সংসদৰ যুটীয়া অধিৱেশন সম্বোধন ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

সংসদৰ যুটীয়া অধিৱেশন সম্বোধন ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে সংসদৰ যুটীয়া অধিৱেশন সম্বোধন কৰি অসম তথা সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু সাংস্কৃতিক ঐতিহ্যক বিশেষ মর্যাদা দিয়ে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ভাষণত ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক  দৰ্শনক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। গুৰুজনাৰ মানৱতাবাদী আদর্শই দেশৰ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ ধাৰণাটোক শক্তিশালী কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ এই মহান মনীষীৰ শিক্ষা আজিও সমগ্ৰ দেশৰ বাবে প্ৰেৰণাৰ উৎস। একেদৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ প্ৰসংগ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সুধাকণ্ঠৰ কালজয়ী গীতসমূহে দেশবাসীক ৰাষ্ট্ৰীয় একতাৰ সুৰেৰে বান্ধি ৰাখিছে। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত অহা বৈপ্লৱিক পৰিৱৰ্তনৰ খতিয়ান দাঙি ধৰি ৰাষ্ট্ৰপতি মুর্মুৱে ভাষণত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সংযোগৰ এক নতুন দিগন্তৰ সূচনা হোৱাৰ কথা সদৰী কৰে। তেওঁ বিশেষভাৱে উল্লেখ কৰে যে অসম আৰু পশ্চিমবংগৰ মাজত নতুনকৈ আৰম্ভ হোৱা ‘বন্দে ভাৰত শ্লীপাৰ ট্রেইন’ সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ যাত্ৰীসকলৰ বাবে এক আধুনিক আৰু আৰামদায়ক যাত্ৰাৰ সূচনা কৰিছে। ইয়াৰ উপৰি মিজোৰামৰ ৰাজধানী আইজলক পোনপটীয়াকৈ দিল্লীৰ সৈতে ব্ৰডগজ  ‘ললাইনৰ জৰিয়তে সংযোগ কৰাটো এক ঐতিহাসিক সফলতা বুলি তেওঁ অভিহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ মতে, এই উন্নত যোগাযোগ ব্যৱস্থাই অঞ্চলটোৰ পৰ্যটন আৰু বাণিজ্যিক সম্ভাৱনাক দুগুণ বৃদ্ধি কৰিব। একেদৰে স্বাস্থ্যখণ্ডত চৰকাৰে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে এতিয়া নিজৰ অঞ্চলতে উন্নত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ অসমৰ শিৱসাগৰত স্থাপন হ’বলগীয়া নতুন চিকিৎসা মহাবিদ্যালয়ৰ কথা উল্লেখ কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ ইটানগৰত স্থাপিত ৰাজ্যিক কর্কট প্ৰতিষ্ঠানৰ জৰিয়তে দুৰাৰোগ্য ব্যাধিৰ চিকিৎসা সহজলভ্য হ’ব বুলি আশা প্রকাশ কৰে। তদুপৰি, ত্ৰিপুৰাৰ আগৰতলাত মাতৃ আৰু শিশুৰ বাবে নির্মাণ কৰা বিশেষ চিকিৎসালয় আৰু ছিকিমৰ চিচেইত স্থাপন হোৱা চিকিৎসা  মহাবিদ্যালয়ে অঞ্চলটোৰ স্বাস্থ্য আন্তঃগাঁথনিক এক নতুন মাত্রা প্রদান কৰা বুলি ৰাষ্ট্ৰপতি মুর্মুৱে মত ব্যক্ত কৰে। লক্ষণীয়ভাৱে ৰাষ্ট্ৰপতি মুর্মুৱে আজি সামগ্রিকভাৱে কেন্দ্রীয় চৰকাৰৰ সাফল্য আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ খতিয়ান দাঙি ধৰি ২০২৬ চনটোক দেশৰ বাবে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ বুলি মন্তব্য কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক এক শক্তিশালী আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথা তেওঁ ভাষণত দৃঢ়তাৰে উল্লেখ কৰে। ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে যোৱা এটা দশকত চৰকাৰৰ জনকল্যাণমূলক নীতিৰ  ফলস্বৰূপে দেশৰ প্ৰায় ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে। দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত কৰি চৰকাৰে ১২ লাখ টকা পর্যন্ত উপাৰ্জনক আয়কৰৰ পৰা ৰেহাই দিয়াৰ যি ঐতিহাসিক সিদ্ধান্ত লৈছে, তাক তেওঁ বিশেষভাৱে প্রশংসা কৰে। ইয়াৰ উপৰি ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত ৪ কোটি দৰিদ্ৰ পৰিয়ালক পকী ঘৰ প্ৰদান আৰু ‘জলজীৱন মিছন’ৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাটো চৰকাৰৰ এক ডাঙৰ সাফল্য বুলি তেওঁ সদৰী কৰে। দেশৰ অৰ্থনৈতিক প্রগতি সন্দর্ভত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বর্তমান ভাৰত বিশ্বৰ দ্রুততম বর্ধনশীল অর্থনীতিসমূহৰ ভিতৰত অন্যতম। জিএছটি সংস্কাৰৰ ফলত দেশৰ অৰ্থনীতি অধিক স্বচ্ছ আৰু শক্তিশালী হৈছে। প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে কৃত্রিম বুদ্ধিমত্তা (এ আই) আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এইক্ষেত্রত অসমৰ কথা উল্লেখ কৰি তেওঁ কয় যে ছেমিকণ্ডাক্টৰ উদ্যোগে অসমক শীঘ্রে বিশ্বৰ ইলেক্ট্ৰ’নিক সামগ্ৰীৰ আয়ুসৰেখা (লাইফলাইন) ৰূপে গঢ়ি তুলিব। আনহাতে ডিপফেক আৰু ভুল তথ্যৰ দৰে প্ৰযুক্তিৰ অপব্যৱহাৰে গণতন্ত্ৰৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি তেওঁ দেশবাসীক সতৰ্ক কৰি দিয়ে। মহাকাশ গৱেষণা আৰু বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সফলতাক গৌৰৱেৰে স্মৰণ কৰি ৰাষ্ট্ৰপতি গৰাকীয়ে ‘গগণযান’ অভিযান আৰু ভাৰতীয় মহাকাশচাৰীৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ হ’বলগীয়া যাত্ৰাক দেশৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে।  লগতে ২০৩০ চনত ভাৰতে কমনৱেল্থ গেমছ আয়োজন কৰিবলৈ সুযোগ পোৱাটো দেশৰ ক্ৰীড়া জগতৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি তেওঁ উল্লেখ কৰে। দেশৰ নিৰাপত্তা ব্যৱস্থাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি মুর্মুৱে কয় যে সন্ত্রাসবাদ আৰু মাওবাদী হিংসাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।  বছৰ বছৰ ধৰি দেশৰ ১২৬খন জিলাত ভয় আৰু শংকা তথা অবিশ্বাসৰ পৰিৱেশে বিৰাজ কৰিছিল। মাওবাদী চিন্তাধাৰাই যুৱ প্ৰজন্মৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছিল। এতিয়া মাওবাদীৰ প্ৰত্যাহ্বান মাত্র ৮খন জিলালৈ সংকুচিত হৈছে। মাওবাদৰ সৈতে জড়িত প্রায় ২০০০ লোকে আত্মসমর্পণ কৰিছে। ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁৰ চৰকাৰে ৬০ হাজাৰ যুৱক-যুৱতীক ছেমিকণ্ডাক্টৰৰ প্ৰশিক্ষণ দিছে আৰু ১০ লাখক কৃত্রিম বুদ্ধিমত্তাৰ বাবে প্রশিক্ষণ দিয়া হৈছে। তেওঁ কয় যে মুদ্রা আঁচনিৰ অধীনত ৩৮ লাখ কোটি টকাৰ পুঁজি মোকলাই দিয়া হৈছে। প্রায় ১২ কোটি ঋণ সংস্থাপনৰ বাবে দিয়া হৈছে। পি এম স্বনিধি আঁচনিৰ জৰিয়তে ৭২ লাখ লোকক ১৬ লাখ কোটি টকাৰ সাহায্য দিয়া হৈছে। আজি প্রায় দুই লাখ ষ্টার্টআপ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াত ২০ লাখ লোকে কাম কৰি আছে। ইয়াৰে প্ৰায় ৪০%ত এজন সঞ্চালক মহিলা। ৰাষ্ট্ৰপতিয়ে লগতে প্রকাশ কৰে যে লাখপতি দিদিৰ সংখ্যা ২ কোটি হৈছেগৈ। ছেপ্টেম্বৰ মাহত স্বাস্থ্যৱান নাৰী-শক্তিশালী পৰিয়াল অভিযানৰ জৰিয়তে সাত কোটি মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই আঁচনিয়ে মহিলাসকলৰ ক্ষিপ্ৰ চিকিৎসাত সহায় কৰিছে। এন ডি এত প্ৰথমবাৰৰ বাবে মহিলা প্রার্থী উত্তীর্ণ হৈছে।