ডিমৰীয়াৰ ২৪,৭৬৭ মহিলালৈ উদ্যমিতাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

ডিমৰীয়াৰ ২৪,৭৬৭ মহিলালৈ উদ্যমিতাৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ (মহানগৰ) জিলাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪,৭৬৭ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। ইয়াৰে ২০,৫৮৯গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ৪,১৭৮গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ। ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৬৫টা বিধানসভা সমষ্টিৰ ১৪,৯৮,৮৮১ গৰাকী মহিলাৰ মাজত উদ্যমিতা পুঁজি বিতৰণ কৰা হয়। এই উপলক্ষে পানীখাইতী ৰাজহুৱা ক্ষেত্রত আয়োজিত এক বিশাল জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ দিছপুৰ সমষ্টিক দ্বি-বিভক্ত কৰি নতুনকৈ গঠিত ডিমৰীয়া সমষ্টিত আজি মহিলা উদ্যমিতাৰ চেক বিতৰণৰ বাবে এই সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ জৰিয়তে কামৰূপ (মহানগৰ) জিলাত মহিলা উদ্যমিতাৰ চেক বিতৰণ প্ৰায় সম্পূৰ্ণ হৈছে। মহিলাসকলৰ সন্মান বৃদ্ধিৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ বত্ৰিছ লাখ মহিলাই দহ হাজাৰ টকাকৈ সৰ্বমুঠ ৩,২০০ কোটি টকা লাভ কৰিব।

ৰাজ্যৰ মহিলাসকলৰ উন্নয়নৰ বাবে পূর্বে কোনো চৰকাৰে ইমান বৃহৎ অংকৰ পুঁজি বিনিয়োগ কৰা নাছিল। মহিলাসকলে দহ হাজাৰ টকা লাভ কৰাৰ পাছত অহা ২০ ফেব্ৰুৱাৰীত অৰুণোদয়ৰ হিতাধিকাৰী মহিলাসকলে পুনৰ আঠ হাজাৰ টকাকৈ লাভ কৰিব। মহিলা উদ্যমিতা অভিযানৰ ৩,২০০ কোটি আৰু ফেব্ৰুৱাৰী মাহৰ অৰুণোদয়ৰ ৩,২০০ কোটিকে ধৰি এই সময়ছোৱাত ৰাজ্য চৰকাৰে মহিলাসকলৰ কল্যাণৰ বাবে প্রায় ৬,৪০০ কোটি টকা ব্যয় কৰিব। পূৰ্বৰ চৰকাৰৰ লুঙী-ধুতী-সূতা-কম্বলৰ ৰাজনীতিৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনক অৰুণোদয়, মহিলা উদ্যমিতা আদি জনকল্যাণমূলক আঁচনিৰ দিশলৈ লৈ গ’ল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ সস্তীয়া প্রলোভনভিত্তিক আঁচনিৰ পৰা বৰ্তমানৰ ৰাজ্য চৰকাৰে যুৱক-যুৱতীক মেধাৰ ভিত্তিত নিযুক্তি প্রদান, নিযুত মইনা আদিৰ দৰে আঁচনিৰ দিশলৈ লৈ গ’ল। আজি বিতৰণ কৰা এই দহ হাজাৰ টকাৰ পুঁজি মহিলা উদ্যমিতা অভিযানৰ মাথোঁ প্রথম কিস্তিৰ ধনহে। যিসকল মহিলাই এই ধনৰ সদ্ব্যৱহাৰ কৰিব, তেওঁলোকক ভৱিষ্যতে লাখপতি বাইদেউ হিচাপে গঢ় দিয়াৰ বাবে চৰকাৰে সহায় কৰি যাব। ডিমৰীয়া সমষ্টিৰ চৌব্বিছ হাজাৰোধিক মহিলাৰ প্ৰতিগৰাকীকে লাখপতি বাইদেউ হিচাপে গঢ় দিয়াই চৰকাৰৰ লক্ষ্য।   মহিলাসকলৰ ইচ্ছা, উদ্যম আৰু মনোবল থাকিলে আৰু চৰকাৰেও উপযুক্ত সহায় আগবঢ়ালে প্ৰতিগৰাকী মহিলাই বছৰি এক লাখতকৈ অধিক টকা উপাৰ্জন কৰি লাখপতি বাইদেউ হ’ব নোৱাৰাৰ কোনো মানে নাই বুলি মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে। তেওঁ কয় যে ঘৰ এখন ভালকৈ চলিবলৈ, সন্তানৰ উপযুক্ত শিক্ষা-দীক্ষাৰ বাবে পুৰুষৰ সমানেই ঘৰৰ গৃহিণীগৰাকীৰো উপাৰ্জনৰ হাবিয়াস থাকিব লাগিব। প্রতিমাহৰ দহ তাৰিখে মহিলাসকলৰ একাউণ্টত সোমোৱা অৰুণোদয় আঁচনিৰ ১,২৫০ টকাই এতিয়া তেওঁলোকক সেই সাহস আৰু সুযোগ প্রদান কৰিছে।

