আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৭ সমষ্টিত প্রার্থী দিলে চিপিআয়ে 

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৭ সমষ্টিত প্রার্থী দিলে চিপিআয়ে 

ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী শিবিৰ ঐক্যত ফাট মেলিল। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰসংগটো চৰ্চাত থকা সময়তে বিৰোধীৰ মিত্রতাত বিভাজন আহিল ।  আসন বুজাপৰাক কেন্দ্ৰ কৰিয়েই অনৈক্যৰ সৃষ্টি হ’ল বিৰোধী ঐক্যৰ মাজত। মূলতঃ কংগ্ৰেছ দলে অংশীদাৰ দলক আসন এৰি দিয়াৰ ক্ষেত্ৰত এৰা-ধৰাৰ মনোভাব গ্রহণ কৰাৰ পৰিৱৰ্তে এলাগী কৰি অহাৰ বাবেই বিৰোধী ঐক্যত ফাট মেলিল। বিৰোধী ঐক্যৰ অন্যতম অংশীদাৰ দল চিপিআয়ে আসন্ন বিধানসভা নির্বাচনত নিজাববীয়াকৈ সাতখন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে। মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ পৰা সঁহাৰি লাভনকৰাত দলটোৱে এই সিদ্ধান্ত গ্রহণ কৰে। কালি চিপিআইৰ অসম ৰাজ্য পৰিষদৰ ৰাজ্যিক কার্যনির্বাহক বৈঠকে অহা বিধানসভা নির্বাচনত সাতটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। চিপিআই দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টি সাতটা হৈছে- শিৱসাগৰ, নাজিৰা, তিতাবৰ, মৰিগাঁও, ঢকুৱাখনা, ডিমৌ আৰু গৌৰীপুৰ। শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে মদন বৰুৱা, সত্যেন্দ্র গগৈ, অনুপ গগৈ আৰু সুভাষিনী বৰুৱাৰ নাম আহিছে। নাজিৰা সমষ্টিৰ বাবে কনক গগৈ আৰু তালেব আলীৰ নাম আহিছে। ডিমৌ সমষ্টিৰ বাবে কৃষ্ণ গগৈ, জিতেন্দ্র বৰপাত্ৰগোহাঁই আৰু অজয় বৰাৰ নাম আহিছে। তিতাবৰৰ বাবে বিশ্বজিৎ শইকীয়া, মৰিগাঁৱৰ বাবে তপন ডেকা, ঢকুৱাখনাৰ বাবে ধীৰেন কছাৰী আৰু গৌৰীপুৰৰ বাবে শেখ মনছুৰ ৰহমানৰ নাম আহিছে। আজি গুৱাহাটীত আয়োজিত এক সংবাদ মেলত চিপিআই দলে এই বিষয়ে প্রকাশ কৰি কয় যে তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰিব বিচৰা এই সাতটা সমষ্টিৰ তালিকা যোৱা ৪ জানুৱাৰীতে কংগ্ৰেছ দলক অর্পণ কৰিছিল। কিন্তু আজিলৈকে কংগ্রেছে এইক্ষেত্রত কোনো সিদ্ধান্তৰ বিষয়ে তেওঁলোকক অৱগত নকৰিলে। আনকি প্রদেশ কংগ্ৰেছৰ সভাপতিক ফোন কৰিও তেওঁলোকে সঁহাৰি নাপালে। বিৰোধী ঐক্যমঞ্চৰ নেতা লুৰিণজ্যোতি গগৈ, অখিল গগৈয়েও তেওঁলোকৰ ফোনৰ প্ৰতি কোনো সঁহাৰি নিদিলে। বৰং তেওঁলোকে জানিব পৰা মতে কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যমঞ্চৰ একাংশ দলে চিপিআই দলক আসন এৰি দিব নিবিচাৰে। চিপিআই দলক আসন এৰি দিয়াৰ বিৰোধিতাহে কৰি আহিছে। চিপিআইক আসন এৰি দি সমষ্টি কিয় হেৰুৱাব বিচাৰিছে বুলিও দুর্ভাগ্যজনক মন্তব্যহে কৰে। এনে পৰিস্থিতিত তেওঁলোকে আসন্ন বিধানসভা নির্বাচনত নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।