সৰিয়হৰ হালধীয়া
ইভা গন্ধীয়া ফুকন
ধূলিয়ৰি বাটেৰে হালধীয়াৰ শোভা
অপলক নেত্ৰে ঠালে ঠেঙুলিৰে পোখাইছে ভাৱাবেগ
সৰিয়হৰ হালধীয়া ৰাগীত
জীৱন সপোনৰ জোঁটনি
অঘৰী নৈবোৰৰ দৰে বিষন্ন
অতীতৰ বালিচৰত নুপুৰৰ দুভৰি
আজিও সঁজাল সঁজাল
বৰ্ণিল সুগন্ধিৰে আমোলমোল স্মৃতি
কুঁৱলীৰ আঁচলত মিছা যুক্তিৰ আধিপত্য
সৰিয়হৰ তলিত মৌ মাখিৰ গুণ গুণনি
ঠেঁটুৱৈ ধৰা জাৰতো
অনুভৱৰ দুৱাৰ খুলি ল’ৰালি বাগৰে
টঙিঘৰত টঙাল চাঁচি চাঁচি বুধোৱা কাই
হীম চেঁচা বতাহত এৰিয়া চাদৰৰ পাক
মুখত হেলেঙী বোৱাই চাধা চুণেৰে তামোলৰ পাগ
সৰিয়হ চপোৱাৰ আনন্দত সপোন হালধীয়া।
