ভোগালীত দুখীয়াৰ আৰ্তনাদ – সমুজ্জ্বল ডেকা

Pc Lotpot

অণুগল্প

ভোগালীত দুখীয়াৰ আৰ্তনাদ

সমুজ্জ্বল ডেকা, ৰঙিয়া 
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

অনেক হেঁপাহ বুকুত লৈ শিশুটিয়ে উৰুকাৰ দিনা ৰাতিপুৱা শুই উঠি মাক-দেউতাকক জপিয়াই জপিয়াই আনন্দেৰে ক’লে – মা-দেউতা, “তোমালোকে আজি কিহৰ মাংস আনি বনাবা। ” তেতিয়া দেউতাকে ক’লে – সোণ, “আজি আমাৰ ঘৰত মাংস খাবলৈ মোৰ হাতত পইচা নাই। ” শিশুটিয়ে উওৰ দিলে, “কিয় দেউতা? “… দেউতাকে কিছুসময় মৌন হৈ শোক প্ৰকাশ কৰি ক’লে – “কাৰণ, আমি দুখীয়া যে!! “