বিশ্বৰ পৰ্যটন মানচিত্ৰত চৰাইদেউ মৈদাম ক্ষেত্ৰঃ সম্ভাৱনা আৰু সমস্যা
দ্বীপেন বৰুৱা
পৰ্যটন আধুনিক বিশ্বৰ এক গুৰুত্বপূৰ্ণ সামাজিক-অৰ্থনৈতিক প্ৰক্ৰিয়া। ‘পৰ্যটন’ শব্দটো লেটিন ভাষাৰ ‘Tornus’ শব্দৰপৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে এটা স্থানৰ পৰা আন এটা স্থানলৈ ভ্ৰমণ কৰি পুনৰ নিজ স্থানলৈ ঘূৰি অহা। আধুনিক অৰ্থত, পৰ্যটন মানে কেৱল ভ্ৰমণেই নহয়; ই হৈছে শিক্ষা, সংস্কৃতি, অৰ্থনীতি, মানৱ সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় সৌহাৰ্দ্যৰ এক শক্তিশালী মাধ্যম। কোনো ব্যক্তি যেতিয়া বিনোদন, জ্ঞান আহৰণ, ধৰ্মীয় উদ্দেশ্য, স্বাস্থ্য বা সাংস্কৃতিক কাৰণত অস্থায়ীভাৱে নিজৰ বাসস্থান এৰি আন স্থানলৈ যায়, তেতিয়া সেই প্ৰক্ৰিয়াকেই পৰ্যটন বুলি কোৱা হয়। ইউনেস্কো (UNESCO)ৰ মতে, পৰ্যটন হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ঐতিহ্য, সংস্কৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ জৰিয়তে মানৱ সভ্যতাৰ স্থায়িত্ব নিশ্চিত কৰে। এই দৃষ্টিভংগীৰে চালে পৰ্যটন কেৱল ব্যৱসায় নহয়; ই এক সাংস্কৃতিক দায়িত্ব। ঐতিহাসিক স্থাপত্য, ধৰ্মীয় তীৰ্থস্থান, প্ৰাকৃতিক সৌন্দৰ্য আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে ভাৰতবৰ্ষই বিশ্বৰ পৰ্যটন মানচিত্ৰত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰিছে। এই বৃহৎ পৰ্যটন পৰিসৰৰ মাজতে অসমৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ এক অনন্য ঐতিহ্যবাহী সম্পদ হিচাপে পৰিগণিত হৈছে।
চৰাইদেউৰ মৈদাম হৈছে অসমৰ টাই-আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য-ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন৷ আহোম ৰাজ শাসনৰ ছশ বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰি আছে ঐতিহাসিক চৰাইদেউ মৈদামে৷ প্ৰবাদ অনুসৰি টাই-আহোমসকলৰ ভাষাত চে-ৰাই-ডয় (চে-নগৰ, ৰাই-জিলিকা, ডয়-পাহাৰ, অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ) নামৰ ঠাইখণ্ডকে আজি চৰাইদেউ বুলি জনা যায়। ১২১৫ খ্ৰীষ্টাব্দত চীন দেশৰ মাও লুং প্ৰদেশৰ পৰা নিজৰ জন্মভূমি এৰি স্বাধীন ৰাজ্য পতাৰ নিমিত্তে ১২,০০০ সৈনিক, ৩,০০০ ঘোঁৰা, খাম পেং নামৰ এটা দঁতাল হাতী, এজনী মাখুন্দী হাতী, সাঁচিপাতৰ বুৰঞ্জী পুথি, জ্যোতিষ আৰু চিকিত্সা শাস্ত্ৰৰ পুথি, ধৰ্মীয় পুথি, খেতিৰ সঁজুলি, যুদ্ধৰ সঁজুলি আৰু এবিধ খাৰ-বাৰুদৰ হিলৈ সহিতে স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰপীঠত ভৰি দিছিল আৰু সেই ভূখণ্ডক অভিহিত কৰিছিল ম্যুং-ড্যুন-চুন-খাম অৰ্থাৎ সোণোৱালী শস্যৰ দেশ। ইয়াৰ পাছৰ ইতিহাস বিছাৰিলে পোৱা যায় যে স্বৰ্গদেউ চ্যুকাফাই দিহিঙে-দিচাঙে উজাই-ভটিয়াই শেষত ১২৫৩ খ্ৰীষ্টাব্দত নগা পাহাৰৰ পাদদেশৰ চে-ৰাই-ডয়ত ভৰি থ’লে। ইয়াৰ পাছতে আৰম্ভ হ’ল চুতীয়া, কছাৰী, বৰাহী, মৰাণ সহিতে জনগোষ্ঠী আৰু জনসমষ্টিৰে এক সংমিশ্ৰণ, সমাহৰণ আৰু সমন্বয় সংস্কৃতিৰ বৃহত্তৰ আহোম ৰাজ্য গঠন প্ৰক্ৰিয়া।
এক কথাত ক’বলৈ গ’লে চৰাইদেউ আহোম শাসনকালৰ প্ৰথম স্থায়ী ৰাজধানী আছিল আৰু আহোম স্বৰ্গদেউসকলৰ সমাধিস্থলী। ইতিহাসৰ পাতত আহোম সাম্ৰাজ্যৰ বহুকেইখন ৰাজধানী চহৰ উজনি অসমত পোৱা যায় যদিও চৰাইদেউ ইয়াৰ ব্যতিক্ৰম। প্ৰথমজনা স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাই দীৰ্ঘ সময় ধৰি ৰাজধানী পাতি চৰাইদেউক এখন নগৰৰ ৰূপ দিছিল আৰু ইয়াতে ইহলীলা সম্বৰণ কৰিছিল। তেতিয়া তেওঁৰ ডা-ডাঙৰীয়াসকলে দেৱতাৰ মৰ্যাদাৰে চৰাইদেউ পাহাৰত মৈদাম দিয়া প্ৰথাৰ আৰম্ভণি কৰে। টাই ভাষাত মৈদাম শব্দৰ অৰ্থ হৈছে- মৈ মানে শৱ আৰু দাম মানে দেৱতা অৰ্থাৎ দেৱতাৰ মৰ্যাদাৰে মৃতদেহ সমাধিস্থ কৰা। এই শৱদেহ সত্কাৰ পদ্ধতিটো অসমৰ বা ভাৰতৰ কোনো জাতিৰ সৈতে মিল নাই।
একক আৰু অদ্বিতীয় এই মৈদাম সংস্কৃতি আহোমসকলে তেওঁলোকৰ লগতে লৈ আহিছিল। বুৰঞ্জীৰ মতে এই পদ্ধতি প্ৰাচীন গ্ৰীচ আৰু মিছৰীয় সভ্যতাৰ সৈতে মিল আছে। মিছৰীয়সকলৰ পিৰামিডৰ আৰ্হি ইয়াত দেখিবলৈ পোৱা যায়। অৱশ্যে কেৱল মৈদামসমূহেই নহয়, এখন পূৰ্ণাংগ আৰু পৰিকল্পিত চহৰ হিচাপে চৰাইদেউক গঢ় দিয়া আৰু সুকীয়া স্থাপত্য-ভাস্কৰ্যৰে এক সাংস্কৃতিক ঐতিহ্যৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বাবেহে চৰাইদেউ মূলতঃ এখন উল্লেখযোগ্য পৰ্যটনস্থলী বুলি অভিহিত কৰিব পাৰি। এই মৈদামসমূহ কেৱল এক সমাধিস্থলেই নহয়; বৰং ই মধ্যযুগৰ আহোম শাসনকালৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু প্ৰচলিত ধৰ্মীয় ৰীতি-নীতিৰ সাক্ষ্য বহনকাৰী অনন্য স্থাপত্য। