বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্রীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় দল বিজেপি । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ৰাজ্যিক বিজেপিয়ে। সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী ৷ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰ বিধানসভা সমষ্টিৰ খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৱৰ্তী স্থানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত পদুমৰ ছবি অংকন কৰি দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ লগতে আনুষ্ঠানিকভাৱে প্ৰচাৰ অভিযানৰো শুভাৰম্ভ কৰে। উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত ৰাজ্যিক বিজেপিয়ে গ্রহণ কৰা সিদ্ধান্ত অনুসৰিয়েই সোমবাৰৰ পৰা দেৱাল লিখন কাৰ্যসূচীৰে দলটোৱে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “নিৰ্বাচনৰ বাবে বিজেপি সম্পূৰ্ণৰূপে সাজু হৈছে । আজিৰ পৰা দেৱাল লিখন কাৰ্যসূচী সমগ্ৰ অসমতেই আৰম্ভ হৈছে । আজি সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দেৱাল লিখন কাৰ্য্যসূচী আৰম্ভ কৰিলোঁ । বিজেপিৰ কাৰ্যকৰ্তাই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, মন্ত্ৰী-বিধায়কসকলেও বিভিন্ন স্থানত ভাগ ল’ব এই অভিযানত । দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষে ৱালত লিখাৰ বাবে আগবাঢ়িব বিজেপি ।” তেওঁ লগতে কয়, “গৰাকীৰ অনুমতি লোৱাটোতেই বিজেপিৰ এক প্ৰকাৰে গণসংযোগ স্থাপন আৰু প্ৰচাৰ হ’ব । আমি বিগত দহ বছৰৰ খতিয়ান দাঙি ধৰি দেৱাল লিখনৰ দ্বাৰা ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ । ‘অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা’, ‘বিকশিত অসম, জয় আই অসম’ এনেধৰণৰ কেইবাটাও শ্লোগান লোৱা হৈছে ।”

মুখ্যমন্ত্রী ড° শর্মাই কয়- অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা- এই কাম দল তথা চৰকাৰে কৰিয়ে আছে। এই কথাখিনি দলৰ যি আদর্শ সেয়া প্রতিফলিত হৈছে। একেদৰে বিকশিত অসম, জয় আই অসম- এয়া আমাৰ এক কল্পনা। অসমখনক আমি বিকাশ কৰিম যাতে অসমখন সঁচাকৈয়ে জয় আই অসম বুলি ক’ব পাৰোঁ। তেনেকৈ আমাৰ কেইবাটাও শ্ল’গান আছে। বিজেপিৰ পণ বন্দে মাতৰম- এনেধৰণৰ শ্ল’গানসমূহ আমি দেৱালত অংকন কৰি আমাৰ নিৰ্বাচনী প্ৰচাৰ আগুৱাই নিয়া হ’ব। মুখ্যমন্ত্রী ড° শর্মাই এই অনুষ্ঠানতে স্পষ্ট কৰে যে নিৰ্বাচনত বিজেপিৰ কোনো বিশেষ লক্ষ্য নাই, ৰাইজৰ আশীর্বাদেই আমাৰ মূল লক্ষ্য। ৰাইজে যিমান আশীর্বাদ দিব, তাতেই আমি সন্তুষ্ট। আমাৰ চৰকাৰখন হ’লেই হ’ল। খানাপাৰাত দেৱাল লিখনিৰে নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰা মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত উপস্থিত হৈ সভাপতি দিলীপ শইকীয়াৰ সৈতে দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মঙলদৈত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ সকলো চহৰ, জিলা আৰু সম-জিলাৰ সদৰ কেন্দ্ৰ, প্ৰতিটো বিধানসভা সমষ্টিকে ধৰি সকলো অঞ্চল সামৰি দেৱাল লিখন কার্যক্রম আজিৰে পৰা দলীয় কার্যকর্তাসকলে আৰম্ভ কৰিছে। দলৰ সকলো মন্ত্রী-বিধায়ক, সাংসদকে ধৰি বুথ পর্যায়লৈকে বিভিন্ন দায়িত্বত থকা সকলো কার্যকর্তাই এই কাৰ্যক্ৰমত সমগ্ৰ ৰাজ্যতে সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম পর্যায়ত দেৱাল লিখনৰ বাবে বাছনি কৰা শ্ল’গানসমূহ হৈছে বিজেপি আমাক কিয় লাগে- সভ্যতা-সংস্কৃতি আৰু সুৰক্ষাৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ, বিজেপি আমাক কিয় লাগে-আমাৰ মাটি, আমাৰ অধিকাৰৰ বাবে, বিজেপি আমাক কিয় লাগে- মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ, বিজেপি আমাক কিয় লাগে- মেধাৰ ভিত্তিত স্বচ্ছ নিযুক্তিৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ, বিজেপি আমাক কিয় লাগে- বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে- আকৌ এবাৰ বিজেপি চৰকাৰ।
