অসমৰ ভোগালী বিহু আৰু ইয়াৰ প্ৰাসংগিকতা – কল্যাণী গগৈ

Pc My other room- WordPress.com

অসমৰ ভোগালী বিহু আৰু ইয়াৰ প্ৰাসংগিকতা

কল্যাণী গগৈ (মুনু)
চিলাপথাৰ, ধেমাজি 

অসম এখন কৃষি প্ৰধান ৰাজ্য। বছৰৰ বিভিন্ন ঋতুত বেলেগ বেলেগ ধৰণৰ খেতি কৰা হয়। জেঠ-আহাৰ মাহত মাটি চহ কৰি কঠিয়া সিঁচাৰ পৰা আদি কৰি আঘোণ-পুহ মাহত ভঁৰাললৈ শস্য চপোৱালৈকে খেতিয়কসকলে অশেষ কষ্ট কৰিব লগীয়া হয়। আনহাতে প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এই ৰাজ্যখন নৈ-বিল, জান-জুৰি, পৰ্বত-পাহাৰ,জীৱ-জন্তু,চৰাই-চিৰিকটি,গছ-লতিকাৰ লগতে বিভিন্ন উৎসৱ- পাৰ্বণৰ বিচিত্ৰতাৰে এক মনোৰম পৰিৱেশ।

বিহু অসমৰ জাতীয় উৎসৱ। ই অসমীয়াৰ প্ৰাণৰ স্বৰূপ। বিহু হৈছে সমাজৰ বাৰে ৰহণীয়া সংস্কৃতি, যিয়ে সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একতাৰ দোলেৰে বান্ধি ৰাখি সমাজৰ ঐক্য আৰু ভাতৃত্ববোধ বৰ্তাই ৰাখিছে। ই অসমীয়াৰ স্বাভিমান।অসমীয়াৰ প্ৰাণস্বৰূপ বিহুটি ঋতু আৰু কাল সাপেক্ষে তিনি প্ৰকাৰৰ হয়, যেনে- ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। এই বিহুসমূহৰ ভিতৰত মাঘ বিহু বা ভোগালী বিহু এটি অন্যতম। এই বিহু ভোগৰ বিহু, ইয়াৰ মাদকতাই সুকীয়া।

পুহ মাহৰ শেষৰ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা এই বিহু পালন কৰা হয়। আঘোণ মাহত সোণোৱালী ধাননি পথাৰৰ পৰা লখিমীক ঘৰলৈ আদৰণি জনোৱাৰ পিছতে সকলোৰে ভঁৰালঘৰ শস্যৰে ভৰি থাকে। খেতি চপোৱাৰ পিছতে গাঁৱৰ ডেকাসকলে পথাৰত মেজি বা ভেলা ঘৰ সাজিবৰ বাবে নৰা কাটি, খৰি-কাঠ বিচাৰি হেঁপাহৰ ভোগালী বিহুটিক আদৰাৰ প্ৰস্তুতি চলায়। লাহে লাহে দিন বাগৰাৰ লগে লগে গাঁৱৰ জীয়ৰী-বোৱাৰীসকলেও ধান শুকুৱায়। সকলো মহিলাই  পিঠা-পনা, বিভিন্ন লাৰু, জলপান, মিঠাই আদি বনাবৰ বাবে পিঠা খুন্দে। এফালে ডেকাহঁতৰ আনন্দ উল্লাহ আনফালে ঢেঁকীৰ গোমগোমনি আৰু জীয়ৰী বোৱাৰীৰ আড্ডায়ে চাৰিওদিশ মুখৰিত কৰি তোলে।

উৰুকাৰ নিশা ডেকাসকলে আগতেই সাজি উলিওৱা মেজি বা ভেলা ঘৰত গাঁৱৰ সকলোৱে মিলি ভোজ-ভাত খায়। এই নিশা যাৰ ঘৰৰ পৰা যেনেকৈ পাৰি তেনেকৈয়ে হাঁহ, কুকুৰা,আলু,লাই,জাতিলাও আদি চুৰ কৰি আনি ভোজ-ভাত খোৱাৰ পৰম্পৰা আছিল বুলি জনবিশ্বাস আছিল যদিও বৰ্তমানৰ প্ৰেক্ষাপটত এয়া লুপ্ত হৈ যোৱা দেখা যায়। এই নিশা ঘৰৰ মহিলাসকলে বিভিন্ন তৰহৰ পিঠা-পনা,লাডু, সান্দহ, চিৰা আদি নানা ধৰণৰ জলপান প্ৰস্তুত কৰে।

উৰুকাৰ পিছদিনা নিহালি পুৱাতে বিছনা এৰি গা-পা ধুই বাৰীৰ বিভিন্ন ফল-মূলৰ গছবোৰত লাগনি গীত গাই গাই খেৰ বান্ধাটোও কোনো কোনো ঠাইত এক পৰম্পৰা। তাৰ পিছত সকলোৱে মেজি জুইত মাহ-প্ৰসাদ, পিঠা-পনা আগবঢ়াই অগ্নিদেৱতাক সেৱা কৰা হয় আৰু মনৰ কোণত বাহ লোৱা অসূয়া আৰু সমাজৰ লগতে নিজৰ অহিতকৰ চিন্তা ভাৱনাবোৰ ত্যাগ কৰা হয়। কোনো কোনো ঠাইত কন-কন শিশুসকলৰ লগতে সকলোৰে মাজত বিভিন্ন ধৰণৰ যেনে- চকী খেল, কণী যুঁজ, হাঁহ ধৰা আদি খেল -ধেমালিও আয়োজন কৰা হয়। বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে আশীৰ্বাদ দিয়ে।

ভোগালী বিহু অসমীয়া সমাজ জীৱনৰ এক মুখ্য উৎসব। ভোগালী বিহুৱে গঞা ৰাইজে ধান চপোৱাৰ আনন্দ দিয়ে, য’ত ধনী-দুখীয়া সকলোৱে একেলগে ভোজ-ভাত খোৱাৰ পৰা আদি কৰি মেজি জ্বলোৱা, খেল-ধেমালিত অংশগ্ৰহণ কৰি পৰিশ্ৰমৰ অন্তত প্ৰাপ্তিৰ আনন্দ উপভোগ কৰে, যাৰ বাবে এই বিহুৱে অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু সামাজিক ঐক্যক প্রতিনিধিত্ব কৰাৰ লগতে কৃষিভিত্তিক জীৱনশৈলীৰ প্ৰতিফলন ঘটায়। ই সকলো জাতি জনগোষ্ঠীৰ লোকসকলৰ মাজত ভাতৃত্ববোধ জাগ্ৰত কৰি অসমীয়া সমাজ জীৱনক একতাৰ দোলেৰে বান্ধি ৰাখে ।