প্ৰখ্যাত সংগীত শিল্পী সমৰ হাজৰিকা আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- উৰুকাৰ দিনটোতে ৰাজ্যবাসীৰ বাবে দুঃখবৰ। প্ৰখ্যাত সংগীত শিল্পী তথা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাই দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে । পুৱা ৮.৪৫ বজাত গুৱাহাটীৰ নিজৰাপাৰস্থিত নিজা বাসভৱনত ইহসংসাৰ ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ৷ সমৰ হাজৰিকা আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শিল্পী আছিল। অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি তেওঁ বহুকেইখন অসমীয়া চিনেমাত নেপথ্য কণ্ঠশিল্পী হিচাপে কণ্ঠ নিগৰাইছিল। ১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম ‘উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী’ মুক্তি পাইছিল। কেইবাটাও কালজয়ী গীতৰ সৃষ্টি কৰিছিল শিল্পী সমৰ হাজৰিকা। ‘প্ৰথম মৰমে যদি সঁহাৰি নাপায়’ গীতেৰে সমৰ হাজৰিকাই আৰ্জিছিল প্রভূত জনপ্ৰিয়তা। ‘বোৱাৰী’ চিনেমা ‘ই যে ৰণাংগনৰ কাহিনী…’’ গীতটো এতিয়াও শ্ৰোতাৰ-মুখে মুখে। ‘উপপথ’ আৰু ‘প্ৰভাতী পখী’ ইত্যাদি চিনেমাতো কণ্ঠদান কৰিছিল সমৰ হাজৰিকাই।বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগৰ খবৰে ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। সমৰ হাজৰিকাৰ বিয়োগত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আজি উৰুকাৰ দিনটোতে অসমৰ সাংস্কৃতিক জগতৰ প্রসিদ্ধ ব্যক্তিসত্তা, শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰটি পাই মর্মাহত হৈছোঁ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ কনিষ্ঠ ভাতৃ হাজৰিকা ডাঙৰীয়াই অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে খ্যাতি অর্জন কৰিছিল। তেখেতৰ কণ্ঠত প্রাণ পাই উঠা ‘প্ৰথম মৰমে যদি’, ‘ই যে ৰণাংগনৰ কাহিনী’ আদি কালজয়ী জনপ্রিয় গীত আজিও অসমৰ শ্রোতাৰ হৃদয়ত সজীৱ হৈ আছে। তেখেতৰ বিয়োগ আমাৰ বাবে এক বুজাব নোৱৰা ক্ষতি। এই শোকার্ত মুহূর্তত মহান শিল্পীগৰাকী স্বর্গগামী আত্মাৰ চিৰশান্তি কামনাৰ লগতে পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।’’ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সমৰ হাজৰিকাৰ মৃত্যু শোকপ্ৰকাশ কৰিছে। সৰ্বানন্দ সোণোৱালে কয়, ‘‘উৰুকাৰ দিনা পুৱাই যশস্বী কণ্ঠশিল্পী সমৰ হাজৰিকাদেৱৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। হৃদয়স্পৰ্শী কণ্ঠেৰে অগণন শ্ৰোতা-দৰ্শকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই থৈ যোৱা সমৰদাৰ বৰ্ণিল সাংস্কৃতিক অৰিহণা স্মৰণীয় হৈ থাকিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ তৰফৰপৰা সমবেদনা জনালোঁ।’’ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে। এক ফেচবুক পোষ্টযোগে তেওঁ লিখিছে, যশস্বী শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াৰ বিয়োগৰ বাতৰি পাই অত্যন্ত মৰ্মাহত হৈছোঁ। তেখেত আছিল অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, যাৰ কণ্ঠত আছিল সময়, সমাজ আৰু মাটিৰ গভীৰ আত্মিক প্ৰতিধ্বনি। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰদেৱৰ সৈতে একেটি পৰিয়ালত সংগীতৰ পৰিৱেশত ডাঙৰ-দীঘল হ’লেও, সমৰ হাজৰিকাই নিজ গুণ, সাধনা আৰু নিষ্ঠাৰে স্বতন্ত্ৰ শিল্পী-সত্তা প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ গানে অসমীয়া লোকজীৱনৰ সুখ-দুখ, আশা-আকাংক্ষা আৰু সংস্কৃতিৰ গৌৰৱক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ তেওঁৰ সৃষ্টি অসমীয়া সংগীত ভাণ্ডাৰৰ এক অমূল্য সম্পদ। মৃদুভাষী, সৰল আৰু সংস্কৃতিপ্ৰেমী ব্যক্তিত্বৰে সমৰ হাজৰিকা ডাঙৰীয়াই শিল্পীক জীৱনধাৰা হিচাপে গ্ৰহণ কৰিছিল। তেখেত অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল৷ তেখেতৰ প্ৰথম এলবাম “উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী” এটি অনন্য সম্পদ। হাজৰিকাদেৱৰ বিদেহ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে তেখেতৰ শোকস্তব্ধ পৰিয়াল আৰু বন্ধুবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।প্ৰয়াত শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব ।
