অস্তিত্ব ৰক্ষাৰ জিঘাংসা : এক সংঘাত – ময়ূৰী বৰগোহাঁই

 অস্তিত্ব ৰক্ষাৰ জিঘাংসা : এক সংঘাত

ময়ূৰী বৰগোহাঁই
দশম শ্ৰেণী
জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়
মাদুৰি, শিৱসাগৰ

(১)
“লুইতৰ আকাশত তৰাৰ তৰাৱলী
পাৰত দীপাৱলী তেজেৰে মোৰ
আই নাকান্দিবি,
থাপনাত তেজেৰে বন্তি দিলেদি
সন্তানে তোৰ”

ৰূপান্তৰৰ শিল্পী জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ কালজয়ী গীতৰ মূৰ্চ্ছনাই যেন প্রেক্ষাগৃহত উপস্থিত থকা সকলোৰে মন-প্রাণ বাঙ্ময় কৰি অত্যন্ত হৃদয়স্পর্শী কৰি তুলিছিল । সঁচাই, জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ প্রতিটো গীতৰ মূৰ্চ্ছনাই আমাক যেন দি যায় জীৱন জীয়াৰ মস্ত্র ।

কি যে অপূৰ্ব কণ্ঠ আছিল সেয়া । আগৰৱালাদেৱৰ গীত আৰু কবিতাসমূহত প্রবাহিত গণমুক্তি আলোক চেতনা আৰু শিল্প চেতনাৰ চিৰন্তন ঢৌৱে প্রকৃতাৰ্থত সাংস্কৃতিক বিপ্লৱৰ দ্বাৰা গণমুক্তিৰ সপোন দেখিছিল আৰু ৰূপান্তৰৰ মাজেদি জগত জিনাৰ সপোন ৰচিছিল ।

আজি ১৭ জানুৱাৰী, শিল্পী দিৱস । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথি । বহ্নিশিখাহঁতৰ ঘৰৰ কাষতে থকা সেউজ সংঘটো আজি প্ৰত্যেক বছৰৰ দৰে শিল্পী দিৱস পাতিছে । দিনৰ ভাগত কণ কণ শিশুসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু জ্যোতি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছে । লগতে আবেলিলৈ অঞ্চলটোৰ কিশোৰ-কিশোৰীসকলৰ দ্বাৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ “লভিতা” নাটখন পৰিবেশন কৰোৱা হৈছে । দিনৰ প্ৰতিযোগিতাসমূহ অন্ত পৰাৰ পিছত সৰুকৈ এটা সাংস্কৃতিক অনুষ্ঠানো ৰখা হৈছে ।

বহ্নিশিখা বৰুৱা, পেছাত অসমৰ এখন নামজ্বলা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা হোৱাৰ লগতে এগৰাকী সুদক্ষ লেখিকাও । শিক্ষকতাৰ বৃত্তিটোত জড়িত হোৱাৰ বেছি দিন হোৱা নাই যদিও কম সময়ৰ ভিতৰতে শিক্ষাৰ্থী সকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । বহ্নিশিখাৰ ঘৰৰ কাষতেই অৱস্থিত এই সেউজ গৃহটো । অনুষ্ঠানটোৰ উদ্যোক্তাসকলে বহ্নিশিখাক সাংস্কৃতিক অনুষ্ঠানটোত চমুকৈ দুআষাৰ ক’বলৈ অনুৰোধ কৰিলে । বহ্নিশিখাই তেওঁলোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই অনুষ্ঠান পৰিবেশন কৰিবলৈ বুলি মঞ্চলৈ উঠি গ’ল —–

বহ্নিশিখা : নমস্কাৰ…

পোনপ্ৰথমে আজি শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকলকে প্ৰমুখ্য কৰি আজি এই মঞ্চ শুৱনি কৰা সকলোলৈকে মোৰ হৃদয়ৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ আৰু লগতে প্ৰত্যেকলৈকে শিল্পী দিৱসৰ শুভেচ্ছা জনালোঁ ।