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ হিচাপে পৰিচিত এই ক্ষেত্ৰখনত প্ৰায় ৯০টা মৈদাম আছে, যাৰ ভিতৰত ৩০টা ভাৰত চৰকাৰৰ পুৰাতত্ত্ব বিভাগ আৰু অসম ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত হৈ আছে৷ ইয়াৰ উপৰিও চৰাইদেউ মৈদামৰ কাষত বিভিন্ন সৰু-সৰু মৈদাম আছে যিসমূহ ৰজাৰ পৰিয়ালৰ সদস্যৰ সমাধিস্থল বুলি ধাৰণা কৰা হয়৷ চৰাইদেউ বিশেষভাৱে পৰিচিত হৈছে এই ঐতিহাসিক মৈদামসমূহৰ বাবে৷ মৈদামসমূহ সাধাৰণতে মাটিৰ তলত গৃহ আকৃতিৰ কাঠামো আৰু ওপৰত মাটিৰ টিলা হিচাপে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ভিতৰত মৃতদেহৰ লগতে দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী, অলংকাৰ, অস্ত্ৰ-শস্ত্ৰ আদি ৰখা হৈছিল। এই ব্যৱস্থাই আহোমসকলৰ মৃত্যুচিন্তা, আত্মা বিশ্বাস আৰু সামাজিক কাঠামোৰ গভীৰ দৰ্শন প্ৰকাশ কৰে।
চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ঐতিহাসিক, সাংস্কৃতিক আৰু স্থাপত্যমূল্য উপলব্ধি কৰি ভাৰত চৰকাৰে ইয়াক ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলাই আহিছিল। অসম চৰকাৰৰ পুৰাতত্ত্ব সঞ্চালকালয়ৰ বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ তথা বুৰঞ্জীবিদসকলৰ মাজত বিগত কেইবাবছৰো ধৰি অনুষ্ঠিত আলোচনাসমূহত বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ সম্ভাৱনীয়তা অধিক স্পষ্ট হৈ উঠিছিল। এই প্ৰক্ৰিয়াক অধিক গতিশীল ৰূপ দিয়াৰ বাবে পুৰাতত্ববিদ ডঃ কে চি নৌৰিয়ালক অসম চৰকাৰে এগৰাকী বিশেষজ্ঞ হিচাপে নিয়োগ কৰে আৰু তেখেতৰ নেতৃত্বতে চৰাইদেউ মৈদামৰ দছিয়াৰ (dossier) প্ৰস্তুতকৰণকে ধৰি অন্যান্য আনুসংগিক কামসমূহ আগবাঢ়ি গৈছিল। ২০২২ চনৰ ২৬ ছেপ্তেম্বৰত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ বাবে চৰাইদেউ মৈদামৰ খচৰা দছিয়াৰ প্ৰস্ততকৰণৰ কাম সম্পন্ন কৰি ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগ (Archaeological Survey of India)ক দাখিল কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ২০২৩ চনৰ ২১ জানুৱাৰীত চূড়ান্ত দছিয়াৰ ভাৰত চৰকাৰক দাখিল কৰাৰ পাছতেই ২৬ জানুৱাৰীত ভাৰত চৰকাৰে এই দছিয়াৰ ইউনেস্কোলৈ প্ৰেৰণ কৰে। সেই অনুসৰি আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদ (International Council on Monuments and Sites)ৰ প্ৰতিনিধি লিম-চেন-চিয়ান আৰু ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগৰ বিষয়ববীয়াসকলে ২০২৩ চনৰ ৭-৮ অক্টোৱৰত চৰাইদেউ মৈদাম পৰ্যবেক্ষণ কৰে আৰু অৱশেষত সকলো বিচাৰ-বিবেচনাৰ অন্তত ২০২৪ চনৰ ২৬ জুলাইত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কো’ৰ ৪৬ সংখ্যক অধিৱেশনত