চিন্তন
মিতালি বৰঠাকুৰ,মালিগাওঁ
আমাৰ বুকুৰ ভিতৰত
সদায় এখন যুদ্ধ চলি আছে
য’ত ৰ্নিলিপ্ত হৈ থাকে প্ৰেম আৰু ঘৃণা
কেতিয়াবা কথাবোৰ হৈ পৰে
পটন্তৰ , সাধুকথাৰ দৰে
আৰু কেতিয়াবা কথা বোৰ
গীতা, উপনিষদৰ প্ৰেমৰ বাণী।
আবেগ আৰু অজুহাতৰ দোমোজাত
ওপঙি থকা আমি
একো একোটা অৱচেতন আত্মা
যেন শামুকৰ খোলাত নিদ্ৰাৰত এক জীৱন্ত ফচিল।