আজি শিল্পী দিৱস । শিল্পী দিৱসৰ আজিৰ এই পবিত্ৰ ক্ষণত অসমৰ জনজীৱনক সমন্বয় তথা সম্প্ৰীতিৰ বিশাল ব্ৰহ্মপুত্ৰৰ চিৰপ্ৰবাহিত গতিত নিজকে বিলাই দি মানুহৰ মাজত প্ৰেম আৰু মানৱীয়তাৰ সৰগ ৰচা ৰূপান্তৰৰ শিল্পী জ্যোতিপ্রসাদ আগৰৱালাক সশ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ ।

জীৱনৰ কেবলমাত্র ৪৮ বছৰীয়া চুটি জীৱনকালছোৱাত তেখেতে অসমীয়া জনজীৱনৰ আর্থ-সামাজিক, ৰাজনৈতিক, সাহিত্য, সংগীত তথা কলা-সংস্কৃতিক যিধৰণে উজ্জীৱিত কৰি থৈ গৈছে তাৰ সঁচাকৈয়ে তুলনা নাই । আন্তর্জাতিক খ্যাতিসম্পন্ন জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বৈপ্লবিক সত্তাৰে এক উজ্জ্বল নক্ষত্রস্বৰূপ, যাৰ শিল্পীসত্তাই আছিল প্ৰাণৰ ভূষণ । এই মহান মনিষীগৰাকীৰ জীৱন বৃত্তান্ত আপোনালোকক হয়তো দুনাই কোৱাৰ প্ৰয়োজন নাই । মই আপোনালোকৰ সন্মুখত অন্য কেইটামান মনৰ ভাবহে উল্লেখ কৰিব খুজিছোঁ । আচলতে জ্যোতিপ্রসাদ আগৰৱালাদেৱে সৃষ্টি কৰি থৈ যোৱা সুন্দৰৰ হাতখন বৰ ৰসাল । কিন্তু বৰ্তমান সময়ত আমি তাকেই বুজিব নোৱাৰি ‘সুন্দৰৰ শিল্পী’জনাৰ সুন্দৰ সৃষ্টিক ম্লান কৰি তুলিছোঁ । অপ্ৰিয় হ’লেও এয়াই সত্য যে নিৰ্বাচনী সভাত উদাত্ত কণ্ঠেৰে জাতীয়তাবাদৰ কথা কোৱা নেতাবোৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দৰে গণশিল্পীক সন্মান জনাবলৈ কিঞ্চিত সময় নহয় । নিজ স্বাৰ্থ পূৰণৰ পাছত সকলো পাহৰি যায় ! জ্যোতিৰ সেই সপোনৰ সেউজ অসমখনিত আজি চৌদিশে প্ৰৱঞ্চনাৰ মন্ত্র চলে । কৃষ্টি-সংস্কৃতি আজি বিপন্ন, ধূসৰ ধোৱাৰে আচ্ছন্ন আজি অসমীয়া । ইয়াৰ প্ৰধান কাৰণ অৱশ্যে আমি নিজেই । নিজৰ এটা স্বকীয় ভাষিক, সাংস্কৃতিক ঐতিহ্য থকাৰ পিছতো আমি বহিঃৰাগত সংস্কৃতিক ৰঙা দলিচা পাৰি আদৰিছোঁ । আজিৰ দিনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দৰে শব্দৰ বিপ্লৱী বাণেৰে অসমীয়াৰ হেৰুৱা চেতনাক পুনৰ জাগ্ৰত কৰিবলৈ, সৃষ্টিৰ বিপ্লৱী মালিতাৰে কৃষ্টিৰ পথাৰত নৱ আলোকধাৰা বোৱাবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দৰে এজন প্ৰকৃত শিল্পীৰ অভাৱ, সৃষ্টিশীল বিপ্লৱৰ অভাৱ, সেয়েতো আজি স্বাধীন হৈও আমি দুৰ্নীতিৰ পৰাধীন । আমি আজি এই পাৰিপাৰ্শ্বিক সমাজখনত প্ৰত্যেকেই সূর্যৰ সন্তান হৈ অহা উচিত, কিন্তু সেয়া কেৱল ইতিহাস ৰচিবলৈ নহয়, সৰ্বহাৰাৰ সৰ্বস্ব উভতাবলৈহে । নহ’লে হয়তো এনেদৰে চলি থাকিলে জ্যোতিৰ সেই সেউজ অসমখন নিঃশেষ হ’বলৈ বেছি সময় নালাগিব । ভাবি চাওকচোন এবাৰ জ্যোতিপ্ৰসাদ আগৰৱালা এজন অনা-অসমীয়ালোক হৈয়ো অসমীয়া জাতিক প্ৰাণ ভৰি ভাল পাই অসমীয়া ভাষা-সাহিত্যত মনোনিবেশ কৰি আন্তঃজাৰ্তিক পৰ্যায়ত অসমীয়া জাতিক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল, তেন্তে আমি কিয় নোৱাৰিম ।

