ভোগালী বিহু: অসমীয়া জনজীৱনৰ কৃষি উৎসৱ
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
অসমৰ সমাজ জীৱনৰ সাংস্কৃতিক ক্ষেত্ৰৰ এক অপৰিহাৰ্য অংগ হ’ল বিহু। তিনিটা পৰ্বত বিভক্ত এই বিহুসমূহৰ ভিতৰত ভোগালী বিহু বা মাঘ বিহু হ’ল কৃষিভিত্তিক। যি অসমীয়া সমাজৰ সমৃদ্ধি, সমাৰ্থ আৰু সম্প্ৰীতিৰ প্ৰতীক। মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই উৎসৱটোৱে শীতৰ সমাপ্তি আৰু নতুন কৃষি চক্ৰৰ আৰম্ভণিৰ সূচনা দিয়ে। ই এটা সামূহিক আৰু আধ্যাত্মিক অনুষ্ঠান। যাৰ জৰিয়তে অসমীয়া সমাজত একতাৰ এনাজৰী, আত্মীয়তাৰ বন্ধন আৰু মজবুত হয়।ভোগালী বিহু হ’ল অসমীয়া জাতি-জীৱনৰ এক মৌলিক আৰু প্ৰাণবন্ত উৎসৱ। নতুন উৎসাহৰে জীৱন আৰম্ভ কৰাৰ প্ৰতীক ৰূপে এই উৎসৱে অসমৰ সামাজিক-সাংস্কৃতিক জীৱনত এক বহল পৰিসৰৰ স্থান দখল কৰি আছে।
মকৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত ভোগালী বিহু কৃষিৰ ঋতুচক্ৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। এই সময়ত শালি জাতৰ ধান কটাৰ কাম সম্পূৰ্ণ হয়। গতিকে, খেতিয়কৰ ভঁৰাল নতুন চাউল, মাহ-দাইল, তিল-মৰাই আদিৰে পৰিপূৰ্ণ হৈ উঠে। উৎপাদনৰ এই সমৃদ্ধিৰে সৈতে মানুহৰ মনত সৃষ্টি হোৱা আনন্দ-উল্লাস আৰু কৃতজ্ঞতা প্ৰকাশ কৰাটোৱেই ভোগালী বিহুৰ মূল চালিকাশক্তি বুলিও ক’ব পাৰি। নতুন চাউলৰ পৰা তৈয়াৰী বিভিন্ন খাদ্য-পানীয়ই সৈতে উৎসৱৰ সৌন্দৰ্য্য আৰু দ্বিগুণ বঢ়াই তোলে।
ভোগালী বিহুৰ আটাইতকৈ মনোৰম ৰীতি হৈছে মেজিৰ জুই । বিহুৰ আগদিনা যুৱকসকলে গাঁৱৰ বিভিন্ন ঠাই কিংবা পথাৰৰ পৰা বাঁহ, খৰি, শুকান ঘাঁহ , শুকান কলপাত আদিৰে ওখ দম তৈয়াৰ কৰে যাক মেজি বোলা হয়।ইয়াত মাটিৰ হাড়ি, বাঁহৰ চুঙা ইত্যাদিও ৰখা হয়। পিছদিনা এই মেজি জুইৰে দাহন কৰা হয়। প্ৰাচীন কালত ইয়াক বাৰ্ষিক অগ্নি-উপাসনাৰ ৰূপত পালন কৰা হৈছিল বুলি অনুমান কৰা হয়। মেজিৰ জুইৰ চাৰিওকাষে ৰাতি প্ৰহৰত গীত-মাত- নৃত্য আদিৰে এক আনন্দ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।
ভোগালী বিহুৰ আন আকৰ্ষণীয় বিষয় হৈছে আৰু পৰম্পৰা অনুসৰি কৰা বাঁহ,নৰা, খেৰ আদিৰে নিৰ্মাণ কৰা ভেলা ঘৰ য’ত সকলোৱে সমবেত হৈ চুবুৰীয়া, বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনৰ সৈতে একেলগে ভোজনৰ আয়োজন কৰা হয় । এই ভোজত বিভিন্ন প্ৰকাৰৰ মাছ-মাংস, পিঠা-পনা, শাক-পাচলি আদি অন্তৰ্ভুক্ত হয়। এই যৌথভোজে সামাজিক সম্প্ৰীতি আৰু মিলাপ্ৰীতিৰ ভেটি মজবুত কৰে বুলি বিশ্বাস কৰে।
গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে গা ধুৱাই নতুন পঘাৰে নতুনকৈ সজাই এক প্ৰচলিত গীত গায় – ” লাউ খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা” । পুৰণিকালত গৰুৱেই কৃষকৰ মুখ্য সহায়ক আছিল। বৰ্তমান অৱশ্য বিভিন্ন আধুনিক প্ৰযুক্তি বিদ্যাৰে পূৰ্ণ যন্ত্ৰ বজাৰত উপলব্ধ। তথাপিও গৰুৰ প্রতি যি কৃতজ্ঞতাসম্পন্ন মনোভাৱ সেইটো আজিৰ সময়তো অক্ষুণ্ণ আছে । সেই বাবেই আজিৰ সময়তো গৰু বিহু পালন কৰা হয় অসমীয়া সমাজত।
বিহু উপলক্ষে কুস্তি, ম’হ যুঁজ, কণী যুঁজ আদি পৰম্পৰাগত খেল-ধেমালিৰো আয়োজন কৰা হয়। ডেকা-গাভৰুৱে বিহু নাচ-গানত অংশগ্ৰহণ কৰি উৎসৱৰ আনন্দ আৰু দ্বিগুণ বৃদ্ধি কৰে।
ভোগালী বিহু অসমীয়া সমাজৰ বাবে এক গভীৰ সাংস্কৃতিক তাৎপৰ্য বহন কৰে বুলি ক’ব পাৰোঁ।
ইয়ে কৃষি-ভিত্তিক সমাজৰ জীৱন-চক্ৰ আৰু মূল্যবোধক প্ৰতিনিধিত্ব কৰি কৃষিৰ উৎপাদন আৰু ভোগৰ মাজৰ সম্পৰ্কটো এই উৎসৱই উন্মোচিত কৰে। আৰু মেজি দাহন, যৌথভোজ আদিৰ জৰিয়তে সামূহিকতা, সহযোগিতা আৰু সামাজিক মিলনৰ পৰম্পৰাক বলৱৎ কৰাৰ লগতে পৰম্পৰাগত খাদ্য, খেল আৰু ৰীতি-নীতিৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত সাংস্কৃতিক পৰম্পৰাৰ প্ৰতি এক আগ্ৰহ আৰু আকৰ্ষণৰ সেতু গঢ় দিয়ে। আৰু ঋতুচক্ৰৰ সৈতে মানুহৰ সম্পৰ্ক আৰু প্ৰকৃতিৰ প্ৰতি থকা কৃতজ্ঞতা ভাবক প্ৰকাশ কৰে।
বৰ্তমান সময়ত দ্ৰুত গতিত হোৱা নগৰীকৰণৰ প্ৰভাৱতো ভোগালী বিহুৱে অসমীয়া সমাজত নিজৰ অস্তিত্ব অটুট ৰাখিবলৈ সক্ষম হৈছে। গ্ৰাম্য অঞ্চলত ইয়াৰ পৰম্পৰাগত ৰূপ প্ৰায় অপৰিৱৰ্তিতভাৱেই বিদ্যমান। আৰু নগৰ অঞ্চলতো বিভিন্ন সাংস্কৃতিক সংস্থা, শিক্ষানুষ্ঠান আদিয়ে মেজি দাহন, সাংস্কৃতিক অনুষ্ঠান আৰু ভোজৰ আয়োজন কৰি এই পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে। যদিও কিছুমান ৰীতিৰ ৰূপান্তৰ ঘটিছে, কিন্তু উৎসৱৰ মৌলিক ভাৱধাৰা আৰু আনন্দময় পৰিৱেশ আজিও অবিকৃত ৰূপত থকা দেখা যায়।
এক কথাত আমি ক’ব পাৰোঁ যে ভোগালী বিহু হৈছে অসমীয়া জাতীয় জীৱনৰ এক মৰ্মস্পৰ্শী আৰু প্ৰাণৱন্ত প্ৰকাশ। ইয়ে আমাৰ অসমীয়া সমাজৰ কৃষি-নিৰ্ভৰশীল ইতিহাস, প্ৰকৃতি-প্ৰেমিক মনোভাৱ আৰু সামূহিক জীৱন-দৰ্শনক সদায় এক বান্ধোনত বান্ধি ৰখাৰ চেষ্টা কৰে। এই উৎসৱে শীতৰ নিস্তব্ধতা ভাঙি নতুন উৎসাহৰে জীৱন আৰম্ভ কৰাৰ প্ৰেৰণা দিয়ে।বিশ্বৰ সাম্প্ৰতিক পৰিৱেশ সঙ্কটৰ প্ৰসংগত প্ৰকৃতি আৰু কৃষিৰ সৈতে সামঞ্জস্যপূৰ্ণ জীৱন-যাপনৰ যি শিক্ষা ভোগালী বিহুৱে দিয়ে, সেয়াই ইয়াক আধুনিক যুগতো প্ৰাসংগিক হৈ থকাত সহায় কৰিছে।
সেয়েহে, ভোগালী বিহুক আমাৰ অসমীয়া সমাজ জীৱনৰ সাংস্কৃতিক অভিযাত্ৰাৰ মূল স্তম্ভ বুলিও গণ্য কৰা হয়।
