুল নেকি? মই যদি ভুল কৰিছোঁ, তাক ভুল বুলি প্ৰমাণ কৰক। যিবোৰ জিলাত আগতে মুছলমানৰ সংখ্যা ১০ শতাংশ আছিল এতিয়া ৬০ শতাংশ কেনেকৈ হ’ল? এইবিলাক প্রশ্ন মই উত্থাপন কৰা নাই, এয়া উচ্চতম ন্যায়ালয়ে উত্থাপন কৰিছে। মিঞা শব্দটো গোপীনাথ বৰদলৈ, অম্বিকাগিৰী ৰায়চৌধুৰী, বিষ্ণুৰাম মেধিয়ে মই যিমান কৈছোঁ তাতকৈ বেছিকৈ কৈছে। হীৰেন গোহাঁয়েও ১৯৯২ত মিঞা শব্দৰ ব্যৱহাৰ কৰিছিল। উল্লেখ্য যে মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমত মিঞা শব্দ প্ৰকাশ কৰা বাবে তেওঁক কৰা সমালোচনাক লৈ স্পষ্টভাৱে এইবুলি উল্লেখ কৰিছে- অবৈধ বাংলাদেশী মুছলমান ‘মিঞা’ক’লৈ মই কৰা মন্তব্যৰ বাবে যিসকলে অহৰহ আক্ৰমণ কৰাৰ প্ৰয়াস কৰিছে, তেওঁলোকে অলপ শান্ত হৈ দেশৰ উচ্চতম ন্যায়ালয়ে অসমৰ বিষয়ে কি কৈছে সেয়া পঢ়ি চোৱা উচিত। এয়া মোৰ ভাষ্য নহয়, মোৰ কল্পনাও নহয় আৰু কোনো ৰাজনৈতিক অভিসন্ধিও নহয়। ন্যায়ালয়ে নিজেই কৈছে যে অসমত হোৱা নীৰৱ আৰু ভয়াৱহ জনগাঁথনিৰ আগ্রাসনে নামনি অসমৰ ভূ- ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ জিলাসমূহ হেৰুওৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। অবৈধ প্ৰব্ৰজনৰ ফলত এই জিলাসমূহ লাহে লাহে মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল হিচাপে পৰিগণিত হৈছে। মাত্ৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰিব-বাংলাদেশৰ সৈতে সেইসমূহ জিলাৰ একত্ৰীকৰণৰ দাবী উত্থাপন। নামনি অসম হেৰুৱালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ বাকী অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিব আৰু সেই অঞ্চলৰ চহকী প্ৰাকৃতিক সম্পদ দেশে হেৰুৱাব লাগিব। যেতিয়া দেশৰ সৰ্বোচ্চ সাংবিধানিক ন্যায়ালয়ে ‘জনগাঁথনিত আগ্রাসন’ৰ দৰে শব্দ ব্যৱহাৰ কৰি ভূমি হেৰুওৱা আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সম্ভাব্য বিপদৰ সতর্কবাণী দিয়ে, তেনে বাস্তৱক স্বীকাৰ কৰাটো ঘৃণা বা সাম্প্রদায়িকতা নহয় বা কোনো সম্প্রদায়ক কৰা আক্ৰমণো নহয়। এয়া হৈছে দশকৰ পিছত দশক ধৰি অসমে ভুগি অহা এক গুৰুতৰ তথা দীঘলীয়া সমস্যাৰ স্বীকৃতি। আমাৰ এই প্রচেষ্টা কোনো ধৰ্ম বা ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নহয়। উচ্চতম ন্যায়ালয়ে দেশক আগবঢ়োৱা সতর্কবাণীৰ দৰে আমাৰ প্রচেষ্টা হৈছে ভাৰতৰ অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰা। সেই সতর্কবাণীক উপেক্ষা কৰাটোৱেই হ’ব প্রকৃতভাৱে অন্যায়-অসমৰ প্ৰতিও আৰু ভাৰতৰ প্ৰতিও। কেতিয়াবা ভাবিছেনে- আমি এতিয়া এইখন অসমত বাস কৰি আছো, য’ত আমাৰ সত্ৰসমূহ অবৈধ বাংলাদেশীৰ বিচৰণস্থলী হৈ পৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতিবিজড়িত বটদ্ৰৱা থানৰ চৌদিশ ‘অচিনাকি’ লোকেৰে ভৰিছে। অসমৰ বিভিন্ন ঠাইত হাজাৰ হাজাৰ বিঘা বনাঞ্চলৰ ভূমি অবৈধ লোকে দখল কৰি থাকে। অসমৰ অস্তিত্বৰ কথা ভাবি আমি সাহস কৰিছোঁ, সত্ৰৰ ভূমি মিঞাৰ পৰা উদ্ধাৰ কৰিছোঁ, আমাৰ বনাঞ্চলৰ ভূমি অধিকাৰ আমাৰ হাতলৈ ওভতাই অনাৰ আপ্রাণ প্রয়াস কৰি আছোঁ। সেইবাবেই মিঞাপ্রীতিত গদ্গ হৈ থকাসকলে মোক অহৰহ আক্ৰমণ কৰে। অসমৰ জনগাঁথনিত পৰিৱৰ্তনৰ বাবে তেওঁলোকে ভ্রূক্ষেপ নকৰে। তেওঁলোকে বিচাৰে অসমত মিঞাসকল সংখ্যাগুৰু হওক। পুনৰবাৰ কৈছোঁ অসমৰ পৰিচয়, নিৰাপত্তা আৰু ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবে আমি আমাৰ দৃঢ় স্থিতিৰ পৰা কেতিয়াও আঁতৰি নাহোঁ।