শেষত আজি জ্যোতিৰ এই জেউতি চৰাত মোক মনৰ কথাখিনি ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে অনুষ্ঠানটোৰ উদ্যোক্তাসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মোৰ চমু দুৱাষাৰ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ, ধন্যবাদ ।

(২)

বহ্নিশিখা বৰুৱা, অসমৰ এখন নামজ্বলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা । ঠিক নামটি নামটোৰ দৰেই তাই। জুইৰ আঙনিৰ দৰে এখন সপ্ৰতীভ উজ্জ্বন বদন আৰু বহ্নিশিখাৰ দৰে এটা উদাত্ত কন্ঠ ।

বহ্নিশিখাৰ দেউতাক ধীৰেন বৰুৱা গাঁৱৰে প্রাথমিক বিদ্যালয়খনৰ প্রধান শিক্ষক আছিল । দেউতাক ধীৰেন বৰুৱাই তাইৰ ককাদেউতাকে প্রতিষ্ঠা কৰি থৈ যোৱা গাওঁখনৰ ছাত্র-ছাত্রীসকলৰ শিক্ষাগ্ৰহণৰ একমাত্র ভৰসা জ্ঞানজ্যোতি আদর্শ প্ৰাথমিক বিদ্যালয়ত ৩০ টা বছৰে বিনা-বেতনেৰে ছাত্র-ছাত্রীসকল তথা অঞ্চলটোৰ প্ৰতি সেৱা আগবঢ়াই আহিছে । মাথোঁ দুবছৰ পূর্বে ধীৰেন বৰুৱা আৰু তেওঁৰ সহকর্মীসকলৰ অশেষ শ্রম, ত্যাগ আৰু আশাশুধীয়া প্রচেষ্টাৰ বিনিময়ত বিদ্যালয়খন প্রাদেশীকৃত হ’বলৈ সক্ষম হৈছে ।

ধীৰেন বৰুৱাৰ একমাত্র কন্যা সন্তান বহ্নিশিখা । ঘৰত সকলোৱে মৰমৰ শিখা । মাতৃৰ অবিহনে দেউতাকে বহ্নিশিখা আৰু তাই ককায়েক দিগ্বিজয়ক অতি কষ্টৰে ডাঙৰ কৰিছে । কোনোদিনে মাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই । দেউতাকৰ মৰমত ডাঙৰ হোৱা বহ্নিশিখা আছিল সৰুৰে পৰা এক বেলেগ ধাতুৰে গঢ়া । ভালত ভাল আৰু বেয়াত অত্যন্ত বেয়া, কাৰোলৈকে ভয় নকৰা, নিৰ্ভীক, স্পষ্টবাদী, জেদী আৰু অত্যন্ত স্বাভিমানী । তাই যুক্তি আৰু কন্ঠত জ্যেষ্ঠজনেও হাৰ মানিবলৈ বাধ্য হয় । কাৰোবাৰ দৃষ্টিত হয়তো তাই হ’ব পাৰে ডাঙৰৰ মুখে মুখে তর্ক কৰা, শিষ্টাচাৰ নজনা এজনী অভদ্র আৰু অকমণ্য ছোৱালী । তাই চকুৰ আগত আনৰ ওপৰত হোৱা অন্যায় হোৱা কেতিয়াও চাই থাকিব নোৱাৰে । কোনো ব্যক্তিয়ে অভদ্রামী কৰিছে, প্রয়োজন সাপেক্ষে তাই সেই ব্যক্তিজনক অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰে । লাগিলে সেই ব্যক্তিজন যিমানেই জ্যেষ্ঠ নহওঁক কিয়, যিমানে উচ্চ পদবীধাৰী ব্যক্তি নহওঁক কিয় । কাৰণ ব্যক্তিজনে নিজেই নিজৰ বয়সৰ মৰ্যাদাটো বুজি পোৱা নাই তেনেস্থলত তাইক কোনোৱে অভদ্র বুলি ভাবে, তেন্তে তাইৰ ক’ব লগা একো নাই । কাৰণ তাই জানে যে তাই শুদ্ধ ।

