ডিব্ৰুগড়ত সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ শিল্পীদিৱস উদযাপনৰ প্ৰস্তুতি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ হিয়াৰ আমঠু শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৬ সংখ্যক স্মৃতি দিৱস ‘শিল্পী দিৱস’ ৰূপে উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতি আৰু মহাবাহু সংগীত একাডেমীয়ে যৌথ ভাৱে। সাংস্কৃতিক মহাসভা, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চন্দনজ্যোতি কলিতা, জিলা সভাপতি প্ৰমোদ দত্ত আৰু মহাবাহু সংগীত একাডেমীৰ অধ্যক্ষা দিপীকা গগৈয়ে জানিব দিয়া অনুসৰি ডিব্ৰুগড়ৰ মোহনাঘাটত ১৭ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া “শিল্পী দিৱস”ৰ কাৰ্যসূচীত শিল্পীক সম্বৰ্দ্ধনাৰ লগতে ৰূপকোঁৱৰৰ কবিতাৰ আবৃত্তি, গীত-নৃত্যৰে উদযাপন কৰিব বিচৰা হৈছে। বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত ৰূপকোঁৱৰৰ গীতৰ প্ৰাসঙ্গিতাৰ ওপৰত আলোচনা কৰাৰ লগতে জ্যোতি সংগীতক নৱ প্ৰজন্মৰ ওচৰলৈ নিয়াৰ বাবে কৰণীয় সম্পৰ্কতো বিস্তৃত আলোচনাৰ কৰা হব। সাংস্কৃতিক মহাসভা অসমৰ ডিব্ৰুগড় জিলা সমিতি আৰু মহাবাহু সংগীত একাডেমীয়ে শিল্পী দিৱস উদযাপনৰ দিনটোত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।
