আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ
ৰঙিলী বাৰ্ত্তাসেৱা- আজি অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। আজি ডিব্ৰুগড়ত উপস্থিত হ’বলগা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৩০ জানুৱাৰীত ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্রী অমিত শ্বাহৰ আগমনৰ বিস্তৃত কাৰ্যসূচী সদৰী কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ২৯ জানুৱাৰীৰ নিশা ডিব্ৰুগড়ত কটাবলগা অমিত শ্বাহে ৩০ জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব আৰু আন কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতহে গৃহমন্ত্ৰীগৰাকীয়ে ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ উভতিব। সন্ধিয়া গৃহমন্ত্রী শ্বাহে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত ৰাজনৈতিক আলোচনাত অংশ ল’ব। নিশা ৭ বজাত অমিত শ্বাহ পশ্চিমবংগলৈ উভতি যাব। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত অসম ভ্রমণ কৰিবলগা অমিত শ্বাহৰ এই ভ্রমণসূচীৰ মাজতে চূড়ান্ত হ’ব পাৰে বিজেপি আৰু মিত্ৰজোঁটৰ মাজৰ আসন ভাগ-বাটোৱাৰাৰ প্ৰক্ৰিয়া। বাজপেয়ী ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতিৰ বিস্তৃত তথ্য লোৱাৰ লগতে মিত্ৰদল অগপ, বিপিএফ, ইউপিপিএলৰ সৈতে কি ধৰণৰ আসন বুজাবুজি হ’ব সেই সম্পর্কতো কিছু চূড়ান্ত নির্দেশনা দিয়াৰ সম্ভাৱনা আছে। সমান্তৰালভাৱে গৃহমন্ত্ৰীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থীৰ তালিকাৰ ক্ষেত্ৰতো ৰাজ্যিক বিজেপিক প্রদান কৰিব পাৰে কিছু নির্দেশনা। স্বাভাৱিকতে অমিত শ্বাহৰ অসম ভ্ৰমণ ৰাজ্যিক বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে।
