চাংসাৰিত ১,৫৩৪ ছাত্র-ছাত্রীক বৃত্তি প্রদান মুখ্যমন্ত্ৰীৰ

চাংসাৰিত ১,৫৩৪ ছাত্র-ছাত্রীক বৃত্তি প্রদান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়কৰ উদ্যোগত কামৰূপ জিলাৰ চাংসাৰিৰ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত অবিভক্ত জালুকবাৰী বিধানসভা সমষ্টিৰ বেজেৰা উন্নয়ন খণ্ড আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ ২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হোৱা ১,৫৩৪গৰাকী মেধাৱী ছাত্ৰ-ছাত্রীক সম্বর্ধনা জ্ঞাপন কৰে।  সম্বৰ্ধনা আৰু বৃত্তি প্রদান অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড°  শর্মাই কয় যে পৃথিৱীৰ পৰিৱৰ্তনৰ লগে লগে আমি নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব। ভৱিষ্যৎ পৃথিৱীৰ বাবে এতিয়াৰ ছাত্র-ছাত্রীসকলে আধুনিক যুগৰ প্ৰজন্ম হিচাপে নিজকে সাজু কৰিব লাগিব। পৰিৱৰ্তনক প্রত্যাহ্বান হিচাপে লৈ ছাত্র-ছাত্রীসকল আগবাঢ়ি যাব লাগিব।

উল্লেখ্য যে ২০০১ চনত জালুকবাৰী সমষ্টিৰ বিধায়ক হোৱাৰ পিছত ড° হিমন্ত বিশ্ব শর্মাই ২০০২ চনৰ পৰা সমষ্টিটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ পৰম্পৰা আৰম্ভ কৰা হৈছিল। আজি এই পৰম্পৰাই ২৪ বছৰ অতিক্ৰম কৰিলে। আৰম্ভণিতে এই সংখ্যা আছিল মাথোঁ ২৮৮জন। আজি ২,০১৬জনলৈ বৃদ্ধি হৈছে। পৰিৱৰ্তন প্রসংগত তেওঁ আৰু কয় যে জাপানত এতিয়া মানুহৰ গড় আয়ুস ১০০ বছৰ। ইয়াৰ মূল মন্ত্র হৈছে প্রদূষণমুক্ত পৰিৱেশ। বৰ্তমানৰ ৫ জি, ১০ জি হ’লে আমেৰিকাৰ পৰাই চিকিৎসকে গুৱাহাটীত ৰোগীৰ চিকিৎসা কৰিব পাৰিব। আমি আজি ৰূপকথাৰ দৰে পৰিৱৰ্তন সুলভ জগতত আছোঁ। এই পৰিৱৰ্তনক লৈ ছাত্র-ছাত্রীসকল সজাগ থাকিব লাগিব। আজি যেনেদৰে ড্ৰাইভাৰ নোহোৱাকৈ গাড়ী চলিছে, ১০-১৫ বছৰ পিছত হয়তো চিকিৎসক নোহোৱাকৈ চিকিৎসালয় আৰু শিক্ষক নোহোৱাকৈ শ্রেণীকোঠাত পাঠদান চলিব। গতিকে পৃথিৱীৰ পৰিৱৰ্তনৰ লগে লগে আমি নিজক প্ৰস্তুত কৰি ৰাখিব লাগিব।

আনহাতে মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সমষ্টিটোৰ উত্তৰ গুৱাহাটীৰ ৰংমহলত অহা ১১ জানুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিপূজন কৰা হ’ব বুলি অৱগত কৰি লগতে কয় যে চলিত মাহতে অসমলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহ আহিব। আনহাতে সাক্ষাৎকাৰত প্ৰাক্ নির্বাচনী সমীক্ষাক লৈও অসন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্রী শৰ্মাই গৌৰৱ গগৈক কটাক্ষ কৰি কয় যে গৌৰৱ গগৈ হৈছে ৰাজপৰিয়ালৰ মানুহ।

ৰাজপৰিয়ালৰ মানুহে মোক সমালোচনা কৰিলে অহংকাৰ হ’ব বুলি ভয় লাগে। আনহাতে জালুকবাৰী সমষ্টি বিভক্ত হোৱাৰ পিছতো আজি বেজেৰা আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্র-ছাত্রীক তেওঁ বিধায়ক হৈ থকা পর্যন্ত সম্বর্ধনা জনাই যাব বুলিও প্রতিশ্রুতি দিয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহধর্মিণী ৰিণিকি ভূঞা শর্মা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্র, বিজেপিৰ জিলা সভাপতি ভাস্কৰজ্যোতি কলিতাসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।