মেজিৰ জুই – ছেলিমা বেগম

মেজিৰ জুই

ছেলিমা বেগম ,নগাঁও 

নিয়ৰ সৰা ভোগালী বিহুৰ গধূলি
মাঘ মাহৰ অসমৰ ভোগালী
মাঘ বিহু আহিলে
মেজিৰ জুই জ্বলি’ব
অসমীয়া’ৰ গাঁত  তত নাইকিয়া
গাৱঁৰ জীয়ৰী বোৱাৰী সাজু হ’ল
পিঠা গুৰি  খুন্দিবলৈ  পিঠা গুৰি লৈ ৷
মাটি মাহৰ সোৱাদ লবলৈ
মিঠা আলুৰ মিঠাৰে
বৰা চাউলৰ পিঠাৰে ৷
অসমীয়াৰ চোতালত উৰুকা নাচে
ঘৰে ঘৰে সৰে ঢেঁকীৰ মাত
সান্দহ পিঠা ভোগালী বিহুৰ জলপান৷
ভেলা ঘৰৰ মাজতে আইতাহতেঁ নাচে
মেজিৰ জুই জ্বলাই তাপ লৈ বেমাৰ
মুক্ত কৰি ঈশ্বৰৰ আশীৰ্বাদ লয় ।
ককাহঁতে পুৱাতে মাছলৈ যায়
চিতল লৈ আহে ভোগালী বিহুৰ আনন্দত
আনন্দৰে উলাহত নাচে
ভোগালী বিহুৰ এসাঁজ ভাত
লগে ভাগে খাবলৈ ৷