অৰুণোদয় আঁচনিৰ এই ১,২৫০ টকা এতিয়া ৰাজ্যৰ প্ৰায়বোৰ পৰিয়ালৰে মাহিলি বাজেটত অন্তর্ভুক্ত হৈছে। চৰকাৰে মাথোঁ দহ হাজাৰ টকা প্রদান কৰিয়েই নিজৰ দায়িত্ব সামৰিব খোজা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে চৰকাৰে তিনিটা কিস্তিত দহ হাজাৰ, পঁচিছ হাজাৰ আৰু পঞ্চাছ হাজাৰ টকাকৈ সৰ্বমুঠ পঁচাশী হাজাৰ টকা প্ৰতিগৰাকী উদ্যমী মহিলাক দিব বিচাৰিছিল, কিন্তু তাৰ বাবে মহিলাসকলে তেওঁলোকৰ পূৰ্বৰ কিস্তিৰ ধনসমূহৰ উপযুক্ত ব্যৱহাৰ কৰিব লাগিব। ৰাজ্যৰ মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি যোৱাৰ বাবে আগ্রহ আছে, কিন্তু পূৰ্বৰ চৰকাৰসমূহৰ দিনত তেওঁলোকে তাৰ বাবে উপযুক্ত পৰিৱেশ আৰু সুযোগ লাভ কৰা নাছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ ৩২ লাখ মহিলাক আত্মনিৰ্ভৰশীলতাৰ বাবে এক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে। মহিলা উদ্যমিতা আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অৱগত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ক্ৰমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভকৰিব। উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিব বুলি তেওঁ সদৰী কৰে।

বৰ্তমানৰ ৰাজ্য চৰকাৰে বিভিন্ন জনকল্যাণমূলক আঁচনিৰে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰা সহজ কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই অৰুণোদয়, বিনামূলীয়া চাউল, ৰন্ধন গেছৰ ৰাজসাহায্য, বিনামূলীয়া নামভর্তি, নিযুত মইনা আদি আঁচনিৰ কথা উল্লেখ কৰে। এই মাহৰ পৰা ৰেচন কার্ড থকা হিতাধিকাৰীসকলে দাইল, চেনি আৰু নিমখ এই তিনিওবিধ সামগ্রী মাথোঁ এশ টকাতে লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে অহা বিধানসভা নির্বাচনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে দাইল, চেনি আৰু নিমখ সম্পূর্ণ বিনামূলীয়া কৰা হ’ব। নিযুত মইনা আঁচনিৰ আর্হিত ছাত্ৰসকলৰ উচ্চ শিক্ষাৰ খৰচৰ বাবেও চৰকাৰে এই মাহৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিত ৰূপায়িত বিভিন্ন বিকাশমূলক পদক্ষেপৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে সমষ্টিটোত সর্বমুঠ ৩৯,৩৫০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীক সামৰি লোৱাৰ বাবে সমষ্টিটোৰ অতিৰিক্ত ১,০০০গৰাকী হিতাধিকাৰীলৈ অৰুণোদয় প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ১,৪৪৮ গৰাকী ছাত্ৰী উপকৃত হৈছে। নিজৰ ভাষণত তেওঁ আয়ুষ্মান ভাৰত জনআৰোগ্য যোজনা, প্রধানমন্ত্রী কিষাণ সম্মান নিধি আদি কল্যাণমূলক পদক্ষেপৰ কথাও উল্লেখ কৰে। বৰ্তমানৰ চৰকাৰে অসমক এক নতুন পর্যায়লৈ লৈ গৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এইখন চৰকাৰে এটাও মিছা প্রতিশ্রুতি দিয়া নাই, যি কৈছে তাক আখৰে আখৰে কাৰ্যত ৰূপায়িত কৰিছে। আজিৰ এই সভাত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্রী মিতালী কলিতা, অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ তপন দাস, এএফডিচিএলৰ উপাধ্যক্ষ নৱাৰণ মেধি, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, জিলা আয়ুক্ত সুমিত সত্তাৱন, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্রকাশ ফুকন প্রমুখ্যে উচ্চপদস্থ বিষয়াবর্গ আৰু গণ্য-মান্য ব্যক্তিসকল আৰু আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।