হেঁপাহৰ ভোগালী বিহুটি
কল্যাণী গগৈ(মুনু)
চিলাপথাৰ, ধেমাজি
শীতৰ ঠেঁতুৱৈ লগা জাৰৰ মাজতে
চাওঁতে চাওঁতে আহি পালেহিয়ে দেখোন
হেঁপাহৰ ভোগালী বিহুটি,
ডেকাহঁতে সৌৱা, পথাৰৰ নৰা কাটি
ভেলাঘৰ সাজিছে..
সকলোৰে ঘৰে ঘৰে
ভোগালীক আদৰাৰ যো-জা চলিছে।
গাঁৱৰ সিটো মূৰত শুনিছোঁ
ঢেঁকীৰ গোমগোমনি আৰু
তিৰোতাসকলৰ আড্ডা,
সকলোৱে পুৰিব হেনো
তিল-পিঠা, চুঙা-পিঠা,
লাৰু আৰু কত যে কি ?
গৰু-মʼহৰ দৈ,চিৰা আৰু
সান্দহকে আদি কৰি,
চাৰিওফালে হ’ব
কেৱল ভোগৰ উভৈনদী ।
উৰুকাৰ নিশা,
গাঁৱৰ সৰু বৰ সকলোৱে মিলি
মাছে-মঙহেৰে এসাঁজ ভোজ-ভাত খাব।
বায়ে উৰে নিশা উজাগৰে
পিঠা-পনা পুৰিব আৰু
পিছদিনা পুৱতি নিশাতেই আয়ে উঠি ,
বাৰীৰ বিভিন্ন ফল-মূলৰ গছবোৰত
লাগনি গীত গাই গাই খেৰ বান্ধিব।
ভাইটিয়ে দোকমোকালিতে বিছনা এৰি
গা-পা ধুই উলাহত মেজি জ্বলাব,
পিতায়ে, অগ্নিদেৱতালৈ বুলি
সযোৰে আগবঢ়াই দিব
মাহ-কঢ়াই ,আলু আৰু পিঠা-পনা।
আমিও সকলোৱে মিলি
দাউ-দাউকৈ জ্বলি উঠা
মেজিৰ লেলিহান জুইত জাহ দিম ,
মনৰ কোণত বাহ লোৱা
সমাজৰ অহিতকৰ চিন্তা ভাৱনা ।।
