ভোগালীৰ গান
প্ৰভাত বণিয়া
শীতত ঠেটুৱৈ লগা পুৱাতেই নিহালি এৰি থৈ তিয়ালো শৰীৰ
মনবোৰ মুকলি হ’ল
ভাইটীয়ে গাইছে—
আম , জাম,কঠাল ,লেতেকু, পনিয়ল
লাগ্ লাগ্ লাগ্ ঐ লাগনি গীত
আই পিতাইৰ চৰণ সেৱিলোঁ
ভেলা ঘৰ জ্বলালো মনৰ মলি মাকতি সোপাই পুৰিলো, কণি যুঁজ খেলিলো
ভোগৰ উভৈনদী আমাৰ মাঘৰ ভোগালী বিহু
ম’হৰ দৈ, চিৰা,লাৰু,তিল-পিঠা, পিঠা-চুঙা
আৰু সান্দহ গুৰি কি যে মজা
ঘৰে ঘৰে চেনেহা চেনেহী
ঘৰে ঘৰে আমন্ত্ৰণ কিনো চাবা
কিমান খাবা
ৰাতি উৰুকাৰ লগে ভাগে এসাঁজ মাছ মঙহেৰে
জহা চাউলৰ ভাত
পিন্ধনত ধুতি চোলা গোসাঁই ঘৰত
ঈশ্বৰ প্ৰাৰ্থনা ৰাইজৰ গাওঁ সমিতিৰ
বছৰেকীয়া হিচাপ দাখিল আবেলি পথাৰত ধোপ খেল হাউ খেল
মেজি জ্বলাও উলাহত
দাউ দাউকৈ জ্বলি উঠা মেজিৰ লেলিহান জুইত জাহ নিয়াও
মনত বাঁহ লোৱা অসূয়া অহিতকৰ চিন্তা ভাৱনা
আনন্দত মতলীয়া হওঁ
বিহু আমাৰ ভোগালী
বিহু আমাৰ ৰঙালী
বজাৰ আৰু পথাৰ চিৰদিন আমাৰ
আমি খিলঞ্জীয়া জাতি অসমীয়া
মাঘত হ’ব বছৰে বছৰে ভোগৰ বিহু ভোগালী
গাম ভোগালীৰ গান।