বহ্নিশিখা যে সৰুৰে পৰা এনে নাছিল । এজনী তেনেই নিৰ্জু, অমায়িক আৰু সহজ-সৰল ছোৱালী আছিল বহ্নিশিখা । কিন্তু সিঁহতৰ ঘৰখনৰ পৰিৱেশ পৰিস্থিতি আৰু সময়ে বাধ্য কৰাইছিল তাইক এনে হ’বলৈ । তেতিয়া হয়তো তাই মাথোঁ অষ্টম শ্রেণীৰ ছাত্রী আছিল । সিহঁতৰ ঘৰখনলৈ যেন কাল অনামিশা নামি আহিছিল । মৰিশালীৰ দৰে নিস্তব্ধ হৈ পৰিছিল সিহঁতৰ ঘৰখন । দেউতাকৰ যেন সিদিনা কান্দিবলৈও শক্তি নোহোৱা হৈছিল । সিহঁতৰ চুবুৰীয়া বৰদেউতাকজনে তাইক কৈছিল তাইৰ ককায়েক দিগ্বিজয়ে হেনো আলফাত যোগদান কৰিছে । তাইৰ সেই ফুলকুমলীয়া মনটোৱে সিদিনা বুজিব পৰা নাছিল আলফানো কি । দেউতাকৰ অসহনীয় মৌনতা পৰিভাষা তাই সিদিনা বুজা নাছিল । সৰুৰে পৰা মাকৰ অবিহনে অকলেই অতি কষ্টৰে ডাঙৰ কৰা সন্তানৰ এক অনিশ্চয়তাৰ পৃথিৱীলৈ গুচি যোৱাৰ বাতৰি পাই দেউতাকজনৰ মনত কেনে আঘাত দিব পাৰে তাই সিদিনা বুজি পোৱা নাছিল ।

লাহে লাহে বহ্নিশিখাই সকলোবোৰ বুজা হৈ আহিছিল । দেউতাকৰ দুখবোৰো তাই বুজি পোৱা হৈছিল । সেয়ে তাই যিমান পাৰে দেউতাকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে । তাই উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা শাখাত ৮৯% নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ লৈ উত্তীর্ণ হ’বলৈ সক্ষম হৈছিল । বহু বছৰৰ মুৰত যেন বহ্নিশিখাৰ দেউতাকৰ হেৰাই যোৱা মুখৰ হাঁহিটো সিদিনা পুনৰ ঘূৰি আহিছিল । দুখৰ মাজতো যেন এই খবৰটোৱে ঘৰখনলৈ কিছু পৰিমাণে হ’লেও আশাৰ ৰেঙনী আনিছিল ।

(৩)

