হেঁপাহৰ ভোগালী
যমুনা দুলু বৈশ্য
শুৱালকুছি
অসমীয়াৰ বাপতি-সাহোন মাঘ বিহুটিৰ বাবে
শান দিয়া কাঁচিৰ পৰশত নাচি উঠিছে
আঘোণৰ ধানৰ মুঠিত
লখিমী দাৱনী ,পাহুৱাল ডেকা হঁতৰ
কঁপালৰ ঘাম মাটিত পেলাই
এমুঠি সোণালী ধানৰ থোকবোৰ
পথাৰত উপচি পৰা দেখি
খেতিয়ক ককাইৰ ওঁঠত
হাঁহি বিৰিঙিছে ,ভেলাঘৰ বান্ধিব
মিলাপ্ৰীতিৰ খাব এসাজ ভাত ।
কৃষকৰ আশাৰ সোণালী সোণগুটিৰে ভৰি পৰিছে ,ঘৰচোতালত —
আইজং , কুনকুনি জঁহা,
শালিৰে গোন্ধত আমোলমোল ।
জীয়ৰী ,বোৱাৰীৰ হঁতৰ ব্যস্ততা
ৰজন্জনাইছে ঢেঁকীৰ শব্দ ।
বিধে ,বিধে পিঠা- মিঠৈ ,লাড়ু
গুৰা সান্দহ ,চিৰা আসৈ ,মুড়ী
আইতা ককাহঁতে জুইৰ আখলত বহি
হাঁহৰ মাংস আৰু ৰৌ মাছৰ জুতিৰে
উৰুকাত খাব মিলি ,
হেঁপাহৰ ভোগালীক আনিব আদৰি
দোমাহীৰ দিনা, অগ্নিদেৱতাক জনাব সেৱাটি
সমাজৰ পৰা অসূয়া -অপ শক্তি নাশ কৰিবলৈ—-
ঈশ্বৰৰ চৰণত কৰযোৰে কৰিব স্তুতি,
উখল-মাখল পৰিবেশ দেখিয়ে
বিৰিঙি উঠিছে সকলোৰে
সাফল্যৰ হাঁহি ।