চৰাইদেউ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি দিয়া হয়। চৰাইদেউ মৈদামক্ষেত্ৰ ভাৰতৰ ৪৩ তম আৰু অসমৰ তৃতীয়টো বিশ্ব ঐতিহ্যক্ষেত্ৰ তথা সাংস্কৃতিক ক্ষেত্ৰত উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো বিশ্ব ঐতিহ্যক্ষেত্ৰ। এই সমগ্ৰ প্ৰক্ৰিয়াটোত স্থানীয় ৰাইজ আৰু দল-সংগঠনসমূহৰ সহযোগ অনস্বীকাৰ্য৷
চৰাইদেউৰ মৈদামে ইউনেস্ক’ৰ স্বীকৃতি পোৱাটো অসমবাসী ৰাইজৰ এটা বহুদিনীয়া সপোন আছিল৷ এই স্বীকৃতি কেৱল অসমৰ বাবে নহয়, সমগ্ৰ ভাৰতৰ বাবে এক গৌৰৱময় মুহূৰ্ত। এই স্বীকৃতিৰ ফলত চৰাইদেউ মৈদামে বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত এক স্বতন্ত্ৰ স্থান অধিকাৰ কৰে। ফলস্বৰূপে, অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক আকৰ্ষণ কৰাৰ এটা নতুন বাট মুকলি হ’ল৷ ই বিশ্ববাসীক আহোম সভ্যতা, অসমৰ ইতিহাস আৰু উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰিছে। চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰ্যটনৰ সম্ভাৱনা বহু দিশত বিস্তৃত৷ ইতিহাসপ্ৰেমী, গৱেষক, শিক্ষার্থী আৰু বিদেশী পৰ্যটকৰ বাবে চৰাইদেউ মৈদামক্ষেত্ৰ এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আহোম সভ্যতাৰ অনন্য ইতিহাস, সমাধি সংস্কৃতি আৰু ৰাজনৈতিক প্ৰণালীৰ অধ্যয়নৰ বাবে ই এক মুক্ত গৱেষণাগাৰ। বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানসমূহে চৰাইদেউ মৈদামক ক্ষেত্ৰ অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত জ্ঞানভিত্তিক পৰ্যটনৰ বিকাশ সম্ভৱ হৈ উঠিব৷ তদুপৰি, পৰ্যটনৰ বিকাশে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে পৰ্যটক গাইড, হোটেল ব্যৱসায়, হস্তশিল্প, পৰিবহণ আদি ক্ষেত্ৰত নতুন নতুন কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে৷ উল্লেখযোগ্য যে, চৰাইদেউ জিলা ঘোষণাৰ পাছৰে পৰা জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ উদ্যোগত চৰাইদেউ মৈদামক্ষেত্ৰত প্ৰতিবছৰে ‘চৰাইদেউ মহোত্সৱ’ নামেৰে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি আহিছে। পৰ্যটনৰ ক্ষেত্ৰত জিলাখনৰ বাবে ই এক গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি গণ্য কৰা হয়।
বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ পৰৱৰ্তী সময়ত চৰাইদেউবাসীৰ ওপৰত এক নতুন দায়িত্ব আহি পৰিছে৷ বুৰঞ্জীৰ পাতত বা কাগজে-পত্ৰই ইমানবোৰ ঐতিহাসিক সমল থকাৰ পাছতো জিলাখনৰ পৰ্যটনৰ দিশটো বহু পৰিমাণে দুৰ্বল হোৱাটো জিলাবাসীৰ বাবে এক পৰিতাপৰ বিষয়। সমলসমূহৰ উপযুক্ত সংৰক্ষণৰ অভাৱ, ইয়াৰ সঠিক চিনাক্তকৰণ আৰু বুৰঞ্জীলদ্ধ তথ্যৰ উপস্থাপনৰ অভাৱতো বহু সময়ত পৰ্যটকে এই সম্পদসমূহক উপেক্ষা কৰিবলগাত পৰিব পাৰে। আকৌ, তুলনামূলকভাৱে সৰু জিলাখনৰ বাট-পথসমূহৰ দুৰৱস্থা, থকা-খোৱাৰ সুব্যৱস্থাৰ অভাৱ আৰু উপযুক্ত যাতায়াত ব্যৱস্থাৰ অভাৱে পৰ্যটকক বিমুখ কৰে। বহু মৈদাম আজিও অবহেলিত হৈ আছে৷ প্ৰাকৃতিক ক্ষয়, অবৈধ দখল আৰু মানৱসৃষ্ট ক্ষতিত ইয়াৰ গঠন নষ্ট হৈছে। অন্যহাতেদি, এখন উন্নত মানদণ্ডৰ পৰ্যটনস্থলী হিচাপে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সাংস্কৃতিক অনুষ্ঠান, সুসজ্জিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ অভাৱ আৰু উপযুক্ত বিনিয়োগকাৰীৰ অভাৱত অঞ্চলটোৱে পৰ্যটনৰ এক মাইলৰ খুঁটি হৈ আজিও ভালদৰে থিয় দিব পৰা নাই।
বিশ্বৰ পৰ্যটন মানচিত্ৰত অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চৰাইদেউ মৈদাম ক্ষেত্ৰত কিছু বাস্তৱমুখী ব্যৱস্থা গ্ৰহণ কৰাটো বৰ্তমান সময়ত অতিকে প্ৰয়োজনীয় হৈ পৰিছে৷ পৰ্যটকৰ বাবে এখন মেপৰ অতি দৰকাৰ, য’ত এজন পৰ্যটকে পথসমূহৰ সৈতে থকাৰ ঠাই আৰু ঐতিহাসিক স্থানসমূহৰ তথ্য লাভ কৰিব পাৰে৷ ৰঙীন ফটোযুক্ত বিৱৰণৰো প্ৰয়োজন আছে৷ এইসমূহ উপস্থাপনৰ মাধ্যম ছপা কিতাপ, পুস্তিকা বা ইন্টাৰনেট যিকোনো হ’ব পাৰে৷ তথ্যহীনতা বা তথ্যৰ অস্পষ্টতা ঐতিহাসিক সমলৰ পৰ্যটনৰ ক্ষেত্ৰত অন্তৰায় হ’ব পাৰে৷ নিৰ্দিষ্ট মৈদামসমূহ থকা ঠাইসমূহত প্ৰকৃতি পৰ্যটন, সাংস্কৃতিক পৰ্যটন, জনগোষ্ঠীয় পৰ্যটন, খাদ্য পৰ্যটন আদিৰ প্ৰচুৰ সম্ভাৱনা আছে৷ এই সকলো কামতে পেচাগত মানসিকতাৰ প্ৰয়োজন৷ মুঠৰ ওপৰত উপযুক্ত সংৰক্ষণ, সচেতনতা, বহনক্ষম পৰ্যটন নীতি আৰু স্থানীয় জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তেহে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃত চৰাইদেউ মৈদামসমূহক ভৱিষ্যতে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ঐতিহ্য পৰ্যটন কেন্দ্ৰ হিচাপে জিলিকাই তুলিব পৰা যাব৷
*তথ্যসূত্ৰঃ-*
(১) *চে-ৰাই-ডয়* , সম্পাদকঃ তুলিকা চেতিয়া য়েইন
(২) *প্ৰান্তিক,* ত্ৰয়শ্চত্বাৰিংশ বছৰ ঊনবিংশ সংখ্যা৷ ১-১৫ ছেপ্টেম্বৰ ২০২৪
(৩) ইন্টাৰনেট
( ঠিকনাঃ জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়, চৰাইদেউ, ফোনঃ ৯৪৩৫৪২৭৩৭৪)