আজি তাইৰ মনটো বৰ অস্থিৰ হৈ আছে । তাই বুজা হোৱাৰে পৰা ককায়েকৰ কথাবোৰে কেতিয়াবা তাইক বৰকৈ আমনি কৰে । বহ্নিশিখাই নাভাবে যে ভাৰতৰ দৰে এখন বিশাল ৰাষ্ট্রৰ লগত সামৰিকভাৱে যুঁজি ককায়েকহঁতে অসমক স্বাধীন কৰিব পাৰিব । আবেগত লোৱা সিদ্ধান্ত আছিল সেয়া । অৱশ্যে তাই ককায়েককো দোষ নিদিয়ে । শিক্ষা সমাপ্ত কৰি সি যেতিয়া চাকৰি বিচাৰি চৰকাৰী-বেচৰকাৰী কার্যালয়ৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছিল, তেতিয়া তাৰ কাৰ্যালয়সমূহৰ ফোঁপোলা স্বৰূপটো দেখি যথেষ্ট খং উঠিছিল । বিশ্ববিদ্যালয়ত তাতকৈ বহু গুণেই নিম্ন স্তৰৰ লগৰ ল’ৰাই যেতিয়া দেউতাকহঁতৰ টকাৰ বলত তাক পিছ পেলাই চাকৰি পাবলৈ সক্ষম হৈছিল তেতিয়া তাৰ যথেষ্ট খং উঠিছিল । সেইবোৰ দেখি শুনি সি পিছলৈ চৰকাৰী চাকৰিৰ আশাই বাদ দিছিল । ব্যৱসায়ত হাত দিছিল যদিও তাতো বিফল হয় । অসমৰ বজাৰবোৰত এতিয়া মাথোঁ মাৰোৱাৰীবোৰৰেই আধিপত্য, ইয়াত খিলঞ্জীয়াৰ কোনো স্হান নাই । খং উঠিছিল তাৰ, যথেষ্ট খং উঠিছিল । অসমৰ দৰে প্রাকৃতিক সম্পদত চহকী দেশ এখনৰ পৰা খাৰুৱা তেল, কয়লা, চাহ চুণশিল আদি সম্পদবোৰ ভাৰত চৰকাৰে চুচি-বাচি নিয়াতহে গুৰুত্ব দিয়ে । অসমতো উদ্যোগ স্থাপন কৰি দেশৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ লগতে জাতীয় আয়ো যে বঢ়াব পাৰি, তাৰ প্রতি গুৰুত্ব নিদিয়ে । শাসকীয়পক্ষৰ এই কাৰ্য্যৱলীবোৰৰ প্রতি অতিষ্ঠ হৈয়ে এদিন দিগ্বিজয়ে অসমক ভাৰতৰ পৰা পৃথক এখন সার্বভৌম ৰাষ্ট্রৰূপে গঢ়ি তোলাৰ সংকল্প লৈ সংযুক্ত মুক্তি বাহিনী, অসমৰ সদস্য হৈছিলগৈ । পণ লৈছিল নিজৰ জন্মস্বত্ব স্বতন্ত্ৰ স্বাধিকাৰ বিচাৰি বুকুৰ শোণিতেৰে মাতৃভূমিৰ চৰণ ৰাঙলী কৰিবলৈ ।

পুৰণি কথাবোৰ পৰ্যালোচনা কৰি থাকোঁতে কেতিয়ানো বেলি দুবিল, তাই ধৰিবকে নোৱাৰিলে । আচলতে ককায়েকৰ কথাবোৰে তাইৰ মনটোক কেতিয়াবা বৰ বিদ্ৰোহী কৰি তোলে । সেয়ে মনৰ মাজত থকা, কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা কথাবোৰ তাই কলমৰ মাধ্যমেৰে প্ৰকাশ কৰে । তাই বিশ্বাস কৰে যে “কলমেই বিশ্বৰ শ্ৰেষ্ঠ অস্ত্ৰ” । তাইৰ কলমেৰে নিগৰা প্ৰতিটো জুৰি এদিন এখনি মহাসাগৰলৈ ৰূপান্তৰ হ’ব, তাৰেই প্ৰবল উর্মিমালা হৈ তাই মাটিত দাগ সনা স্লেছক উটুৱাই নিব । পাৰিব তাই সেয়া কৰিব, তাই পাৰিবই লাগিব ।