প্ৰত্যাশা – ছেলিনা জেছ্মিন

Pc Shutterstock

অণুগল্প

 প্ৰত্যাশা

ছেলিনা জেছ্মিন,ধুবুৰী

বৃদ্ধ বয়সত জীৱনৰ একমাত্ৰ সাৰথি লাখুটি ডালক হেৰুৱাই দুখৰ অশ্ৰু বোৱাই বাটলৈ চাই থাকে হয়তো কোনোবাই আহি সুধিব পাৰে ভালনে আপোনাৰ ককা তাৰেই প্ৰত্যাশাত। ৰঙীন পৃথিৱীৰ বাসিন্দা ককা এতিয়া ৰসহীন, প্ৰাণহীন, নিৰ্বাক। আকাংক্ষা কেৱল এটাই,সেই হেৰাই যোৱা লাখুটি ডালৰ পথৰ পথিক হ’বলৈ।