খিৰীকিৰ কাষত মই  – হিয়া তালুকদাৰ

Pc Depositphotos

খিৰীকিৰ কাষত মই 

হিয়া তালুকদাৰ,টিহু 

নিশাটো বৰ নীৰৱ নিস্তদ্ধ বতাহৰ ফলত খিৰীকিখন জপা মেলা কৰি আছে । মোৰ ভয় লাগি গ’ল আৰু মই পঢ়া সামৰিলো। লগে লগে খিৰীকীখন জপাবলৈ গ’লো। খিৰীকিৰ বাহিৰত কুৱলীৰ আৱৰণেৰে ঢাক খাই আছে। হঠাতে— টক… টক… খিৰীকিৰ কাঁষত যেন কিবা এটা শব্দই খিৰীকীখনৰ পিনে শব্দ কৰি আছে । মই ভাবিলোঁ, বতাহৰ কাণ্ড। কিন্তু শব্দটো পুনৰ হ’ল—এইবাৰ মাতটো ওচৰ চাপি আহিছে । বুকুৰ ভিতৰত কিবা এটাই কঁপিবলৈ ধৰিলে। মই সাহস কৰি খিৰীকিৰ পৰ্দাখন অলপ আঁতৰালোঁ। বাহিৰত কোনো নাছিল। কিন্তু… খিৰীকিৰ কাঁষত মোৰ নিজৰ প্ৰতিবিম্বৰ বাহিৰেও আন এটা মুখো দেখা নাপালো। সেই মুখখনে মোৰ পিনে চাই হাহিছিল। মোৰ হাঁহি নহয়—বৰ ঠাণ্ডা, শূন্য হাঁহি। মই পিছলৈ ঘূৰিবলৈ লওঁতেই কাণৰ কাষত এটা ফুচফুচনি— “খিৰীকিৰ কাষত তুমিয়েই মোক মাতিছিলা… এতিয়া মই আহিছোঁ।” খিৰীকিখন নিজে নিজে খুলি গ’ল।
আৰু তাৰ পাছত— খিৰীকিৰ কাষত মই নহয়… মোৰ ঠাইত সেইজন থিয় হৈ আছিল।