নৱবৰ্ষ এটি নতুন অধ্যায় – সমুজ্জ্বল ডেকা

Pc Tripadvisor

নৱবৰ্ষ এটি নতুন অধ্যায় 

সমুজ্জ্বল ডেকা, ৰঙিয়া 
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়

উচ্চশিক্ষা লাভৰ বাবে প্ৰকাশ নামৰ ল’ৰাজনে হোষ্টেলত থাকে। প্ৰকাশে এদিন লগৰ বন্ধু এজনক ফোন কৰি ক’লে  – “হেল্ল’ বন্ধু, তোমাৰ ঘৰলৈ অহাবছৰ যাই আছোঁ।” তেতিয়া লগৰ বন্ধুজনে ক’লে-  “বন্ধু, তুমি কাইলৈ আহি যোৱা। অহাবছৰলৈ আৰু কিয় পলম কৰি আহিব লাগে?”

প্ৰকাশে তেতিয়া হাঁহি হাঁহি উওৰ দিলে- “বন্ধু, মই কালিলৈ যোৱাৰ কথাটোকে তোমাক কৈছোঁ। কাৰণ আজি ৩১ ডিচেম্বৰ আৰু কাইলৈ ১ জানুৱাৰী। যিহেতু ১২বজাৰ লগে লগে একে ৰাতিৰ ভিতৰতে অন্য এক নতুন বছৰ পাম।” বন্ধুজনে প্ৰকাশৰ কথাত আচৰিত হৈ ভাবি থাকোঁতে ৰাতিপুৱাল আৰু জীৱন নামৰ কিতাপখনৰ এটি নতুন অধ্যায় মেল খালে।